আঘোণ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, October 31, 2023

আঘোণ

 


আঘোণ


               দেবিকা দত্ত

                   মঙ্গলদৈ


শেষৰাতিৰ কুঁৱলীৰ চকুপানী তেতিয়াও শুকোৱা নাছিল

তিতি থকা বাদামী নৰানিৰ মাজত 

উদঙত দিয়া দুপৰীয়াটো বিচাৰি আছিলোঁ

আৰু ঠিক তেতিয়াই থতমত খাই ৰৈ গৈছিলোঁ ।


ধমনীত তেজৰ বাঢ়ি অহা সোঁত ।


জৰাটেঙাৰ মঙহহাল বুকুত 

আঘোণৰ মসৃণ গাল ।

এটা এ'ৰটিক সপোন দেখাৰ পিছত ঘামি অহা ।


খপজপাই আঁতৰি আহোঁ ।


নখোৱাৰ উচ্ছিষ্টত উজুতি খোৱা আঙুলি । 

তেজ লাগি অহা ।


হালধী আৰু তেল লাগি থকা কলপটুৱাবোৰৰ ভিৰত দিনটো চটফটাই থাকিল ।

এই দিনটো আন দিনবোৰৰ দৰেই আছিল ।

ডিচেম্বৰৰ দিন । আঠ ডিচেম্বৰ । 

বাতৰিকাকতখন পঢ়ি উঠাৰ পিছতো বিশেষ যেন লাগি অহা নাছিল । 

কেৱল পঞ্চৰতনৰ কেলেন্দাৰখনে পুহলৈ যোৱাৰ যোজা কৰি আছিল ।

 ধানৰ ডাঙৰিবোৰেই বুকুত কঢ়িয়াই আছিলোঁ।

সঁচাকৈয়ে আঘোণ যাবৰ হোৱা নাই এথোন ।

অথচ খবৰবোৰ অহাৰ পৰা 

এটাৰ পিছত এটাকৈ অহা খবৰবোৰ যে 

আমাৰ কাৰণে আঘোণ এক মাহ হৈ থাকিল । 

অকল এটা মাহ 

তেনেই সহজ ।


চুঙাপিঠাৰ গুৰিবোৰ সৰকি যোৱাকৈ মোকাল বাঁহবোৰে হাওঁফাওঁৰ অসুখত ভুগিছে ।


আৰু যিসময়ত পকি অহা জৰাটেঙাত আঘোণ পিছলি থাকে 

মেধিপুখুৰীৰ পাৰত শিশুটোৱে মাটিৰ চৰুটো ভাঙি পুৰুষ হোৱাৰ আখৰা কৰে ।



Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages