সোণালী আঘোণ
ভাৰতী বৰদলৈ
গুৱাহাটী
আহিনৰ হিম সনা মলয়া জাকৰ মৃদু পৰশত প্ৰাণ পালে দৰিদ্ৰ কৃষকৰ আশাৰ সপোনবোৰ।
বৰষা জনীৰ বোকোচাত উঠি উটি গ'ল ব্যথা ভৰা নিৰাশাবোৰ।
মেঘৰ মাদলৰ চেঁৱে চেঁৱে নাচি থকা চিক -মিক বিজুলীজনীৰো স্তব্ধ হ'ল নাচোনৰ তাল।
ধূসৰ ক'লা ডাৱৰ ফালি ফেহুজালি দিলে শাৰদী জোনৰ স্নিগ্ধ জোনাকে।
মেলানি মাগিলে কঙালী মেটমৰা দুঃখ বোৰেও।
শ্যামলিমা হ'ল আজি বসুন্ধৰা
পাহি মেলা শেৱালিৰ সুবাসত
টোপা-টোপে নিগৰা কৃষকৰ কপালৰ কেঁচা ঘামেও হাৰ মানিলে।
হিম চেঁচা শীতৰ সান্নিধ্যত মৰ্ত্যলৈ নামি আহিল আই লখিমী।
আইৰ লাৱনী খোজৰ পৰশত সোনগুটিৰে উপচি পৰিল মোৰ শ্যামলী পথাৰ।
সোণোৱালী এই যে সোণালী পথাৰ।
কৃষকৰ সাৰথি সোনালী আঘোণৰ পথাৰ।
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩
No comments:
Post a Comment