মৃত্যু - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, October 31, 2023

মৃত্যু

 


মৃত্যু 


        ভাৰতী বৰদলৈ 

               গুৱাহাটী


মৃত্যু যেন মোৰ জীৱনৰ এক যন্ত্ৰনা

মই যন্ত্ৰনাই জীয়াই থকাৰ

 সপোন বোৰৰ মাজত মাজে

মাজে ৰিঙিয়াই মাতে --------- ।


 ৰিঙিয়াই চোন  নিসংগতাৰ মাজেৰে 

আকৌ ৰিঙিয়াই বিভৎসতাৰ মাজেৰে ।


মৃত্যু তই আজি নাহিবি চোন

মোৰ সপোনৰ দলিচাত আৰু

আৰু এপাহি কামিনী কাঞ্চনৰ

স্পৰ্শ পৰিবলৈ দে অ ------- ।


মই  এদিন নিজেই যাম দে

মোৰ জীৱনৰ আবেলি পৰত

তোৰ সৈতে বহ্নি শিখাৰ মাজত উমলিম

আৰু চিৰদিনৰ বাবে মেলানি মাগিম । 


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages