নীলা আকাশৰ লগৰীজন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, October 31, 2023

নীলা আকাশৰ লগৰীজন

 


নীলা আকাশৰ লগৰীজন


উৰিস্মা নাথ

গৰুখুটি, দৰং


আজি কালি দেখোন 

তোমাতকৈ সপোনবোৰকহে

কিবা আপোন যেন লগা হ'ল। 

কিয় বা নাজানো?

আৰু মোৰ হৃদয়ৰ কেনভাচত

যেন সিহঁতেই লিখিছে,

লক্ষ্যবিহীন ভালপোৱাৰ কবিতা।

সপোনবোৰে যে উজাগৰি নিশা

মোৰ লগত সাৰে থাকে,

পোৱা নোপোৱাৰ হিচাপে কৰে,

সেই বাবেই হয়তো!

ৰঙা নীলা কল্পনাপ্ৰিয় সপোনবোৰে 

মোৰ উৎফুল্লিত বাসনাক

আজুৰি কাঢ়ি নিলে,

তুমি হয়তো নাজানা?

বাৰু কোৱাচোন,

তুমি হ'বা নেকি

নীলা আকাশৰ লগৰীজন?

যদি কথা দিয়া মোক

নিৰৱতাত বহি

দুয়ো মিলি কথা পাতিম,

নিশাৰ গভীৰতাক সাক্ষী কৰি

এজোলোকা সপোনৰ সৈতে।

আৰু নিস্বাৰ্থ ভাৱে সুধিম যে,

"কোন কাৰ বেছি আপোন"?


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages