সংস্কাৰ
নবীন চন্দ্ৰ মেধি
গোলাঘাট
দূৰৰ পৰাই সি পঢ়া বিদ্যালয়খনৰ প্ৰধান শিক্ষকক দেখা পাই ৰংমনে চাইকেলখনৰ পৰা নামি ৰৈ দিলে। অতীতত বৰষুণ দি থাকিলেও শিক্ষকক দেখা পালে ছাতি জপাই দিয়া ৰংমনে আজিও তাৰ পঢ়াশলীয়া জীৱনৰ গুৰু শৰ্মা ছাৰক দেখা পাই চাইকেলৰ পৰা নামি এদাঁতিত ৰৈ দিলে । ছাৰ ওচৰ পোৱাৰ লগে লগে সম্ভ্ৰমেৰে মাত লগালে আৰু খা খবৰ লৈ ঘৰমুৱা হ'ল। ছাৰে মনে মনে ভাৱিলে ৰংমন এতিয়াও আগৰ দৰেই আছে। শৈশৱতে আহৰণ কৰা সংস্কাৰৰ আদিপাঠ ডাঙৰ হ'লেও অথলে নাযায়।
কিছুদূৰ আগুৱাই যোৱাৰ পাছত এখন দোকানত আড্ডা পিটি থকা কেইটামান ল'ৰাই ছাৰক দেখা পাইও মুখেৰে ধোৱা উৰুৱাই চিগাৰেট হুপি বহি থকা দেখা পালে। সিহঁতৰ কোনো ভ্ৰূক্ষেপেই নাছিল । এই দেখা পাই ছাৰৰ মনটো অলপ বেয়া লাগিল। শৈশৱতে সিহঁতক শিকোৱা মনত আছে বিড়ি চিগাৰেট আদি নাখাবা, ধূম্ৰপান নকৰিবা। ই বেমাৰৰ কাৰণ হ'ব পাৰে। কিন্তু আজি কালি সৰু সৰু ল'ৰা বোৰেও মদ ভাং ধপাত বিড়ি চিগাৰেট আদি খাবলৈ আৰম্ভ কৰিছে। এইবোৰ দেখা পাই ছাৰৰ মনটো বৰ বেয়া লাগিল। ইমান বছৰে আমি কৰা ত্যাগৰ মূল্য কিছুমান ছাত্ৰ ছাত্ৰীয়ে এনেদৰেই দিয়ে। কিন্তু এটা কথা ভাৱি ভাল লাগিল ৰংমনৰ দৰে ভাল ঘৰৰ সংস্কাৰী ল'ৰা এতিয়াও আছে। আচলতে সংস্কাৰেই আদি মূল। এজন ল'ৰাই ঘৰখনৰ পৰাই প্ৰথমে সু আৰু কু সংস্কাৰ আৰ্জন কৰে।
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩
No comments:
Post a Comment