বিভ্ৰান্তি
জুনুকা পাঠক
বৰপেটা
দিবাকৰে তাৰ জন্ম ঠাই গৰৈমাৰীত থকা পূৰণি ঘৰটোত অকলে থাকে। কাৰণ গৰৈমাৰী স্কুল এখনত সি শিক্ষকতা কৰে। পত্নী আৰু মাক গুৱাহাটীত নতুনকৈ সজোৱা ঘৰটোত থাকে। এমাহ আগতে দিবাকৰৰ ঘৰত চুৰ হৈছিল। সেইকাৰণে সন্মুখত পালে যাতে চুৰক প্ৰতিহত কৰিব পাৰে ,তাৰ বাবে সি এডাল চিপৰাং কিনি আনিছিল। সি প্ৰতি সপ্তাহৰ শনিবাৰে গুৱাহাটীলৈ যায় আৰু সোমবাৰে স্কুল পায়হি। আজি শনিবাৰ সি গুৱাহাটীলৈ যাব। সেই বাবে সোনকালে ঘৰলৈ আহিলে। দুৱাৰ খুলি দেখে যে ; পাকঘৰত দৰ্জাৰ তলত প্ৰকাণ্ড গাঁত এটা। গাঁত দেখি দিবাকৰৰ তালুৰ আগেদি জীৱ উৰি গ'ল। তাৰমানে আজিও চুৰে গোটেই সোপাকে লৈ উধাও হ'ল। তাকো দিন দুপৰতে। সি হাঐ বিঐ কৈ চিঞৰিব ধৰিলে। গডৰেজ উদং। পাকঘৰৰো কিছুমান মূল্যবান সম্পদ নাই। শেষ সকলো ঘৰৰ বস্তু। মূৰে কপালে হাত দি সি ধুপুচকৈ চোঁতালতে বহি পৰিল। দুখত বুকু ফাটি যাও, ফাটি যাও যেন হʼল। বেছিদিন হোৱাই নাই চুৰ হোৱাৰ; আৰু আজি। দুৱাৰখনৰ ওচৰতে চিপৰাংডাল দেখি সি অবাক হ'ল। তাৰমানে সি আজি চিপৰাংডাল ঘৰত সোমাই থোৱা নাছিল। তাৰ মূৰ্খামীৰ কাৰণেই আজি এনে অমংগলীয়া ঘটনা ঘটিল। আনলৈ হুল পুতি নিজে ফুতি মৰাৰ দৰে হ'ল। উপায় বিহিন হৈ বেচেৰা পেটত একো এটা নিদি গুৱাহাটীলৈ বুলি ৰাওনা হ'ল। যি কি নহও ; দুখ বেজাৰ সামৰি সি বাছত উঠিল । গাড়ীত বহি সি চুৰৰ উপদ্ৰৱৰ কথাকে ভাবি ভাবি যাওতে বহা চিতত বহি বহিয়েই কেনেকৈ যে টোপনি আহিল, গমকে নাপালে। 'দাদা ক'ত নামিব ?" কণ্ডাক্টৰে দুই তিনিবাৰকৈ মতাতহে সি চকখাই চকু মেলি চালে । "নাৰেংগীত নামিম ।"
"নামক নাৰেংগী পালো।"
গাড়ীৰ পৰা নামি ঢলং পলং কৈ সি আগবাঢ়িল। দেহত যেন দহ মোন ওজনৰ ভৰ। মনৰ দুৰ্ভাৱনাত ভৰিও অস্থিৰ হ'ল। খোজ আগবাঢ়িব নোখোজে। এলাহে তাক কাবু কৰিলে। যন্ত্ৰৱত ৰৱট এটাৰ দৰে সি স্বয়ংক্ৰিয় ভাবে কিবাকে শৰীৰটো চোচোৰাই লৈ গৈ থাকিল। দাদা দাদা বুলি কোনোবাই তাৰ ফালে বেগাই বেগাই আহি থকা যেন পালে। কাণসাৰ কৰাৰ মুঠেই ইচ্ছা নাই। মাথোঁ গৈ আছে। দুজনী ছোৱালীয়ে তাৰফালে চাই কিবা কৈ হাঁহি হাঁহি পাৰ হৈ গ'ল। খঙ উঠিল সিহঁতৰ ওপৰত। তাৰ মনৰ অৱস্থাটোক যেন উপলুঙা কৰিছে।
ʼ দাদা ৰ'বচোন।" ল'ৰা জন ফোপাই জোপাই দিবাকৰৰ সন্মুখত ৰ'ল। আৰু ভৰি খনৰ ফালে দেখুৱাই ক'লে 'দাদা এপাত মোৰ চেণ্ডেল পিন্ধি আহিছে।" তেতিয়াহে মন কৰিলে। হয়টো দুয়োখন ভৰিৰে চেণ্ডেল বেলেগ বেলেগ। এপাত তাৰমানে ল'ৰা টোৰ।ছেঃ কি যে কাণ্ড হ'ল। টোপনিৰ নিচাত এপাত যে বেলেগ চেণ্ডেল পিন্ধি আহিছে, গমেই নাপালে। লাজত কাণ মূৰ গৰম হ'ল । ছোৱালী দুজনীৰ হাঁহি ৰহস্য এতিয়াহে বুজি পালে। ʼ চোৰি ʼ বুলি কৈ চেণ্ডেল সলাই পুনৰ খোজ ললে। আজি তাৰ লগত দুয়োটা ঘটনাই তাক বিভ্ৰান্ত কৰিলে । যি নহওক , সি গৈ থাকিল। গৈয়ে থাকিল। পৰিশ্ৰান্ত সি; ভাগৰত অণ্ঠ কণ্ঠ শুকাই গ'ল। বৰ পানী পিয়াহ লাগিছে। এখন দোকানৰপৰা এটা পানীৰ বটল কিনিলে । সাঁফৰটো খুলি পানীখিনি মুখৰ আগত ধৰিছিল হে মাত্ৰ ; পকেটত মোবাইল বাজি উঠিল। অনিচ্ছা সত্বেও ফোনটো ৰিচিভ কৰিলে সি -
: হেল্ল................ ?
: অ হয় মোৰে নাম।
: আপোনাৰ বেগটো চিতত থৈ মোৰটো লৈ গৈছে । বেগত থকা নথি পত্ৰৰ পৰা আপোনাৰ নাম্বাৰ সহ নামটো পালো। আপুনি কোনখিনি পাইছে ?
হায় বিধি! এইবোৰ তাৰ লগত কি বিসংগতি হৈ আছে । এঃ হয়টো ! সচাই মানুহ জনৰ বেগটোকে লৈ আহিছে সি। লাজে অপমানে দুখে বেজাৰে সি মৰ্মাহত হৈ পৰিল। সব বিড়ম্বনাৰ আদি মূৰ এই চুৰটো। হিয়া আজুৰি সি তাক মনতে গালি দিলে। চুৰ বেটাৰ বাবেহে আজি তাৰ জীৱনত মহা পয়মাল ঘটিল। সি বেগটো আৰু এবাৰ ৰাষ্টাটোৰ ফালে চাব ধৰিলে। লাজত দুখত চিঞৰি চিঞৰি কান্দিবৰ মন গ'ল।
ই-ৰিক্সা এখনৰ পৰা মানুহ এজন নামিল আৰু তাৰ বেগটো দি ,নিজৰ টো লৈ ক'লে - "ডাঙৰীয়া গাড়ী মটৰত অলপ সাবধান হব লাগে। আপোনাৰ বেগটোত টকাও আছিল বহুত। কোনোবা দুস্কৃতি প্ৰকৃতিৰ মানুহে পোৱা হলে ,বেগটো পুনৰাই ঘুৰাই পালেহেঁতেন নে? '
বেচেৰা দিবাকৰ ! তাৰ মুখত এটাও শব্দ নোলাল। ডিঙিটো শুকাই যোৱা যেন লাগিল। তথাপিও দিনটোত ঘটা বিসংগতি য়ে দেহমন জঠৰ কৰিলেও বেগটো পোৱাত কিছু আশ্বস্ত হ'ল। সি দেবৰূপী মহান মানুহজনক নমস্কাৰ জনাই বহুত বহুত ধন্যবাদ দিলে।
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩
No comments:
Post a Comment