ভুল সিদ্ধান্ত
জ্যোৎস্না ৰানী বেগম
কথাতেই কয় "অচিন কাঠৰ থোৰা নলগাবি" - শেৱালীৰো তেনেই দশা হ'ল। কেনেকৈনো চিনাকি হৈছিল সঠিককৈ দিন বাৰ মাহ শেৱালিৰ মনত নপৰে যদিও এটা কথাই তাইৰ মনত আছে দিনৰ ঠিক ১১ মান বজাত এটা ফোন কল আহিছিল আৰু তাই তাইৰ পিন্ধি থকা নাইটিটোতে হাতখন মছি লৰালৰিকৈ কাৰনো ফোন আহিছে বুলি চাই দেখিলে যে এটা অচিনাকি নম্বৰ।ফোনটো ধৰিম নে নধৰিম ভাবি থাকোঁতেই কিৰিং কিৰিংকৈ বাজি থকাত অতীস্থ হৈ ফোনটো ৰিচিভ কৰিলে।সিফালৰ পৰা গুৰু- গম্ভীৰ যেন লগা পুৰুষ কণ্ঠস্বৰ ভাঁহি আহিছিল। যিজন মানুহৰ লিখা বহুত দিনৰ পৰা পঢ়ি মানুহজনক লগ পোৱাৰ হেঁপাহ জাগিছিল তাইৰ। তাই কবিতা বা তেওঁৰ লিখনিবোৰ বাতৰি কাকত নতুবা সামাজিক মাধ্যমত পঢ়ি যেনেদৰে অনুমান কৰিছিল,ফোনত মানুহজনৰ লগত কথা পাতি ধাৰণাটো কিছু সলনি হৈ গ'ল। কবিতাবোৰ পঢ়ি ভাবিছিল মানুহজন চাগে বহুত ৰোমাণ্টিক ধৰণৰ হ'ব। হয়তো বয়সো ৪০-৪৫ ৰ ভিতৰতেই হ'ব।
কিন্তু তাই ফোনত কথা পাতি জানিব পাৰিছিল যে মানুহ জনৰ বয়স ৫০ ঊৰ্ধত।মানুহজনে কথা- বতৰাৰে তাইৰ লেখা- মেলাৰ ওপৰত ইমানেই প্ৰসংসা কৰিব ল'লে যে, পিছত তাই প্ৰশংসা শুনি শুনি অতীষ্ঠ হৈ পৰিল। কিয়নো তাই নিজেই জানে তাইৰ লেখা- মেলাবোৰ কিমান উচ্চ মানদণ্ডৰ! গতিকে তাইক যে লগাতকৈ বেছি প্ৰশাংসা কৰিছিল তাই বুজি উঠিছিল। কথা পাতি থাকোঁতেই
তাই যে কেৰাহীত মাংস ভাজি আছিল সেই কথা পাহৰি আছিল,নাকত মছলা জ্বলা গোন্ধ লগাতহে তাইৰ মনত পৰিল।ভাগ্য ভাল আছিল যে গেছটো কমাই থৈ আহিছিল। তাইৰ লগত মানুহজনে ইমান সময় কথা পতাৰ উদ্দেশ্যনো কি বুজিবলৈ অলপ অসুবিধা হৈছিল।
তথাপিও ভদ্ৰতাৰ খাটিৰত ফোন কাটি দিবলৈও অসুবিধা পাইছিল।পিছত পুতেক উৎপল আহি মাকক ভাত হ'ল নে সোধাত তাই আজিলৈ এৰো বুলি ফোনটো কাটি দিলে।
শেৱালিয়ে পুতেকক ভাত বাঢ়ি দি থকাৰ সময়তো মানুহজনৰ বিষয়ে মনে মনে ভাৱি থাকিল।মানুহজনেৰে তাইৰো কথা পাতি বেয়া লগা নাছিল। মানুহজনে যদিও কাকতে- পত্ৰই লিখা -মেলা কৰে,পেচা হিচাপে তেওঁ এজন ঠিকাদাৰ। বিভিন্ন চৰকাৰী ঠিকা- থুকুলি কৰে বুলি কথাৰ মাজতে তাইক কৈছিল। লগতে তেওঁৰ নাইন আৰু টেইনত পঢ়ি থকা ছোৱালী দুজনী থকা বুলিও কৈছিল। তেওঁৰ ঘৈণীয়েকেও কিবা এটা কোম্পানীত কাম কৰে বুলিও জনাইছিল।
কিছুদিন যোৱাৰ পিছত মানুহজনে পুনৰ ফোন কৰিছিল । শেৱালীও বৰ আগ্ৰহেৰে ধৰিলে। মানুহজনৰ কথা কোৱা ষ্টাইলটো কিবা এটা ভাল লাগে তাইৰ। ইটো-সিটো কথা পতাৰ পিছত মানুহজনে তাই থকা ঠাইখনৰ লোকেচনটো বিচাৰিলে, সেই কথাটোত তাইৰ খুউব এটা ভাল নাগাগিল যদিও তাইৰ ঠিকনাটো দিলে। প্ৰসংগক্ৰমে সিদিনা ফোন কৰোঁতে তাইৰ গিৰিয়েক যে চাকৰি কৰে সেই কথাখিনি তাই উল্লেখ কৰিছিল। সেয়েহে মানুহজনে লাহে লাহে তাইক কিছুমান কথাৰে তাইৰ মনটো বুজি আকৰ্ষিত কৰিব বিচাৰিছিল।
