নাক নোহোৱা মানুহ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, October 31, 2023

নাক নোহোৱা মানুহ

 


নাক নোহোৱা মানুহ


                        কাব্যশ্ৰী হেমেন হাজৰিকা

                                       কামৰূপ (ম)


এক অভিনৱ কৌশল

চকি হেৰুওৱা কম্পনত

পেনেল-- ০১

পেনেল-- ০২

সেয়া আস্থাহীনতাৰ ভয়।

আস্থাৰ বিপৰীতে

আস্থাহীনতা ঢাকিবলৈ

অভিনন্দন অভিশাপৰ বাঘজাল  

নুবুজাক বুজুৱা আৰু

বুজাক বুজিব নোৱাৰা

কৌশলী ইৰেজাৰ।

চকী পৰা পিছলিলে

চিনাকি হেৰাব

কৌশলী কৌশলেৰে

চলাব লাগিব ভুলৰ নাও  

ভুলৰ নাও বামেৰে নচলে।

লাজৰ হুলে কাক বিন্ধিব

নাক নোহোৱা মানুহ

গোন্ধৰ সোৱাদ নাপাই

হাত চাপৰি বজাব।


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages