শেৱালি
নবযানী বৰুৱা শইকীয়া
ডিগবৈ
এপাহ তলসৰা শেৱালি
তোমাৰ পদূলিৰ
অনাদৃত, অৱহেলিত ।
তোমাৰ পদপৃষ্ঠ হৈ
বাৰে বাৰে মূৰ তুলি চাওঁ আকাশলৈ ----
পুনৰ পদাঘাটত
ভূলুণ্ঠিত হৈ ধূলিৰ লগত মিলি যাওঁ
এবুকু ব্যাথা সাৱটি ।।
তোমাৰ পদূলি শুৱাই শৰৎ আহিব
আহিব শেৱালি ফুলাৰ মধুৰ নিশা
অৱহেলিত শুকুলা শেৱালি হৈ
ফুলি ৰ'ম ওৰেটো নিশা ।।
হয়তোবা নিয়ৰ কণাই
চুমি যাব মোৰ কোমল পাহি।
হয়তো বা মোহাৰি যাব
শামুক, বৃশ্চিক অথবা সৰীসৃপ ।
নিশা জিলিকি ৰ'ব
শুভ্ৰ কোমল পাহি,
পুৱাতেই লেৰেলি শুকাই যাব
তোমাৰ গছক পৰি ।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩
No comments:
Post a Comment