আশ্ৰয়
ৰেজিয়া চৌধুৰী
গুৱাহাটী
পিতৃৰ কথা ভাবিলেই তাই অতিষ্ঠ হৈ পৰে । মাকক হেৰুৱাৰ পিছত তাই উপলব্ধি কৰাই নহয় দৃঢ়তাৰে মনত সাঁচ বহুৱাই লৈছিল -- তাইৰ পিতৃ যেন এতিয়া অন্য এগৰাকীৰ সন্তানৰ দ্বিতীয় পিতৃ । তাই মানুহগৰাকীকে দোষী সাব্যস্ত কৰিলে । কাৰণ তাইৰ সমস্ত শৈশৱকাল লগতে পিতৃকো কাঢ়ি লোৱাত জীৱনটোত কঢ়িয়াই ফুৰিব ল'গা হৈছে অপৰিসীম ব্যথা আৰু ক্ৰোধ ।
মিছা অপযশ দি অপদস্থ কৰাত মানুহগৰাকীৰ দুচকু সেমেকি উঠিল আৰু কৰযোৰে প্ৰাৰ্থনা সুৰত তাইক জনালে যে তাইৰ পিতৃয়ে কেতিয়াও তাইৰ মাতৃৰ স্থান তাইক দিয়া নাই অন্যথা অচিন ৰোগত ভোগী থকা অসহায় মাতৃ এগৰাকীকহে আশ্ৰয় দিছে। অতদিনে মনতে পুহি ৰখা তাইৰ বিভ্ৰান্তিৰ দগ্ধ জুইকুৰা অনুশোচনাত নুমাই গ'ল আৰু পিতৃৰ প্ৰতি বিলুপ্ত মৰম পুণৰ উজ্জীৱিত হ'ল ।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩
No comments:
Post a Comment