গৰমৰ আৰ্তনাদ
চিন্ময় ডেকা
জলাহ টংলা, ওদালগুৰি
সূৰূযৰ প্ৰসৰ কিৰণে
মানৱৰ সামাজিক জন-জীৱন
ব্যাঘাট জন্মাই,
সৰ্ব-শৰীৰ ঘামে তিতি
বোৱাই নিয়ে জুৰিটিলৈ,
অতিমাত্ৰা দিনক-দিনে গৰম বাঢ়িছে।
তথাপি মানুহবোৰ
বৰ নিষ্ঠুৰ;
গৰম সহ্য কৰিব নোৱাৰি বেছিকৈ এচি কিনিছে!
গৰমৰ প্ৰকোপত
তাহানিৰ দৰে গছৰ তলত বহা বাদেই দিছে,
মানুহবোৰৰ পৰিবৰ্তন হ'ল
আধুনিকতাৰ পৰশত
খোৱা পানী বোৰ কিনি খোৱাৰ
এটি ফেচন আহি পৰিল।
পিয়াহত বটলৰ পানী কিনিছে,
আৰু জধে-মধে দলিয়াইছে!
কি হ'ব ধৰিছে সমাজখন।
প্ৰশ্ন হয়?
আজিৰ মানুহ বোৰ ধনী হৈছে,
গাড়ী কিনিছে, আকৌ এচি চলাইছে!
মুঠতে, স্বাৰ্থকেন্দ্ৰীক পৃথিৱীত
মানুহ বোৰে কেৱল মাত্র বৰ্তমানৰ কথাহে ভাৱিছে।
হয়টো এয়াই সত্য,
এয়াই ধৰা বৰ্তী ৰাখি সমাজ কৰিব'হি প্ৰভূত্ব বিস্তাৰ।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৩


No comments:
Post a Comment