বৰষুণৰ শেষত সেয়া তুমি নহয় জানো
হিমাংশু শইকীয়া
বৰষুণৰ শেষত এইয়া তুমি নহয় জানো
এবুকুচা ৰ'দ পিঠিত বান্ধি, হালধীয়া চাদৰ আৰি
খোপাত লৈ সপোনৰ ফুল
চুলিত এজাক বতাহ, ওঁঠত এখন নাওঁ।
ভগ্ন পজাটোৰ এটা কোঠালিত কেতেকী চৰাই এটাৰ মৃত্যু হ'ল।
নৈৰ পাৰত বহি সোনামুৱাৰ সপোনবোৰ বৈ গ'ল
তুমি জানো আহিছিলা সেইদিনা নৈৰ পাৰলৈ
জাৰত কপি থকা স্মৃতিবোৰক উম দিবলৈ।
বতাহজাকে সুধিছিল নৈখনৰ কথা
কমিজৰ জেপত সুমুৱাই থোৱা চিঠিখনৰ কথা
সুধিছিল কেতেকীৰ কথা,সোনামুৱাৰ সপোনটোৰ কথা।
মই নিৰুত্তৰ...
নৈৰ পাৰৰ সপোনটোৱে সপোনতেই মাত লগাই
পজাটোৰ চাৰিবেৰে কেতিয়াবা কয় "মই কেতেকী, মই কেতেকী"
সোনামুৱাই চাইকেলৰ পেদেলত আকৌ সপোন এটা ঘূৰাই।
জীৱন তেনেকৈ চলি যায়।
এতিয়া বৰষুণৰ পাছৰ ৰ'দতকৈ শীতলতা হে প্ৰিয়…
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩
No comments:
Post a Comment