মানপত্ৰ
মূল ৰচনা-সত্যজিৎ ৰায় (১৯৮৩)
ভাষান্তৰ - ডাঃ মৃদুপৱন শইকীয়া
নেমকেয়াৰ হাস্পতাল, গুৱাহাটী
শতদল ক্লাবৰ ছেক্ৰেটেৰি প্ৰণৱেশ দত্তৰ আকস্মিক আৰু বিস্ফোৰক ঘোষণাটোত উপস্থিত সদস্যসকলৰ প্ৰায় একমিনিটমান সময় একো মুখৰ মাত নোলাল ৷
এইখন আছিল নতুন বছৰৰ আগে আগে হোৱা এক জৰুৰীকালীন সভা ৷ প্ৰণৱেশে হঠাতে কিয় এই সভা পাতিলবলগীয়া হ’ল সেই বিষয়ে কাকো একো জনোৱা নাছিল ৷ তেওঁ জাননীখনত মাথোঁ এটা কথাই উল্লেখ কৰিছিল যে ক্লাবৰ সকলো সদস্য সভাখনত উপস্থিত থাকিব লাগিব কাৰণ এটা অতি জৰুৰী বিষয় আলোচনা কৰিবলগীয়া আছে ৷
জয়ন্ত সৰকাৰে প্ৰথম মাত লগালে,
'আপুনি সঁচাই কৈছেনে?'
'আপোনাৰ যদি বিশ্বাস হোৱা নাই তেনেহ’লে এই চিঠিখন চাওঁকচোন ৷' প্ৰণৱেশে ক’লে, 'এয়া সমৰ কুমাৰে নিজে চহী কৰা চিঠি ৷ ইয়াতকৈ বেছি আৰু মই কি ক’ব পাৰোঁ?'
ক্লাবৰ আটাইকেইজন সদস্যই চিঠিখন এবাৰকৈ পঢ়ি চালে ৷
নাই, কোনো সন্দেহ নাই ৷ চিঠিখনত সমৰ কুমাৰে সঁচাকৈয়ে চহী কৰিছে ৷ আৰু নিঃসন্দেহে এইটো সমৰ কুমাৰৰেই চহী কাৰণ চলচ্চিত্ৰ আলোচনীৰ যহত সমৰ কুমাৰৰ সেই বিখ্যাত চহীটো চিনি নোপোৱা মানুহ হয়তো খুব কমেই ওলাব— বিশেষকৈ তেওঁৰ হ্ৰস্ব-উ কাৰটোৰ দীঘলীয়া পাকটো ৷
'তেওঁ কিবা কাৰণ উল্লেখ কৰিছে নেকি?' নৰেন গুইনে সুধিলে ৷
'শ্বুটিং,' প্ৰণৱেশে ক’লে, 'কালিম্পুঙত আউটডৰ শ্বুটিং আছে, তেওঁ হঠাতে যাবলগীয়া হ’ল ৷ তেওঁ অতিকৈ দুঃখিত বুলি জনাইছে।'
'আচৰিত!' শান্তনু ৰক্ষিতে আৱেগিক হৈ ক’লে, 'কেনেকৈ এক মুহূৰ্ততে আহিম বুলি কোৱা মানুহজন পিছ মুহূৰ্তত নহা হ’ব পাৰে?'
নৰেন গুইনে ক’লে, 'মই আগতেই কৈছিলোঁ, চিত্ৰতাৰকাৰ লগত এইবোৰ কাম নকৰিবলৈ ৷ তেওঁলোক হৈছে কথা দি কথা নৰখা মানুহ ৷'
'কেনে এক দুৰ্গতি!' জয়ন্তই নাটকীয় ভঙ্গীত কপালৰ ঘাম মচি ক’লে ৷
'এতিয়া কিবা বেলেগ ব্যৱস্থা কৰিবপৰা যাবনে?' চুনীলাল সান্যালে প্ৰশ্ন কৰিলে ৷ চুনীলালে স্থানীয় বিবেকানন্দ প্ৰতিস্থানত সাহিত্য পঢ়ায় ৷
'ইমান কম সময়ৰ ভিতৰত কি বেলেগ ব্যৱস্থা কৰিব, চুনীদা,' প্ৰণৱেশে সুধিলে ৷ 'তদুপৰি মই ইতিমধ্যে কেইবাঠাইতো সুধামেলা কৰিছোঁ, কিন্ত ক’তো একো হৈ উঠাগৈ নাই ৷ কলিকতাত থকা নিমুলৈ দুবাৰ ট্ৰাঙ্ককল কৰিছোঁ; সুধিছোঁ, কিবা কৰিব পৰা যায় নেকি- গায়কেই হওক, চিত্ৰকৰ বা নৃত্যশিল্পীয়েই হওক ৷ ইমানখিনি প্ৰচাৰ কৰাৰ পিছত আমাৰ অনুস্থানটো হ’বই লাগিব ৷ কিন্ত নিমু্ৱে কৈছে তেনেকৈ ইমান কম সময়ৰ ভিতৰত কোনো শিল্পী পোৱা নাযাব ৷ কলিকতাত সেই দিনাখনেই সাতখন সম্বৰ্ধনা অনুস্থান আছে ৷ নামজ্বলা শিল্পীসকলৰ বেছিভাগেই সেইদিনা ব্যস্ত থাকিব ৷ পল্টু বেনাৰ্জীক সেইদিনা দুখন সভাত সম্বৰ্দ্ধনা জনোৱা হ’ব ৷ কলিকতাতেই হ’লে একেদিনাই দুখন সভাত উপস্থিত থাকিব পৰা যায় ৷ কিন্ত আমাৰ দৰে দুৰৰ ঠাই হ’লে নোৱাৰি ৷ শ্যামল সোম, ৰজত মান্না, হৰবিলাস গুপ্তা, দেৱৰাজ সাহা প্ৰতিজনেই সেইদিনা কোনো নহয় কোনো ক্লাবৰ সম্বৰ্দ্ধনা অনুস্থানত ব্যস্ত থাকিব ৷'
'মানপত্ৰখন যে ছপা কৰা হৈছে,' ক্লাবৰ আটাইতকৈ বয়োজ্যেষ্ঠ সদস্য ইন্দ্ৰনাথ ৰয়ে ক’লে, 'সেইখন যিকোনো ব্যক্তিৰ কাৰণে কেনেকৈ ব্যৱহাৰ কৰিব? মানে মই ক’ব খুজিছোঁ যে সমৰ কুমাৰৰ কাৰণে ছপা কৰা মানপত্ৰ বেলেগ কাৰোবাক কেনেকৈ দিব?'
'মানপত্ৰখন আপুনি দেখিছেনে, ইন্দ্ৰ দা?'
'নাই দেখা ৷'
'আপুনি চালেই ধৰিব পাৰিব ৷ মানপত্ৰখনৰ ক’তো একো নাম উল্লেখ কৰা হোৱা নাই ৷ মাথোঁ "হে আদৰণীয় শিল্পী" বুলিহে লিখা আছে ৷ গতিকে মানপত্ৰখন যিকোনো ব্যক্তিৰ কাৰণে ব্যৱহাৰ কৰিব পৰা যাব ৷'
'মই মানপত্ৰখন চাব পাৰিম নেকি?'
প্ৰণৱেশে টেবুলৰ দ্ৰয়াৰৰপৰা এখন নুৰিয়াই থোৱা কাগজ উলিয়ালে ৷
'মনতোষে হাতেৰে এইখন লিখি উলিয়াওতে এসপ্তাহ লাগিল ৷ লিখা কথাখিনিৰ ভাষা অৱশ্যে চুনীদাৰ ৷'
চুনীলালে কোঠাটোত নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ লাহেকৈ কাহ এটা মাৰিলে ৷
'আচৰিত কথা, এই কথাখিনি মোৰ কৰবাত শুনা যেন লাগিছে ৷' ইন্দ্ৰনাথে নুৰা কাগজখন মেলি ধৰি অলপ সময় চালে আৰু তাৰপিছত ভ্ৰুকুটি কোঁচাই চুনীলালৰ ফালে চালে ৷
'আপুনি নিশ্চয় শুনিছে,' চুনীলালে ক’লে ৷ 'ছাৰ জগদীশ চন্দ্ৰ বসুৱে এবাৰ এটা সম্বৰ্দ্ধনা অনুস্থানত ৰবীন্দ্ৰনাথ ঠাকুৰৰ সন্মানাৰ্থে দিয়া ভাষণৰ প্ৰথম বাক্যটো আছিল এইটো ৷ আচলতে এইটো এটা উদ্ধৃতিহে ৷ গোটেই ভাষণটোৰ ৰচনা আছিল বঙ্কিমচন্দ্ৰৰ ৷'
'আৰু সেইটো তুমি ছিধাছিধিকৈ উঠাই আনিলা ৷'
'এইটো মাত্ৰ এটা উদ্ধৃতিহে, ইন্দ্ৰদা ৷ ইয়াত কোনেও আপত্তি নকৰে কাৰণ ই এটা বিখ্যাত উক্তি ৷ তদুপৰি এই উদ্ধৃতিটোৱে মানপত্ৰখনৰ এটা সুন্দৰ পাতনি দিছে ।'
'মানপত্ৰখনত এনেকুৱা আৰু কিমান উদ্ধৃতি আছে?'
'এইটোৱেই একমাত্ৰ, বাকী গোটেইখিনি লেখা মোৰ নিজৰ ৷'
ইন্দ্ৰনাথে মানপত্ৰৰ নুৰাটো টেবুলত থৈ দীঘলকৈ হামি এটা মাৰিলে আৰু ক’লে, 'এতিয়া তেনেহলে আমি ইয়াৰ পিছত কি কৰিব লাগিব ৷'
অক্ষয় বাগ্চী প্ৰায় পঞ্চাশ বছৰ বয়সীয়া- গহীন, গম্ভীৰ আৰু কম কথা কোৱা লোক ৷ তেওঁ এতিয়া ছিগাৰেট এটা জ্বলালে আৰু ক’লে, 'যদিহে আপোনালোকে কোনো বিখ্যাত শিল্পীক সম্বৰ্দ্ধনা জনোৱাৰ পৰিকল্পনাটো বাদ দিয়ে তেনেহলে মই এনে এজন শিল্পীৰ নাম প্ৰস্তাৱ কৰিব পাৰোঁ যি তুলনামূলকভাৱে সিমান নামজ্বলা নহয় ; কিন্ত যিহেতু আমি অনুস্থানটো সম্পন্ন কৰিবই লাগিব, সেয়েহে মই ভাবোঁ আমি তেওঁৰ নামটোৰ বিষয়ে চিন্তাচৰ্চা কৰিব পাৰোঁ ৷'
'হয়, এইটো সঁচা যে আমি সদায়েই খ্যাতনামা শিল্পীকহে যে পাম তেনে নহয় ৷ কিন্ত লগতে এইটোও সঁচা যে আমি যাকেতাকে ৰাস্তাৰপৰা মাতি আনি সম্বৰ্দ্ধনা জনাব নোৱাৰোঁ ৷ আমি নিমন্ত্ৰণ কৰিবলগীয়া ব্যক্তিজনে নিজৰ শিল্পৰ ক্ষেত্ৰখনত এক উল্লেখযোগ্য বৰঙনি আগবঢ়োৱা হ’ব লাগিব ৷'
'হয় ৷' অক্ষয় বাগ্চীয়ে ক’লে, 'মই যাৰ কথা কৈছোঁ তেওঁৰ এনে বৰঙনি আছে ৷'
'আপুনি কাৰ কথা ক’ব খুজিছে?' প্ৰণৱেশে অলপ অধৈৰ্য্য হৈ সুধিলে ৷
'হৰলাল চক্ৰৱৰ্তী ৷'
নামটো শুনাৰ পিছত অলপমান সময় ক্লাবৰ সকলো নীৰৱ হৈ ৰ’ল ৷ সঁচাকৈয়ে এই নামটো এটা পৰিচিত নাম নহয় ৷ অলপ সময় পিছতহে ইন্দ্ৰনাথ ৰায় চকু দুটা সৰু কৰি সুধিলে, 'হৰলাল চক্ৰৱৰ্তী, মানে আৰ্টিষ্টজনৰ কথা কৈছা?'
'হয় ৷' অক্ষয় বাগ্চীয়ে মুৰ দুপিয়ালে ৷ 'আমি সৰু হৈ থাকোঁতে তেওঁ অঙ্কন কৰা ছবিবোৰ প্ৰায়েই সাধুকথাৰ কিতাপবোৰত দেখিছিলোঁ ৷ সেইবোৰৰ বেছিভাগেই পৌৰাণিক সাধুকথাৰ আছিল আৰু খুবেই জনপ্ৰিয় আছিল ৷ তেওঁ শিশু আলোচনীৰ কাৰণেও ছবি আঁকিছিল ৷ মই ভাবোঁ তেলীৰ মুৰত তেল দিয়াতকৈ এনে এজন আৰ্টিষ্টক সম্বৰ্দ্ধনা জনোৱাটো বেছি ভাল কথা হ’ব ৷'
'কথাটো বেয়া নহ’ব, অক্ষয় ৷' ইন্দ্ৰনাথে ভালদৰে চকীখনত বহি ল’লে, 'মই অক্ষয়ৰ প্ৰস্তাৱটো সমৰ্থন কৰিছোঁ ৷ মই এতিয়াহে ভালকৈ তেওঁ অঁকা ছবিবোৰ মনত পেলাব পাৰিছোঁ । আমাৰ ঘৰত থকা "মহাভাৰত"খনৰ ছবিবোৰ চক্ৰৱৰ্তীয়েই আঁকিছিল ৷'
'তেওঁৰ কামবোৰ সঁচাকৈয়ে ভাল আছিলনে?' জয়ন্ত সৰকাৰে সুধিলে, 'মানে মই ক’ব খুজিছোঁ যে আমি এই আৰ্টিষ্টজনৰ সন্মানাৰ্থে যে এক অভ্যৰ্থনা অনুস্থানৰ আয়োজন কৰিম তাৰকাৰণে তেওঁ যোগ্য ব্যক্তি হ’বনে?'
