আপুনি যি কথা কাহানিও নকয়.....
গায়ত্ৰী দেৱী বৰঠাকুৰ
তেজপুৰ, শোণিতপুৰ
আপুনি যেতিয়া
আপোনা-আপুনি একোকে নকয়
বুজি পাওঁ
চকোৱা ধান বোৰে
ৰ'দৰ মুখ
দেখিও নেদেখিলে বুলি
জুই আৰু বালিৰ খেলত
ফট্ফট্ কৈ নুফুলিলে
হিয়াফুল এপাহি
আপুনি যেতিয়া কয়,
"কোন দেশৰ, কাৰ পখিলা তুমি!"
বুজি পাওঁ
চিনি পাইছে পৰিচয়ৰ ৰঙ সানি
ডুব গৈ থকা
দূৰ দেশৰ মেঘ ভালপোৱা চৰাইজনী
আপুনি যেতিয়া কয়,
"ৰ'দ কেৱল সূৰ্যৰে
বাপোটি সাহোন নহয়…"
বুজি পাওঁ
জোনাকী পৰুৱাক
ফৰিং-ফুটা জোনাকৰ ঠিকনা বিলাইছে বুলি....
Doksiri দকচিৰি, অক্টোবৰ, ২০২৩


No comments:
Post a Comment