যেন বিনা মেঘে বজ্ৰপাত
খগেন পেগু
আজি প্ৰায় পঞ্চাছ বছৰৰ পিছত যেন হঠাতে হ'ল বিনা মেঘে বজ্ৰপাত! সিদিনা ১১ ছেপ্তেম্বৰ, ২০২৩ ৰ দিনা অসম বিধানসভাৰ চলিত অধিৱেশনত কাৰ্বি আংলঙৰ মাননীয় বিধায়ক বিদ্যাসিং ইংলেং ডাঙৰীয়াই কাৰ্বি ভাষাক সংবিধানৰ অষ্টম অনুসূচীত কিয় অন্তৰ্ভূক্ত কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰোঁতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই সদনত স্পষ্টকৈ জনায় যে “অষ্টম অনুসূচীত ৰোমান লিপি স্বীকৃত নহয়; সেয়ে কাৰ্বি ভাষাৰ লিপি সংস্কৃত, হিন্দী ভাষাৰ দৰে দেৱনাগেৰী বা অন্য আৰ্যমূলীয় ভাষাৰ লিপি হ'ব লাগিব৷"
গতিকে মুখ্যমন্ত্ৰীৰ প্ৰত্যোত্তৰৰ পৰা সেই কথা স্পষ্ট যে তেওঁ কোৱা কথাটো যদি সত্য হয় তেনেহ'লে কাৰ্বি ভাষাৰ লগতে মিচিং ভাষাও সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভূক্ত হ'ব নোৱাৰিব৷ কিয়নো কাৰ্বি ভাষাৰ দৰে মিচিং ভাষাও ৰোমান লিপিৰ দ্বাৰা লিখিত৷
উল্লেখযোগ্য, কাৰ্বিসকলৰ ভাষা Médium of instruction, অৰ্থাৎ শিক্ষাৰ মাধ্যম হ'ল৷ এতিয়া Associate official language(সহযোগী কাৰ্যালয় ভাষা) আৰু Eight Schedule (অষ্টম অনুসূচী)ত সোমাবলৈ যাওঁতেহে জেংখন লাগিল৷
সিফালে আমাৰ মিচিং ভাষাৰ একো এটা নহওঁতেই আকৌ ডাঙৰ জেংখন লাগিল৷ প্ৰায় 50 বছৰ পিছলৈ ঘূৰি যাবগৈ লাগিব৷ বহুত বেয়া লগা কথা হ'ল!
1972 চনত মিচিং আগম কৗবাং (Mising Agom Kébang) গঠন কৰা হৈছিল, মিচিং ভাষাটোক এটা লিখিত ৰূপ দি ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে৷ কিয়নো লিখিত ৰূপত চৰ্চা নকৰিলে মৌখিকভাৱে চলি অহা কথিত ভাষা এটা চিৰদিন জীয়াই নাথাকিবও পাৰে; অৰ্থাৎ এটা সময়ত বিলুপ্তিৰ গৰাহত পৰিব পাৰে৷ পিছে লিখিত ৰূপত চৰ্চা কৰিবলৈ মিচিং ভাষাৰ নাছিল নিজা লিপি৷ সেয়ে অসমীয়া আৰু ৰোমান লিপিৰে সুদীৰ্ঘ আঠবছৰ কাল পৰীক্ষামূলকভাৱে (Experimental basisত) লিখি চোৱা হ'ল৷ অৱশেষত দেখা গ'ল, অসমীয়া লিপিত লিখিলে যুক্তাক্ষৰৰ সমস্যা আছে; কিন্তু ৰোমান লিপিত তেনেধৰণৰ সমস্যা নহয়৷ সেয়ে 1980-81 বৰ্ষত Modified Roman Script, অৰ্থাৎ সংশোধিত ৰোমান লিপিকে মিচিং ভাষাৰ লিপি হিচাপে গ্ৰহণ কৰি মিচিং ভাষাটোক স্বীকৃতি দিবৰ বাবে চৰকাৰৰ ওচৰত দাবী জনোৱা হ'ল৷ ৰোমন লিপিৰে স্বীকৃতি দিয়াত বিলম্ব ঘটালেও 1985 চনৰ 30 অক্টোবৰত তদানীন্তন কংগ্ৰেছ চৰকাৰে মিচিং ভাষাক স্বীকৃতি প্ৰদান কৰে৷ তাৰ পিছত Mising Language Accord, অৰ্থাৎ মিচিং ভাষা-চুক্তি সম্পাদন কৰি 1986-87 শিক্ষাবৰ্ষৰ পৰা মিচিং ভাষাৰ পাঠ্যক্ৰম আৰম্ভ কৰা হয়৷ সেইমতে মিচিং অধ্যুষিত অঞ্চলৰ প্ৰাথমিক বিদ্যালয়সমূহৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত Subject Language, অৰ্থাৎ ভাষা-বিষয় হিচাপে মিচিং ভাষাৰ পাঠদান 230 জন ভাষা-শিক্ষকৰ নিযুক্তিৰে চলি আছিল৷
আজি প্ৰায় 2010 চনৰ পৰা মিচিং ভাষাক Medium of instruction, অৰ্থাৎ শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি দিবলৈ মিচিং আগম কৗবাঙে চৰকাৰৰ ওচৰত দাবী জনাই আহিছে৷ পিছে আজিকোপতি চৰকাৰে সেই বিষয়ত সদিচ্ছা প্ৰকাশ কৰা নাই৷ সেই লৈ মিচিং আগম কৌবাঙে আন্দোলন আৰু প্ৰতিবাদেৰে সৈতে তেওঁলোকৰ দাবী সাব্যস্ত কৰি আহিব লাগিছিল যদিও কাৰ্যক্ষেত্ৰত তেনে কৰা দেখা নগ'ল৷
ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে NEP, 2020, অৰ্থাৎ ৰাষ্ট্ৰীয় শিক্ষানীতি, 2020 ঘোষণা কৰি ক'লেযে এতিয়াৰ পৰা দেশৰ সৰু-বৰ সকলো মাতৃভাষা পঞ্চমমান শ্ৰেণীলৈকে শিক্ষাৰ মাধ্যম হ'ব৷ অৰ্থাৎ এতিয়াৰ পৰা সৰু ল'ৰা-ছোৱালীয়ে তেওঁলোকৰ মাতৃভাষাৰ যোগেদি প্ৰাথমিক শিক্ষা লাভ কৰিব৷ এনেহেন সময়তে মিচিং সমাজৰ জনপ্ৰতিনিধি এজন অসমৰ শিক্ষামন্ত্ৰী হ'ল৷ মিচিং সমাজে তেওঁৰ পৰা বহুত কিবাকিবি হ'ব বুলি ভাবিছিল যদিও তেওঁ সকলোৰে আশাত একপ্ৰকাৰ চেঁচাপানী ঢালিলে৷ সিফালে আলি আঃয়ে লৃগাঙৰ চৰকাৰী বন্ধ নাইকীয়া হ'ল, ষষ্ঠ অনুসূচীৰো সম্ভাৱনা নোহোৱা হ'ল আৰু মিচিং ভাষা শিক্ষাৰ মাধ্যম হোৱাটো দূৰৰে কথা, আগৰ পৰা ভাষা-বিষয়(Subject Language) হিচাপে চলি অহাৰ কথাটোও একপ্ৰকাৰ ছেদেলি ভেদেলি হ'ল৷
ঠিক এনেহেন সময়তেই যেন বিনা মেঘে বজ্ৰপাত হ'ল৷ যদি ৰোমান লিপিৰে লিখিলে শিক্ষাৰ মাধ্যম হ'ব নোৱাৰে আৰু সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভূক্ত হ'ব নোৱাৰে, তেনেহ'লে ভাৰতীয় আৰ্যমূলীয় ভাষা সংস্কৃত, হিন্দী আদিৰ লিপি দেৱনাগৰী, অথবা অসমীয়া, বাংলা আদি ভাষাৰ লিপি গ্ৰহণ কৰাৰ কথা চিন্তা কৰাৰ বাদে আৰু গত্যন্তৰ নাথাকিব৷ কাৰণ মিচিং ভাষাৰ দৰে ক্ষুদ্ৰ ভাষাবোৰ চৰকাৰী পৃষ্ঠপোষকতা নহ'লে এটা ভাষা হিচাপে জীয়াই থকাটো বৰ কঠিন হ'ব৷ সেয়ে আমি ভাৰতীয় আৰ্যমূলৰ কোনোবা এটা লিপি গ্ৰহণ কৰাটো নিতান্তই প্ৰয়োজন হ'ব৷ তেতিয়া যোৱা পঞ্চাছ বছৰে কৰা আমাৰ অতখিনি পৰিশ্ৰম ঠিক অথলে নগ'লেও একপ্ৰকাৰৰ বুৰঞ্জী হৈ ৰ'ব৷
অৱশ্যে এই সকলোবোৰ কৰাৰ আগতে মিচিং আগম কৗবাঙে বিষয়টো ভালকৈ চালি-জাৰি চাই পৰ্যালোচনা কৰক৷ ভাষা একোটা অষ্টম অনুসূচীৰ অন্তৰ্ভূক্ত কৰাৰ ক্ষেত্ৰত ভাৰতীয় সংবিধানে কি কথা কৈছে তাক পুঙ্খানপুঙ্খ আলোচনা কৰি লোৱাটো ভাল৷ তাৰ অৰ্থ হ'ল, অষ্টম অনুসূচীত অন্তৰ্ভুক্তিৰ বাবে ভাষাটোৰ লিপি ৰোমান হোৱাত কিবা বাধা-নিষেধ আছেনেকি? হয়তো আইনজ্ঞ এগৰাকীয়ে কৈছে, সংবিধানৰ অনুচ্ছেদ 343 পৰা 351লৈ ভালকৈ চাওক৷
প্ৰশ্ন হয়, যদিহে বাধা-নিষেধ আছিলেই তেনেহ'লে আগৰ চৰকাৰে কিয় ৰোমান লিপিৰে মিচিং ভাষাক স্বীকৃতি দিলে? তাকো আজি প্ৰায় পঞ্চাশ বছৰে চলিবলৈ দিয়াৰ পিছত ৰোমান লিপিৰে অষ্টম অনুসূচীত অন্তৰ্ভুক্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ আগবঢ়াই নিদিওঁ বুলি কোৱাটো কেনেকুৱা কথা? হয়তো ইয়াত ৰাজনীতি আৰু কূটনৈতিক ছাল সোমাই আছে৷ চৰকাৰৰ সদিচ্ছাৰ অভাৱো হ'ব পাৰে৷ হয়তো এনেকৈয়ে অৱদমনত আগলৈয়ো ৰাখিব বিচাৰিছে৷

No comments:
Post a Comment