এইবাৰ নৰেন গুঁইয়ে মাত লগালে, 'ঠিকেই, মোৰ এতিয়া মনত পৰিছে ৷ আমাৰ ঘৰত এখন "হাতিমতাই" আছিল আৰু ছবিবোৰৰ তলত এইচ চক্ৰৱৰ্তী চহীটো আছিল ৷ মনত পৰিছে ৷'
'ছবিবোৰ সঁচাকৈয়ে ভাল আছিলনে?' জয়ন্তই প্ৰশ্ন কৰিলে ৷
'সাধাৰণ আৰ্টিষ্টতকৈ তেওঁৰ কামবোৰ অলপ ওখখাপৰ আছিল ৷' এইবুলি কৈ নৰেন কোঠাটোৰপৰা ওলাই গ’ল ৷ বয়োজ্যেষ্ঠ সদস্যসকলৰ পৰা আঁৰ লৈ তেওঁ বাহিৰত ছিগাৰেটটো জ্বলাই দুহুঁপমান মাৰি আহিবগৈ ৷
'আচলতে তেওঁ অঁকা ছবিবোৰ কিমান ভাল বা বেয়া সেইটো আমি বিচাৰ কৰিবলগীয়া কথা নহয় ৷ আচল কথাটো হ’ল তেওঁ ইমান বছৰ ধৰি এক কলাৰ সাধনাত ব্ৰতী হৈ আছে আৰু তেওঁৰ কামৰ চাহিদা আছে কাৰণেহে তেওঁ ইমান বছৰ এই কামটো কৰি থাকিব পাৰিছে ৷ গতিকে নিশ্চয়কৈ তেওঁৰ এক জনপ্ৰিয়তা থাকিবই লাগিব ৷ কিন্ত অক্ষয়ে কোৱামতে "ৰিকগনিছন" বা তেওঁৰ প্ৰাপ্য সন্মান হয়তো এতিয়ালৈকে পোৱা নাই ৷ আমাৰ শতদল ক্লাবে এই সন্মান তেওঁক এতিয়া দিব লাগিব ৷'
'আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল,' অক্ষয় বাগ্চীয়ে ক’লে, 'তেওঁ এই চহৰতে থাকে ৷ তেওঁক বিচাৰি কলিকতাত হাবাথুৰি খোৱাৰো দৰকাৰ নাই ৷'
'হে ভগৱান!' প্ৰণৱেশে ক’লে, 'তেওঁ যে ইয়াতে থাকে সেইটোতো মই জনাই নাছিলোঁ ৷'
গোটেই পৰিকল্পনাটো সকলোৰে ইমান ভাল লাগিল যে প্ৰত্যেকেই ওপৰাউপৰিকৈ কথা ক’বলৈ লোৱাত ক্লাবঘৰটোত এটা মৃদু গুঞ্জন সৃষ্টি হ’ল ৷
'কিন্ত তেওঁ থাকে কোনখিনিত?' প্ৰণৱেশে অক্ষয় বাগ্চীক প্ৰশ্ন কৰিলে ৷
'মই ঠাইখিনি চিনি পাওঁ ৷' বাগ্চীয়ে ক’লে, 'আপুনি যদি কুমাৰপাৰাৰ ৰেলৱে ক্ৰছিং পাৰ হৈ বাওঁফাললৈ ঘুৰে তেনেহলে ডা° মন্মথৰ ঘৰটো পাব ৷ ডা° মন্মথে এবাৰ মোক কৈছিল যে হৰলাল চক্ৰৱৰ্তী তেওঁৰ প্ৰতিবেশী ৷'
'তুমি হৰলালক নিজে চিনি পোৱানে?'
'মই এবাৰহে মুখাৰ্জীৰ ঘৰত তেওঁক লগ পাইছিলোঁ, তাকো অলপ সময়ৰ কাৰণেহে ৷ মোৰ ধাৰণা তেওঁ মুখাৰ্জী পৰিয়ালৰ কাৰণে কিবা ছবি আঁকিবলৈ আহিছিল ৷'
'কিন্ত...'প্ৰণৱেশে অলপ ইতস্ততঃভাৱে সুধিলে ৷
'কিন্ত কি...?'
'নহয়, মানে মই ক’ব খুজিছোঁ তেওঁ যদি আমাৰ প্ৰস্তাৱটো গ্ৰহণ কৰে তেনেহ’লে তেওঁৰ নামটো ৰাজহুৱাভাৱে ঘোষণা কৰিব লাগিব ৷'
'অ’, নিশ্চয়কৈ লাগিব ৷ তাতে কি হ’ল?'
'যদি কোনেও তেওঁৰ নাম শুনা নাই, তেতিয়া?'
'তেতিয়া সকলোৰে মনত মানুহজনৰ বিষয়ে এক আগ্ৰহ আৰু উৎকণ্ঠা থাকিব ৷ সেইটো চাবলৈ গ’লে ভাল কথাহে হ’ব ৷ তুমি সেই সৰু কথাটো লৈ চিন্তা কৰিছা নেকি?'
'হয় ৷'
'মিছাতে চিন্তা কৰিব নালাগে ৷ কেৱল তেওঁৰ নামৰ আগত "প্ৰখ্যাত প্ৰবীণ চিত্ৰশিল্পী" শব্দ কেইটা লিখি দিবা ৷ কোনোবাই যদি তেওঁৰ নাম শুনাও নাই আমাৰ এই অনুস্থানটোৰ জৰিয়তে তেওঁক জনাৰ এটা সুযোগ পাব ৷ আৰু আওপকীয়াকৈ আমাৰ ক্লাবৰ সেইটোৱেই জানো উদ্দেশ্য নহয়?'
'হয় ৷ পাহৰণিৰ গৰ্ভৰপৰা এজন প্ৰকৃত শিল্পীক উদ্ধাৰ কৰি অনা; ৰেচকিউইং ফ্ৰম অব্লিভিয়ন ৷' জয়ন্তই ক’লে ৷
সকলোৱে এই পৰিকল্পনাটোত সন্মতি প্ৰকাশ কৰিলে ৷ ক্লাবৰ সদস্যসকলৰ হিৰাই যাবলৈ লোৱা উৎসাহ পুনৰ ঘূৰি আহিল ৷ যিয়েই নহওক কিয় এনে এটা পদক্ষেপে ক্লাবটোৰ মৰ্যাদা আৰু বঢ়াবহে ৷ আচলতে তেওঁলোকৰ এই বছৰেকীয়া এই সম্বৰ্দ্ধনাটো কেৱল মাথোঁ এটা অনুস্থানেই নহয়; সমাজৰ প্ৰতি দায়বদ্ধ হৈ থকাটোও ইয়াৰ এটা মূখ্য উদ্দেশ্য ৷ ভৱিষ্যতলৈ শতদল ক্লাবৰ এটা লক্ষ্য হ’ব পাহৰণিৰ গৰ্ভত হেৰাই যোৱা প্ৰৱীণ শিল্পীসকলক আকৌ ৰাইজৰ মাজলৈ লৈ আনা ৷
অৱশেষত এইটো থিৰাং কৰা হ’ল যে অক্ষয় বাগ্চীয়ে প্ৰণৱেশ আৰু ক্লাবৰ আন এজন সদস্যৰ লগত লগলাগি হৰলাল চক্ৰৱৰ্তীৰ ঘৰলৈ যাব ৷ তেওঁলোকে পিছদিনাখনেই যাব লাগিব কাৰণ হাতত সময় একেবাৰে কম ৷ যদি চক্ৰৱৰ্তী মান্তি হয় তেনেহলে সকলো পষ্টাৰৰপৰা সমৰ কুমাৰৰ নাম আঁতৰাই চক্ৰৱৰ্তীৰ নামটো লিখি দিব লাগিব।
আৰু সকলোতকৈ ডাঙৰ কথা, তেওঁৰ নামৰ আগত "প্ৰখ্যাত প্ৰৱীণ চিত্ৰশিল্পী" শব্দকেইটা বাদ দিলে নহ’ব ৷
ৰাস্তাৰ কাষতে থকা গুলপীয়া ৰঙৰ ঘৰটোৰ গেটখনৰ ওচৰতে থকা নামফলকখনত লিখা আছিল "হৰলাল চক্ৰৱৰ্তী, আৰ্টিষ্ট" ৷ কামটো একেবাৰে সহজ হৈ পৰিল ৷ অক্ষয় বাগ্চীয়ে ঠিকেই কৈছিল, ডা° মন্মথৰ ঘৰটো মাথোঁ দুটা ঘৰ সিফালে ৷ অক্ষয় বাগ্চী আৰু প্ৰণৱেশৰ লগত চুনীলাল সান্যালো চক্ৰৱৰ্তীক লগ ধৰিবলৈ গৈছিল৷
তিনিওজনে গেটখন খুলিলে আৰু ভিতৰলৈ সোমাই গ’ল৷
চৌহদৰ ভিতৰত, ঘৰটোৰ সন্মুখত কিছু ফুলগছ আৰু এজোপা অমৰা গছ আছিল৷
চৌহদটো পৰিষ্কাৰ-পৰিচ্ছন্ন আছিল যদিও খুব অবস্থাপন্ন মানুহৰ ঘৰ যেন লগা নাছিল৷ নিশ্চয়কৈ হৰলাল চক্ৰৱৰ্তীয়ে কেৱল খ্যাতি আৰু পৰিচিতি নোপোৱাই নহয়, আৰ্থিক দিশৰপৰাও তেওঁ স্বচ্ছল আৰু ভাগ্যবান নাছিল৷
দুৱাৰত টোকৰ দিব লগা নহ’লেই৷ হয়তো খিৰিকীৰে ভিতৰৰপৰাই কোনোবাই তেওঁলোকক লক্ষ্য কৰি আছিল৷ এজন চশমা পৰিহিত, আধাপকা মোছ থকা বয়সস্থ লোকে দুৱাৰখন খুলি দিলে৷ তেওঁ লুঙিৰ নিচিনাকৈ এখন ধুতি আৰু এটা হাত থকা গেঞ্জী পিন্ধি আছিল ৷
অক্ষয় বাগ্চীয়ে এটি নমস্কাৰ জনাই আগবাঢ়ি গ’ল৷
'আপুনি হয়তো পাহৰিছে, কিন্ত আজিৰপৰা প্ৰায় পাঁচ বছৰ আগতে ধৰণী মুখাৰ্জীৰ ঘৰত আপোনাক লগ পাইছিলোঁ৷'
'অ’...'
'আপোনাৰ লগত এটা কথা আছিল,' প্ৰণৱেশে ক’লে, 'আমি সোমাই আহিব পাৰোঁনে?'
'নিশ্চয় ৷'
দুৱাৰখনেৰে সোমায়েই বাওঁফালে চৰাঘৰটো ৷ বেৰত কেইবাখনো পেইণ্টিং ওলোমাই থোৱা আছে৷ প্ৰতিখন পেইণ্টিঙৰ তলৰ সোঁহাতৰ কোণত ইংৰাজীত এইচ চক্ৰৱৰ্তী চহীটো স্পষ্টকৈ দেখা গৈছে৷ ইয়াৰ বাহিৰে কোঠাটোত বৰ বেছি চকুত পৰা বস্তু নাই; খুবেই অনাড়ম্বৰ পৰিৱেশ৷ তেওঁলোকে কাঠৰ চকী আৰু কাষতে থকা তক্তাপোচখনত বহিল৷
'আমি শতদল ক্লাবৰপৰা আহিছোঁ৷' প্ৰণৱেশে আৰম্ভ কৰিলে৷
'শতদল ক্লাব?'
'হয় ৷ আচলতে এই অঞ্চলৰ ই এটা নামজ্বলা ক্লাব৷ আপুনি হয়তো জানে, বৰদাবাবু—বিধায়ক বৰদা মজুমদাৰ আমাৰ সভাপতি৷'
'অ’…'
'প্ৰতিবছৰে বহাগ মাহৰ এক তাৰিখে আমি এটা অনুস্থান আয়োজন কৰোঁ৷ এই অনুস্থানটোৰ লগত সংগতি ৰাখি এটা সাংস্কৃতিক অনুস্থান, এখন একাঙ্কিকা নাটক আৰু এটা সম্বৰ্দ্ধনা অনুস্থানৰো আয়োজন কৰোঁ য’ত কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য বৰঙনি আগবঢ়োৱা এজন ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়৷ এইবছৰ আমি আপোনাৰ কথা ভাবিছোঁ৷ মানে…আপুনি এইখন চহৰতে থাকে অথচ বহুতো মানুহে এতিয়াও আপোনাৰ বিষয়ে নাজানে, সেয়েহে…'
'হুঁ— ৷ আপুনি বহাগৰ এক তাৰিখ বুলি ক’লে, নহয় জানো?'
'হয় ৷'
'কিন্তু অনুস্থানটোলৈ আৰু মাত্ৰ চাৰিদিনহে আছে দেখোন৷'
'হয়, হয়, মই বুজি পাইছোঁ আমাৰ পলম হৈছে ৷ আচলতে—,' প্ৰণৱেশে কাহ এটা মাৰি ক’লে, 'মাজতে আমাৰ কিছুমান অসুবিধা হ’ল ৷'
'অ’…, বুজিলোঁ ৷ কিন্তু… সম্বৰ্দ্ধনা মানে?'
'নাই, নাই, খুব বেছি একো নাই ৷ আমি সন্ধিয়া ছয় বজাত আহি আপোনাক লৈ যামহি ৷ আপোনাৰ সম্বৰ্দ্ধনা অনুস্থানটোৰ একেবাৰে শেষত হ’ব৷ এখন মানপত্ৰ দিয়া হ’ব, ইয়াত থকা বাগ্চীয়ে আপোনাৰ বিষয়ে দুআষাৰ ক’ব, আৰু অৱশেষত আপুনিও যদি চমুকৈ দুআষাৰ কয় তেনেহ’লে খুবেই ভাল হ’ব ৷ মানে, গোটেই অনুস্থানটো ন মান বজালৈ শেষ হ’ব ৷'
'হুঁ—' ৷
'আপোনাৰ পৰিয়াল— মানে আপোনাৰ পত্নী…'
'তেওঁ বাত্বিষত ভুগি আছে ৷'
'অ’, আপোনাৰ পৰিয়ালৰ আন কাৰোবাক আমি লগতে নিমন্ত্ৰণ কৰিব পাৰিম নেকি?'
'মই ভাবি চাব লাগিব ৷'
এইসময়তে অক্ষয় বাগ্চীয়ে এটা গুৰুত্বপূৰ্ণ কথা উত্থাপন কৰিলে ৷
'আমি আপোনাৰ বিষয়ে এটা চমু পৰিচয় মানে এটা "ইন্ট্ৰডাকছন" পাম নেকি?'
'ঠিক আছে ৷ মই চমুকৈ কিছু কথা লিখি দিম, আপোনালোকে কাৰোবাক পঠিয়াই দিব—৷'
'মই নিজেই আহি লৈ যামহি,' প্ৰণৱেশে ক’লে ৷
ইয়াৰ পিছতে শতদল ক্লাবৰ তিনিজন সদস্যই তাৰপৰা বিদায় ল’লে ৷
হৰলাল চক্ৰৱৰ্তীয়ে যেন অৱশেষত তেওঁক অনুস্থানটোলৈ নিমন্ত্ৰণ কৰাৰ কাৰণটো অনুধাৱন কৰিব পাৰিলে— প্ৰণৱেশে মনে মনে ভাৱিলে ৷ তেওঁৰ চকুদুটা যেন চলচলীয়া হৈ পৰিল ৷
শতদল ক্লাবে পূৰ্বৰ সুনাম অনুসৰি নৱবৰ্ষৰ অনুস্থানটো সম্পন্ন কৰিলে ৷ হৰলাল চক্ৰৱৰ্তীৰ সম্বৰ্দ্ধনা অতি সফলতাৰে পাৰ হ’ল ৷ যিখিনি মানুহে অনুস্থানটোৰ আৰম্ভণিতে বাৰেবাৰে এই প্ৰশ্নটো কৰিছিল "কোননো এই হৰলাল চক্ৰৱৰ্তী?" তেওঁলোকেও অনুস্থানটোৰ শেষত সন্তুষ্টিৰ হাঁহি মাৰিলে ৷
সকলোৱে গম পালে যে কেনেকৈ চৰকাৰী কলা বিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লোৱাৰ পিছত হৰলালে এজন চিত্ৰশিল্পী হিচাপে নিজকে প্ৰতিস্থিত কৰিবলৈ কিমান অক্লান্তভাৱে পৰিশ্ৰম কৰিবলগীয়া হৈছিল ৷ পৌৰাণিক কাহিনীৰ ছাপন্নখন কিতাপত তেওঁৰ ছবি সন্নিৱিষ্ট হৈছে; তদুপৰি বহুতো শিশু আলোচনীত তেওঁ অঙ্কন কৰা ছবি আছে ৷ ৰায় বাহাদুৰ এল কে গুপ্তাই তেওঁৰ কামত সন্তুষ্ট হৈ এটা ৰূপৰ পদক উপহাৰ দিছিল ৷ অৱশেষত বাষষ্টি বছৰ বয়সত গাঁঠিৰ বিষৰ বাবে তেওঁ সক্ৰিয় কামৰপৰা অৱসৰ ল’বলগীয়া হ’ল ৷
যেতিয়া তেওঁৰ ভাষণৰ পাল পৰিল হৰলাল চক্ৰৱৰ্তীয়ে শতদল ক্লাবৰ প্ৰতি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলে আৰু লগতে নিজৰ প্ৰসংগত ক’লে যে আচলতে তেওঁ এনে প্ৰশংসাৰ যোগ্য নহয় ৷ তেওঁৰ অমায়িক ব্যৱহাৰে উপস্থিত সকলোৰে মনত গভীৰভাৱে ৰেখাপাত কৰিলে ৷
যেতিয়া তেওঁ ফুলৰ মালা আৰু সুন্দৰকৈ বন্ধোৱা মানপত্ৰখন লৈ শতদল ক্লাবৰ উপ সভাপতি নীহাৰ চৌধুৰীৰ গাড়ীখনত উঠিবলৈ আগবাঢ়িল সেই সময়ত এইটো কোৱা টান হ’ল যে কোন বেছি আনন্দিত হৈছে— হৰলাল চক্ৰৱৰ্তী নে শতদল ক্লাবৰ সদস্যসকল ৷
ইন্দ্ৰনাথে অৱশেষত ক’লে,
'মৰমৰ প্ৰণৱেশ ভাই, মই ভাবোঁ অহাবছৰৰ অনুস্থানত তুমি বাগ্চীক সম্বৰ্দ্ধনা জনাবই লাগিব কাৰণ শেষমুহূৰ্তত তেওঁহে এইবাৰ ক্লাবৰ সন্মান ৰক্ষা কৰিলে ৷
পিছদিনা, ক্লাবৰ কাৰ্যালয়ত ছেক্ৰেটেৰি প্ৰণৱেশৰ নামত কোনোবাই এটা টোপোলা এৰি থৈ গ’ল ৷ তেওঁ টোপোলাটো খুলিলে আৰু আশ্চৰ্যজনকভাৱে ভিতৰত পালে আগদিনা হৰলালক সম্বৰ্দ্ধনাৰ কাৰণে দিয়া মানপত্ৰখন ৷
লগতে এখন সৰু চিঠিও আছিল ৷ প্ৰণৱেশে পঢ়া আৰম্ভ কৰিলে—
প্ৰতি,
ছেক্ৰেটেৰি, শতদল ক্লাব
মহাশয়,
আপোনালোকে সেইদিনা মোক লগ ধৰাৰ সময়তে মই অনুধাৱন কৰিছিলোঁ যে আপোনালোক বিপাঙত পৰিহে হৰলাল চক্ৰৱৰ্তীক সম্বৰ্দ্ধনা জনাব বিচৰিছে ৷ মই আপোনালোকৰ ত্ৰাণকৰ্তাৰ ভূমিকা ল’বলৈ পাই নথৈ আনন্দিত ৷ কিন্তু দুটা কাৰণত মই এই মানপত্ৰ ঘূৰাই দিবলগীয়া হ’ল ৷
প্ৰথম, মই বুজিছোঁ যে এই একেই মানপত্ৰখন অহা বছৰ বেলেগ এজন শিল্পীৰ কাৰণে ব্যৱহাৰ কৰিব পৰা যাব ৷ কেৱল মাথোঁ নাম আৰু তাৰিখটো সলাই দিলেই হ’ল ৷ আৰু দ্বিতীয়তে, সঁচা অৰ্থত এই সন্মান মোৰ প্ৰাপ্য নহয় ৷ শিল্পী হৰলাল চক্ৰৱৰ্তীৰ আজিৰপৰা তিনি বছৰ পূৰ্বে এই চহৰতেই মৃত্যু হৈছে ৷ তেওঁ মোৰ জ্যেষ্ঠ ভ্ৰাতৃ আছিল ৷ মই কাঁথিৰ ডাকঘৰত কেৰাণী কাম কৰোঁ ৷ মই আচলতে এক সপ্তাহৰ ছুটী লৈহে ইয়ালৈ আহিছিলোঁ৷
ইতি,
আপোনাৰ বিশ্বাসী,
ৰসিকলাল চক্ৰৱৰ্তী
Doksiri দকচিৰি, অক্টোবৰ, ২০২৩


No comments:
Post a Comment