গাওঁৰ ল'ৰাৰ কাব্য - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, September 30, 2023

গাওঁৰ ল'ৰাৰ কাব্য

 


গাওঁৰ ল'ৰাৰ কাব্য


                                   অংকুৰণ আৰ্ফ


গাওঁৰ ল'ৰাই গুলীৰ দৰে দৌৰিবই লাগিব

দৌৰি দৌৰি তোমালোকে আকাশৰ পৰা নমাই আনি

সূৰ্যক মাটিত স্থাপন কৰিবই লাগিব

কাৰণ,

মাটিয়েই আমাৰ মান 

মাটিয়েই  আমাৰ গান

কেতিয়াও ৰৈ যাব নিদিবা

 তোমালোকৰ লক্ষ্যমুখী অভিযান।


গাওঁৰ ল'ৰাই গুলীৰ দৰে দৌৰিবই লাগিব

গাওঁৰ ল'ৰাই নাহৰফুটুকী বাঘৰ দৰে দৌৰি দৌৰি

থপিয়াই ধৰিবই লাগিব সফলতাৰ সোণৰ হৰিণ।


গাওঁৰ ল'ৰা মুৰৰ ঘাম মাটিত পেলাই

দ্ৰুতবেগী যুজাৰু ঘোঁৰাৰ দৰে দৌৰিবই লাগিব

আৰু দৌৰি দৌৰি জিকিবই লাগিব জীৱনৰ প্ৰকৃত সংগ্ৰাম।


গাওঁৰ ল'ৰাই দৌৰি দৌৰি পিন্ধিবই লাগিব

ফৌজৰ ধুনীয়া হেঁপাহৰ পোছাক

কাৰণ, সেই পোছাকতে আছে সিহঁতৰ সপোনৰ 

সুখৰ জোনাক।


গাওঁৰ ল'ৰাই দৌৰিবই লাগিব

দৌৰতেই আছে সিহঁতৰ সন্মান

দৌৰতেই আছে সিহঁতৰ জীৱনৰ জয়গান

দৌৰতেই আছে সিহঁতৰ স্বপ্নৰ সঁচা স্বৰ্ণস্থান


গাওঁৰ ল'ৰাই গুলীৰ দৰে দৌৰিবই লাগিব

দৌৰি দৌৰি চুব লাগিব সফলতাৰ

হিমালয়ৰ সূৰ্য শিখৰ।


নহ'লে কোনোদিনে সিহঁতৰ জীৱনত নুফুলিব

সুখৰ সূৰ্যমুখী।


নহ'লে সদায় সন্ধিয়া উঁৱলি যোৱা

বাঁহৰ বেৰৰ জলঙাৰে কেৱল জ্বলি উঠিব

কেৰাচিনৰ টিপচাকি।


নহ'লে প্ৰতিদিনে হ'ব শোকৰ যন্ত্ৰনাময়

উজাগৰী দীঘল ৰাতি


নহ'লে আইৰ পিতাইৰ চকুৰ 

আনে নেদেখা কোণত চিৰকালে ওলমি থাকিব

অবুজন দুখৰ চকুপানী।


সেয়ে গাওঁ ল'ৰাই গুলীৰ বেগেৰে দৌৰিবই লাগিব

নাহৰফুটুকী বাঘৰ জাপেৰে জপিয়াবই লাগিব

ঈগলৰ দৰে উৰিবই লাগিব


কাৰণ, গাওঁৰ মাটিৰে মজবুত ডেকা ল'ৰাৰ গাত 

সাতটা হাতীৰ বল।

এই সাহস শকতি আৰু বিশ্বাসেৰে তোমালোকে

আঁজুৰি আনিবই লাগিব সফলতাৰ সুন্দৰ ফল....


ফোনঃ ৮৬৩৮০৭৪২৭৮


Doksiri দকচিৰি, অক্টোবৰ, ২০২৩

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages