শেৱালি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, October 31, 2023

শেৱালি

 


শেৱালি


             চাহিদুল আলম চৌধুৰী

                মুকালমুৱা, নলবাৰী 


তুমি শেৱালি শৰতৰ শাৰদী ৰাণী

মোৰ পদূলিত ফুলা ন সুবাস সানি,

পুৱা-সন্ধ্যা তোমালৈ চাই ৰওঁ মই

হিমসিক্ত নিয়ৰৰ ধূসৰ ওৰণি গুচাই।

তুমিও শুভ্ৰ হাঁহিটি মাৰা মোৰ পিনে চাই,

তুমি ফুলিলেই শৰতে ধৰাৰ বুকুত

বেশভূষাৰে সাজি-কাচি নাচে এছাটি বা পাই।

তাকে দেখি মই প্ৰতিনিয়ত আহ্লাদিত হওঁ,

তোমাৰ ৰূপ-সৌন্দৰ্য্যত থমকি ৰওঁ।

তুমি যেন মোৰ মায়াবী সপোন সুন্দৰী

শৰতৰ এনিশা স্নিগ্ধ জোনাকত,

মতলীয়া হোৱা সকলো দুখ-ভাগৰ পাহৰি।

তোমাৰ লাহী-কোমল দেহাতীয়ে কৈ যায়

শৰৎ আগমনৰ অযুত বাসনাৰ কথা,

মৰহি গ'লে মই পাম হৃদয়ত অনেক ব্যথা।

তুমি ফুলি থাকা শৰতৰ সেউজ আঁচলত,

চেনেহী চুমাৰে আলফুলে সাৱটিম

প্ৰতি পলে তোমাৰ দুবাহুত।


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages