বতাহ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, November 1, 2023

বতাহ



 

বতাহ


চন্দনা ভাগৱতী


      ঐ ঐ নিৰ্মালি...। ক'ৰ পৰা আহিছ--?? ৰচোন ৰ...প্ৰায় দৌৰি যোৱাদি বনানীয়ে খৰ খোজেৰে গৈ থকা নিৰ্মালিৰ ওচৰলৈ গ'ল।

আৰেঃ বনানী-!!! কি খবৰ--? ইয়ালৈ কেতিয়া আহিলি--? ক'ত আছ-? আচৰিত হৈ তাইৰ একে উশাহতে কেবাটাও প্ৰশ্ন।

আচৰিত নহ'বনে--। আচৰিত হ'বৰে কথা। তাইতো ইয়াত নাথাকিছিল।হাতত বজাৰৰ মোনা লৈ ক'ৰ পৰা আহি এইখিনি ওলালহি-??

ৰ...ৰ...ব্ৰেক মাৰ।অলপ উশাহটো লৈ লও-।আমি কলিকতাৰ পৰা একেবাৰেই গুছি আহিলোঁ।পলাশৰ চাকৰি ইয়ালৈকে বদলি হৈছে।আমি নয়নতৰা পথটোৰ সৌ ফ্লেটটোত থাকো। অলপ বজাৰ কৰিবলগীয়া আছিল। সেয়ে ওলাই আহিলোঁ। আহিয়েই তোক দূৰৰ পৰা দেখি দৌৰি দৌৰি এয়া তোৰ কাষত।

হাঃহাঃ হাঃ বুলি দুয়োজনে হাঁহিলে তাইৰ ৰসপূৰ্ণ কথাত।-

তই আগৰ দৰেই হৈ আছ অ'..একদম সলনি হোৱা নাই।

তই কিন্তু সলনি হৈছ--।যথেষ্ট খিনাইছ। আগৰ সেই চেহেৰা একেবাৰে নাই।কিয় কি হৈছে--?এইজনী তোৰ ছোৱালী-?নিৰ্মালিৰ তৰ্জনী আঙুলিটোত ধৰি ছোৱালীজনীলৈ দেখুৱাই তাই সুধিলে...বৰ মৰমলগা দেই। পিছে,কলৈ গৈ আছ--??

তাইক এই মহেন্দ্ৰ নাৰায়ন আৰ্ট স্কুলখনত অলপতে নাম লগাই দিছোঁ।তাই ছবি আঁকি খুব ভাল পায়।সেয়ে ভাবিলোঁ স্কুল এখনত নাম লগাই দিলে।এজন গুৰু থাকিলে অন্ততঃ ভাল হ'ব।মোক দেখোন জানই ..আপেলৰ ছবি এটা আঁকিলেও তাৰ ভিতৰত আপেল বুলি লিখি দিব লাগিব।ডালিমৰ ছবি এটা আঁকিলেও তাৰ ভিতৰত ডালিম বুলি লিখি দিব লাগিব।সৰিয়হৰ ছবিটোৰ বাহিৰে একোৱেই নাজানোঁ।হাঃহাঃ হাঃ কৈ পুনৰ সিঁহতে যি জোৰত হাঁহিলে আলিবাটৰ মানুহেও সিঁহতলৈ বেকা চাৱনিৰে চাইছে।সিঁহতৰ পিছে এইবোৰলৈ কোনো ভ্ৰক্ষেপ নাই।তাই পুনৰ ক'বলৈ ধৰিলে....উমহু,তোৰ আইদিয়া কামত নাহিব।তই সেই আগৰ মান্ধাতা যুগতেই আছ--।আজিকালি সেইবোৰ চব আউটডেটেড।বুজিছনে--?কি শিকিছেনো তাই--??

এয়া স্কুলত গৈছেহে।

জান,ছবি অঁকা মানুহৰ আজিকালি কোনো মূল্যই নাই।কোনেও একো বুজিও নাপায়।কবিতাসোপাৰ দৰে একে।আমাৰ পলাশেও কি জানো কবিতা সবিতা সোপা লিখি থাকে।একদম ব'ৰ।কবিতা আৰু ছবি চব গ্লেমাৰ নথকা বিদ্যা।একো কামত নাহে।ইনকাম চোৰ্চও কম।কান্ধত এটা জোলোঙা লৈ চলি ফুৰোতেই যায়।মই এইবোৰৰ মুঠেই পক্ষপাতি নহয়।তাতকৈ তই তাইক নাচত দে।

নাচ--?কি নাচ-?সত্ৰীয়া নৃত্য,কথাকলি,ভাৰত নাট্যম বহুত নাচ আছে অৱশ্যে।পিছে তাইৰচোন এইবোৰত নিচাই নাই। পাৰিব জানো--??

ধৈ !!তয়ো যে আৰু -!মই সত্ৰীয়া-চত্ৰীয়া এইবোৰৰ কথা কোৱা নাই।

তেন্তে--??কুস্তি দিয়া নাচবোৰৰ কথা কৈছ-?সেইবোৰ তাই পাৰিব জানো-?কেলেই নোৱাৰিব।আমি এখন আধুনিক,প্ৰগতিশীল সমাজৰ বাসিন্দা।আমাৰ কথা,কাৰ্যই তাকেই প্ৰতিফলিত কৰা উচিত।তয়ো যে আৰু--!টিভিত দেখা নাই কিমান মদাৰ্ণ নৃত্যৰ অনুস্থান চলি আছে।নিৰ্মিতাই সেই বিষয়ে একো কোৱা নাছিল।বনানীয়ে মুহূৰ্ততে আধুনিক সমাজখনৰ বিষয়ে বহুত কথাই ক'লে।এনেদৰে কথা পাতি পাতি গৈ গৈ সিঁহতে স্কুল পালে।স্কুলত তাইক থৈ বনানীয়ে নিৰ্মালীক ঘৰলৈ মাতিলে ব'ল ঘৰতে বহি কথা পাতিম।

আজি নালাগে দে।পিছত এদিন বহিম।মোৰ ঘৰত বহুত কাম আছে।

       ঘৰলৈ আহি তাই কামত একেবাৰে মন বহুৱাব পৰা নাই।নিজৰ কামবোৰ কৰি আছে যদিও বনানীৰ কথাবোৰেই বাৰে বাৰে মনলৈ আহি আছে।যুগৰ লগত চলিবলৈ হ'লে মানুহ সঁচাকৈ সলনি হৈ যাব লাগিব নেকি-?তাই নিজকে নিজে বাৰে বাৰে একেটাই প্ৰশ্ন কৰিছে।আমি ভবাৰ দৰে নতুন জেনেৰেশ্যনটো আবেগ-অনুভূতি নহোৱা,স্বকীয় বুলি একো এটাই নথকা কেৱল এটা ৰবট হৈ পৰিব নেকি-?

সন্তানৰ ইচ্ছা-অনিচ্ছাক লৈ খেলা কৰা জানো উচিত-?আমাৰ মাইনাই ছবি আঁকিয়েই বহুত ভাল পায়।তাইৰ স্বাধীনতাক খৰ্ব কৰা হ'ব নেকি-?উমহু,বনানীয়ে কোৱাৰ দৰে মোৰ বাবে এনে এটা সিন্ধান্ত লোৱাটো সহজ নহয়।দৰাচলতে,আমাৰ দৰে মাক-দেউতাকে সন্তানৰ ইচ্ছা অনিচ্ছাক লৈ সতৰ্ক হোৱা দৰকাৰ।ল'ৰা-ছোৱালীৰ মনঃস্তত্বৰ দিশটোত আমিয়েই গুৰুত্ব দিব লাগিব।ইয়াত সংস্কৃতিৰ কথাটোও জড়িত হৈ আছে।শংকৰ,মাধৱক যদি আমাৰ শিশুৱে নাজানে,কলা সংস্কৃতিৰ বিষয়ে যদি একো বুজি নাপায়।তেনেহ'লে আমাৰ ভৱিষ্যৎ কোনদিশে ঢাল খাব-!এটা জাতিৰ মান-মৰ্যদা আৰু সভ্যতা নিৰ্ণয় কৰে জাতিটোৰ ভাষা,সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখনে।সাহিত্য সংস্কৃতি ৰক্ষা কৰিবলৈ আমি সংস্কৃতিৰ নামত অপ সংস্কৃতিক টানি আনিলে সংস্কৃতি জীয়াই থাকিব জানোঁ-?আজিকালি বিহুটোৰ মাজতো কিবা কিবি কৰা দেখো অৱশ্যে।মোৰ যে মুঠেই পছন্দ নহয়।অৱশ্যে বনানী ইয়ালৈ অহাৰ কেইদিননো হৈছে।ইমানদিনটো বাহিৰতেই আছিল। তাইক কথাবোৰ ভালদৰে বুজাব লাগিব।আহি থকা প্ৰজন্মক বাটটোতো আমিয়েই দেখুৱাই দিব লাগিব।আমাৰ মাইনাই পিছে ছবিয়েই আঁকিব।তাই যিহেতু নাচ নাচি একেবাৰে ভাল নাপায়।মনত এটি স্বস্তিৰ নিশ্বাস কাঢ়িলে তাই।

       কিহবাৰ গোন্ধ এটা নাকত লগাত নিৰ্মালীয়ে সম্বিৎ ঘুৰাই পালে।অথনিৰে পৰা জুইৰ ওপৰত তুলি দিয়া গাখীৰখিনি গৰম হৈ ক'লা পৰি গৈছে।বনানীৰ কথাবোৰ ভাবি ভাবি তাই পাহৰি গৈছিল বাস্তৱ সময়খিনিৰ কথা।খৰধৰকৈ গাখীৰৰ পাত্ৰটো জুইৰ পৰা নমাই দিলে।পাত্ৰটোৰ  ভিতৰফালৰ ক'লা পৰা তলিখন যেন একেবাৰে তাইৰ মনটোৰ দৰে মুহূৰ্তৰ বাবে ক'লা পৰি গৈছিল।বেচিনত থৈ তাই মাজি মাজি সেইটো বগা কৰি এতিয়া তাইৰ মনটোকো ফৰকাল কৰি পেলালে। আৰু সিন্ধান্ত লৈ পেলালে তাই এতিয়াই বনানীৰ ঘৰলৈ যাব আৰু বনানীক তাইৰ মনৰ কথাবোৰ বুজাই ক'ব।

       খিৰিকীৰ ফাঁকেৰে সোমাই অহা শৰতৰ সেউজীয়া বা চাটিয়ে তাইৰ তন-মন ধুৱাই দিলে।


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages