টুথব্ৰাছ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, October 1, 2023

টুথব্ৰাছ




 টুথব্ৰাছ


ঋষভ নাথ


দেউতা ডাঙৰ হোৱা গাঁওখনত

এতিয়াও বহু মুখ দেখা পাওঁ

এঙাৰে বগা কৰা 

ছে‍ঁই ফাটি ওলোৱা দাঁতে 

আন্ধাৰতো আলোক মাতে


তাতে বেলিয়ে গম নোপোৱাকৈ

টোপনি টানি ছিঙে খেতিয়কে

আৰু পচতীয়া-ঠানি কঁটালি

এটা মূৰেৰে দাঁত শালি থাকে 

আকৌ আনটো মূৰ তাৰ

গৰু-ৰেলৰ গীয়াৰ


থুই ছুই কিতাপৰ পাত লুটিওৱাৰ দৰে 

টুথপেষ্ট দাঁতত দি দিন পঢ়ি গৈছোঁ

আঙুলি কিম্বা টুথব্ৰাছ এটা নহ'লে 

সম্ভৱ হ'বনে বাৰু দন্তনীতিৰ ব্ৰেইলি?

কিন্তু দক্ষতা ক্ষয় হোৱাৰ পাছতো যে 

তাক মই ডাষ্টবিনত দলিয়াই দিবলৈ 

সক্ষম হোৱা নাই সেই কথাটোৱে 

আচৰিত কৰি তোলে মোক

ভালপোৱা মানুহবোৰক


মোৰ বিশ্বাস সেই মানুহবোৰৰ দৰে

বয়সে টুথব্ৰাছৰ ক্ষেত্ৰতো কাম কৰে

দন্ত-কালৰপৰা অৱসৰ পোৱাৰ পিছত

আঙঠি ঘড়ীৰ চেইন আদিৰ নতুনত্ব

ধৰি ৰাখিবলৈ তাক লগাব পাৰি

তাৰ মজুৰি ৰঙীন চুলি-দাড়ি


দন্ত-ত্যাগী টুথব্ৰাছৰ ডিউটি জোতা 

আৰু চেণ্ডেল ভৰিৰ যোগ্য কৰি ৰখা

তথাপি যদি টিকি থাকে তাৰ কিছু ধাৰ

চাইকেল-বাইকৰ টায়াৰ আৰু 

চেইনৰ মলি মূৰ পাতি এটা গতিত 

সি হ'ব পাৰিব প্ৰাসংগিক


নিম্ন-মধ্যবিত্ত জীৱনে মানুহৰ দৰে

তাকো ঘঁহি থাকে বিভিন্ন কষটিত 

সি মাজে মাজে মুকলি হ'ব খোজে

কোনো সপোনৰ গোপন দুৱাৰেৰে


বৰষুণ উৎসৱত হঠাৎ হাত পিছলি

উজানৰ এজাক মাছৰ আঁৰে আঁৰে

সিও পাব বিচাৰে উচ্ছল নীলাৰ পাৰ

পিছে চতুৰ নিয়তিৰ বৰশীত লাগি 

তাৰ হেবাং আশা মৰে বাৰম্বাৰ


কেতিয়াবা তাৰ বেলি লহিয়ায়

মৰি পৰি থকা এলবেট্ৰছৰ ডিঙিত

কিজানি দুৰ্গম দ্বীপত দুখৰ ৰাতি পুৱায় 

আৰু যদি চৌখিন ছেলকাৰ্কে দেখা পায়

তাক বাৰু দন্ত কান্তি মিছনত নলগাবনে


মই কিন্তু তেনে শলঠেকত এঙাৰ চোবাম

বিচাৰি যাম নিমৰ ঠাৰি নতুবা নিমখ

আৰু মোৰ সন্তানক শিকাম কেনেকৈ

মিলি চলিব লাগে তেওঁলোকৰ সতে 

যাৰ হাতে ঢুকি পায় আমাৰ টুথব্ৰাছ


Doksiri দকচিৰি, অক্টোবৰ, ২০২৩

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages