প্ৰেৰণা প্ৰেমৰ
পুষ্পালতা মিলি
তোমাৰ প্ৰেৰণাতে অনুভৱী হিয়াই পালে
জীয়াই থকাৰ নতুন ঠিকনা,
ৰচিলে ভালপোৱাৰ নতুন তৃষ্ণা।
মুঠিয়ে মুঠিয়ে সিঁচি দিয়া প্ৰেমৰ টোপোলা
ভালপোৱা যেন এটি ৰ'দৰ কণিকা।
মিঠা মিঠা হাঁহি লৈ
মুখা পিন্ধা তুমি বহুৰূপী
অচিনাক্ত মোৰ বাবে আজিও তুমি।
এন্ধাৰ হৈ আতঁৰি গলা
মাথোঁ ৰ'ল ধূসৰিত এজাক ধূলি
বুকুৰ গোপন সোঁৱৰণী,
ৰলো তোমাৰ আগমনৰ
জোনাকৰ গধূলিত
মোৰ হৃদয়ৰ কেনভাচত
জীৱনৰ প্ৰতিটো ঋতুত
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩
No comments:
Post a Comment