ত্ৰিকাল
ববী দত্ত
টীয়ক
চিন্তাবোৰ পাগুলি পাগুলি
উলটিব বিচাৰিও হঠাতে উলটিব পৰা নাযায় খণ্ড পুচ্ছ অতীতলৈ
মুদি থকা চকুহাল আৰু মগজুৰ খেচখেচনিত অস্তিত্বৰ বাহিৰত এতিয়া পৰিত্যক্ত অতীত।
গতনিয়া খোজবোৰ স্থিৰ হোৱাৰ পৰত
চিৎহৈ পৰি আছে সন্মুখত পানীত থাকি পিয়াহত মৰা সময়,
গঁতাতে বাট লোৱা অৱৰ্তমানৰ কথাবোৰৰ ওজনেই সবাতোকৈ বেছি বুলি জনাৰ পাছত
স্থায়িত্বৰ জোখাৰে কামবোৰ কৰিযোৱা হয়
ঘঁহনি খোৱা শিলৰ পিঠিত
আঁচোৰৰ গভীৰতাৰ দৰেই।
"নাই ৰঙা মাটি নাই গুৱাহাটী"
ভৰিৰ তলত সোণৰ বিছনা।
ভৱিষ্যতৰ চিন্তা আৰু সপোন বোৰে চুৰী পিন্ধি চুৰ্তি হেৰুৱাওঁতেই চুলিৰ আগে জীউ যায় ।
কথাবোৰ যদি বতাহৰ দৰে হয়
তেন্তে চিন্তাবোৰ?
চিন্তাবোৰ কৰ্মৰ দৰে হলেই
সোণালী অতীতক টামচিং বৰশীৰে টানি আনি দকদকীয়া বৰ্তমানক জাগ্ৰত কৰি নিৰতিশয় ভৱিষ্যতৰ পাখি পিন্ধাব পাৰি দৃঢ়তাৰে।
আহাঁচোন আমি উৰি যাওঁ একেখন আকাশৰ তলত
নাই বুলিলেও হাতীৰ পেটত সাত কলহ পানী থাকে হেনো।
আমাৰ বাবে একলহেই যথেষ্ট ভাগ বতৰা কৰি লবৰ বাবে।


No comments:
Post a Comment