কেইদিনমানৰ পিছত মানুহজন আহি তাইৰ ঘৰ ওলাল। তাইৰ গিৰিয়েক অফিচৰ পৰা আহি পাবৰ সময় হোৱা বাবে তাই গিৰিয়েকলৈ কিবাকিবি বনোৱাত ব্যস্ত হৈ আছিল। তেনেকুৱা সময়ত আলহীজন অহাত শেৱালিৰ মনত অলপ বিৰক্তিৰ ভাৱ উপজিল যদিও মুখত সেই ভাৱ নেদেখুৱাই আদৰ-সাদৰকৈ নি বহুৱালে। মানুহজনে কোনো ধৰণৰ সংকোচ নকৰাকৈ তাইৰ পিছে পিছে আহি বহি লৈ তাইকো বহিবলৈ কৈ কথাৰ মহলা আৰম্ভ কৰিলে। এদিনীয়াকৈ অহা হেতুকে তাই মানুহজনৰ কাৰণে চাহ একাপ বনাবলৈ উঠিব বিচাৰোঁতেও "ওহো মই চাহ নাখাও" বুলি কৈ উঠিল আৰু প্ৰসঙ্গহীন কিছুমান কথা ক'বলৈ আৰম্ভ কৰিলে। প্ৰথম অৱস্থাত তাই কথাবোৰৰ আতি- গুৰি বুজা নাছিল যদিও, পিছত মানুহজনৰ আচল উদ্দেশ্য কি বুজিবলৈ বাকী নাথাকিল। যিটো কথা তাই আটাইতকৈ বেয়া পাই আৰু কোনো দিনে সেই কাম কৰিবলৈ ইচ্ছাও কৰা নাই। যিহেতু টকা- পইচাৰ ফালৰ পৰাও শেৱালিহঁতৰ ঘৰখন সিমান স্বচ্ছলো নহয়।সৰু চাকৰিটোৰে কিবাকিবিকৈ ঘৰখন চলাই আছে। ইমান ভৱিষ্যত ভাবিব পৰা হোৱা নাই। কিন্তু মানুহজন নাছোৰ বান্দা,তাইক বুজাইছেহে বুজাইছে। আমাৰ অসমীয়া মানুহৰ এটা বৰ বেয়া স্বভাৱ আছে,যিমান কামাই সিমান খৰছ কৰে, ভৱিষ্যতৰ কথা মুঠেও নাভাবে, ইত্যাদি ইত্যাদি। অৱশেষত তাই আবিস্কাৰ কৰিলে যে, মানুহজনৰ পত্নী এটা ইঞ্চিউৰেঞ্চ কোম্পানীৰ এজেণ্ট হয়, সেয়েহে পত্নীৰ টাৰ্গেট পূৰাবলৈ তাই এটা পলিচি কৰিব লাগে।
মানুহজনৰ উঠাৰ কোনো উমঘামেই নেদেখি তাই অস্বস্তিবোধ কৰিলে। কিন্তু মানুহজনৰ উঠাৰ কোনো লক্ষণেই তাই দেখা পোৱা নাই। ইমান কামোৰ বুলি আগতে জনাহেঁতেন ------!
ইফালে গিৰিয়েক আহি পাবলৈও হৈছে। তাইৰ উপায় নোহোৱা অৱস্থা। উপায়ন্তৰ হৈ তাই বহুত দিনৰ পৰা মিটিঙত পিন্ধি যোৱাকৈ এযোৰ কাপোৰ লʼম বুলি সাচি ৰখা সাচতীয়া টকা কেইটাকে আগ-পিছ নভবাকৈ উলিয়াই দিলে। মানুহজনেও এটা সন্তুষ্টিৰ হাঁহি মাৰি ফৰ্ম এখনত তাইৰ চহী কেইটামান ল'লে আৰু অলপ যাৱতীয় নথিৰ ফটোষ্টেট উলিয়াই লৈ ঘৰমুৱা হ'ল।
মানুহজন যোৱাৰ পিছত তাই ভাবিলে যে, তেওঁৰ সাধাৰণ এটা কমিচনৰ নামত ইমান মানুহক বিৰক্ত কৰিব পাৰে নে? মানুহক ভালৰি লগাব যাওঁতে এতিয়া তাইৰ মূৰত প্ৰতি তিনি মাহৰ মূৰে মূৰে ৫৪০০/- টকাৰ বোজা এটাহে হ'ল।
কথাটো গিৰিয়েকক ক'ব নে নকʼব ভাবি থাকোঁতেই গিৰিয়েক আহি ঘৰ সোমাল। টকা সাচিব পৰাটো ভাল কথা বুলি তায়ো জানে, কিন্তু এই সময়ত তাই সাচি ৰখাতকৈ ল'ৰা-ছোৱালী দুটাক কষ্ট নোপোৱাকৈ পঢ়োৱাটোহে বেছি প্ৰয়োজন বুলি অনুভৱ কৰিলে। কিন্তু এনেকুৱা সামাজিক মাধ্যমৰ যোগেদি চিনাকী কিছুমান মানুহৰ পাল্লাত পৰিলে নকৰিব লগা কাম কিছুমানো কৰিবলগীয়া হয়।
মুখলজ্জাত ভুল সিদ্ধান্তটো লৈ শেৱালীৰ মূৰৰ কামোৰণি নুগুচাই হ'ল।
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩
No comments:
Post a Comment