আৰ্চিখন
চম্পাৰাণী হালৈ
আৰ্চিত থিয় হ'বলৈ
মোৰ বৰ ভয়
আৰ্চিয়ে মোক
খুলি খুলি ৰ'দত থয়
দাগবোৰ মেলি ধৰে
মোৰ বিষাদ গহনত
প্ৰতিবিম্ববোৰ ধূসৰ হয়
নিজৰ পৰা হেৰাই যায়
নিজৰ ছাঁ ।
আৰ্চিখনৰ স'তে মই
কথা পাতোঁ
হাহোঁ, পজ দিওঁ
ঠগিবলৈ চেষ্টা কৰোঁ নিজক
সি দুষ্টালিৰে ঘুৰাই দিয়ে
মোৰ বিষাদ ।
আৰ্চিখনৰ স'তে মোৰ
প্ৰেম হয়
শত্ৰুতা হয়
খঙৰ ভমকত ঢাকি যাওঁ
তাৰ নগ্ন শৰীৰ
মোৰ আৰ্চিখন
মোৰ বিষাদময়তাৰ প্ৰতিবিম্ব ।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩





No comments:
Post a Comment