প্ৰভুভক্ত সিহঁত
ৰঞ্জিতা ৰাণী বৰা
প্ৰভুভক্ত সিহঁত মালিকক
দিয়ে সুৰক্ষা সদায়
খাবলৈ যি পায়
এমুঠি শুকান ভাত বা মাংস
সদায় প্ৰভুভক্ত সিহঁত।
বহুতে হাঁহিব পাৰে
আভিজাত্যৰ ধঙতে
সিহঁতক পুহিছে বুলি
ভাবিব পাৰে সিহঁতক
নিকৃষ্ট জীৱৰ শাৰীত
মাঠু এটি কুকুৰ বুলি
তথাপি ক ও ম ই
প্ৰভুভক্ত সিহঁত।
মাজনিশা মালিকক ঘুমটিত
ৰাখি,গৰম বা শীত আওকআন কৰি
পহৰা দিয়ে , সুৰক্ষা দিয়ে,
ডকাইত দুস্কিতিকাৰীৰ কবলৰপৰা,
সাৰথি হয় ৰুগীয়া মালিকৰ কাষত,
নহয় সিহঁত জীৱ শ্ৰেষ্ঠ মানৱ
কিম্বা কৰ্ম ক্ষমতা হেৰুৱা বৃদ্ধ
পিতৃ মাতৃক অৱহেলা কৰা জীৱ
প্ৰভুভক্ত সিহঁত।
বুজে সিহঁতে হৃদয়ৰ ৰ্মম বেদনা
সিহঁতক নালাগে পাহাৰসম
দাঙিব নোৱাৰা সম্পত্তিৰ ভাগ
নালাগে সিহঁতক সন্মান
লাগে মাঠু এটি অবদাৰ
আৰু এমুঠি আহাৰ,
সিহঁতে মালিকক সম্পত্তিৰ
ভাগ বিচাৰি নকৰে কাজিয়া
বৃদ্ধা মালিকক এৰি নাহে
অকলে পদ পথত
কৰিব পাৰে পদলেহন মালিকক
(মাত্ৰ) এমুঠি আহাৰৰ বাবে
নাপাহৰে নিজৰ দ্বায়িত্ব সিহঁতে
সেয়ে ক ও প্ৰভুভক্ত সিহঁত।।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩


No comments:
Post a Comment