আলিঙ্গন
ৰেজিয়া চৌধুৰী
গুৱাহাটী
বহুদিন সন্তানৰ মুখ নেদেখি দম্পতিহালৰ জীৱনটো অশান্তিকৰ হৈ পৰাত বিষণ্ণতাই দেখা দিয়ে। তাতে আক' কিছুমানে সন্তান নোহোৱাৰ কথা সুধি সুধি অতিষ্ঠ কৰাতেই শান্ত নাথাকি উপহাস কৰিও সিহঁতৰ মনটোক আঘাতপ্ৰাপ্ত কৰে। অৱশেষত সিহঁত দৃঢ়প্ৰতিজ্ঞ অনাথ আশ্ৰমৰ পৰাই সন্তান তুলি ল'ব।
অনাথ আশ্ৰমত গৈ বহুতো শিশুৰ মাজত এটায়েই শিশু তাইৰ চকুত পৰিল। আহল - বহল কোঠাটোৰ এচুকুত আমন জিমনকৈ বহি থকা শিশুটিয়ে তাইলৈ চাই এটা কোমলকৈ হাঁহি মাৰিলে। শিশুটিক তুলি লৈ ...বুকুত সাৱটি ধৰাত ক'ব নোৱাৰাকৈয়ে .. তাইৰ চকুৰ পৰা সৰ সৰকৈ চকুলো সৰিবলৈ ধৰিলে। তাইৰ ইমান দিনে উদং হৈ থকা মাতৃত্বৰ বুকু পূৰ্ণ হ'ল ... শিশুটিক আপোনত্বৰ আলিঙ্গনত।
মানুহজনে তাইক সুধিলে --ইমানবোৰ স্বাস্থ্যবান শিশু থকাৰ পিছতো এই বিকলাঙ্গ শিশুটোকে যে তুমি বাচি ল'লা ? তেতিয়া তাই কৈছিল - "তাক মোৰ প্ৰয়োজন আটাইতকৈ বেছি।"


No comments:
Post a Comment