অনুভৱ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, September 30, 2023

অনুভৱ

 


অনুভৱ


                 জুৰি গোস্বামী শৰ্মা

                পাঠশালা, বৰপেটা


আশাবোৰ যেতিয়া পানীত ডুবে

পিয়াহ এটাই ডিঙিত চেপি ধৰে

উশাহটো লৈ যেন টনা-আজোৰা

এজাক শীতল সমীৰণে স্পৰ্শী যায়

মন আকাশৰ জোন বেলি তৰা মেঘ

কঁপাই থৈ যায় সেউজীয়া বননি

লহৰ তোলে মনত সাগৰ গভীৰ

উত্তাল জলতৰংগত হৃদয় ভেদি

ওলাই আহে এক জীৱন জীয়াৰ

অস্ফুট গুমগুমনি।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৩

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages