নাক নোহোৱা মানুহ
কাব্যশ্ৰী হেমেন হাজৰিকা
কামৰূপ (ম)
এক অভিনৱ কৌশল
চকি হেৰুওৱা কম্পনত
পেনেল-- ০১
পেনেল-- ০২
সেয়া আস্থাহীনতাৰ ভয়।
আস্থাৰ বিপৰীতে
আস্থাহীনতা ঢাকিবলৈ
অভিনন্দন অভিশাপৰ বাঘজাল
নুবুজাক বুজুৱা আৰু
বুজাক বুজিব নোৱাৰা
কৌশলী ইৰেজাৰ।
চকী পৰা পিছলিলে
চিনাকি হেৰাব
কৌশলী কৌশলেৰে
চলাব লাগিব ভুলৰ নাও
ভুলৰ নাও বামেৰে নচলে।
লাজৰ হুলে কাক বিন্ধিব
নাক নোহোৱা মানুহ
গোন্ধৰ সোৱাদ নাপাই
হাত চাপৰি বজাব।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩


No comments:
Post a Comment