ত্যাগ
প্ৰণামী হাজৰিকা শইকীয়া
নৈ বৈ যায়
চৰাইবোৰ উৰি থাকে
বতাহ বলে
উশাহবোৰতো আকাশৰ পৰাই আহে
আকাশৰ বুকুত অনন্ত জ্যোতি।
মই তোমাক উশাহতে চুই চালোঁ
দুপৰ ৰাতি শেৱালি পাহ সৰিল।
সৰিবলৈকে কত ফুল ফুলি আছে।
আকাশৰ বতৰা আহে
এখন হাতে লৈ দুই হাতে দিয়া
দিওঁতা জনেহে জানে পোহৰক জিনিবলৈ
ইও এক মহৎ দান।
ক'ৰ পৰা আহিছোঁ আমি কলৈ যাম।
পৃথিৱীয়ে তোমাক স্পৰ্শৰ প্ৰথম উত্তাপ দিলে
ভাত-কাপোৰ দিলে
ঠিয় হ'বলৈ দিলে ঠাই
জননীক তুমি কি দিলা?
ভৰসাৰ টোপোলাবোৰৰ ওজন বেছি ভৰ হ'লে কম।
কতজনে লৈ আছে কলিজাত চেপা উৎকণ্ঠা
আগবাঢ়িব দুহাত দিব সাহসৰ মাত এষাৰ।
কাণে-কাণেই কওঁ শুনা
এবাৰ নিজক ভালপাই চোৱানা
নিজৰ পৰাই আৰম্ভ হওক এই যাত্ৰা
সেউজীয়া সে-উ-জী-য়া...।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩


No comments:
Post a Comment