আশা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, November 30, 2023

আশা

 


আশা


           প্ৰীতি পংকী গগৈ

    কাকপথাৰ, তিনিচুকীয়া 


(১)

জীৱন জীয়াৰ এক মন্ত্ৰ

বিফলতাৰ স্পৰ্শৰ পিছতো

উমি উমি জ্বলি ৰয়

হৃদয়ত আশাৰ বন্তি  গছি ।।


               (২)


বৰদৈচিলাৰ বাউলী বতাহে

সমস্ত তচনচ কৰাৰ পিছতো 

নতুনত্বৰ সন্ধানৰ বাবে

সিঁচি দিয়া হয় আশাৰ বীজ ।।


              (৩)


আশা আছে বাবেইটো

পৃথিৱী খন ধুনীয়া

আশাই কঢ়িয়াই আনে

উজ্বল ভৱিষ্যতৰ সন্ধান।।


                (৪)


আশাৰ অবিহনে যেন

নিৰস হৈ ৰ'ব মনীষ (মনুষ্য)

ই যে ব্যক্তিৰ মনস্তত্বত

লহপহকৈ বাঢ়িব ধৰা ন গজালি।


Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages