আমিবোৰ মানুহ নহলো
এনৰিক্স সঞ্জীৱ ৰাজ
শিৱসাগৰ
আমি বোৰ মানুহ নহলো
কেবল মানুহ হোৱাৰ আখৰাহে কৰিলো
জীৱন নদীত আশাৰ নৌকা মেলি বাত বুলিলো
পোৱা নোপোৱাৰ দোমোজাত নিজক বিচাৰিলো
অৱশেষত আমি বোৰে মৰিচিকাহে খেদিলো
আমিবোৰ মানুহ ন'হলো
মৰিচিকাৰ পৃথিৱীত আমিবোৰেই
যেন একোজন পথিক
আশাৰ বতৰা বিচাৰি ভাগৰি নপৰা
একোজন নিঃসংগ নাস্তিক
জীৱন ভালপোৱাৰ আৰ্তনাদত
আমাৰো কপি উঠে বুকু
নিঃশব্দতাৰ আঁৰত
আমাৰো হেমেকে চকু
সেইবাবেই হয়তো আমি বোৰ থমকি ৰলো
আমি বোৰ মানুহ নহলো
ব্যস্ত মানুহৰ পাহৰণিৰ
তালিকাত থাকে আমি বোৰৰ নাম
সমাজৰ শেষ শাৰীত থাকে আমি বোৰৰ স্থান
কত আশা
কত সপোন
সকলোকে জীৱন্তে সমাধিস্থ কৰিলো
আমি বোৰ মানুহ নহলো।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩


No comments:
Post a Comment