যেন বিনা মেঘে বজ্ৰপাত
খগেন পেগু
যোৱা সংখ্যাৰ পৰা..
দ্বিতীয় খণ্ড
আজি প্ৰায় বাৰ বছৰমানৰ আাগৰ পৰা মিচিং ভাষাক Medium of instruction, অৰ্থাৎ শিক্ষাৰ মাধ্যম কৰিব লাগে বুলি চৰকাৰৰ ওচৰত দাবী জনাই অহা হৈছে৷ অৱশ্যে তাৰ মাজতে কাৰোবাৰ কিবা তালি-বাজি আৰু মিচিং বৰ্ণমালাৰ পঠন পদ্ধতি সংক্ৰান্তীয় সংশোধনীও চলিল৷
ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে NEP, অৰ্থাৎ ৰাষ্ট্ৰীয় শিক্ষানীতি, 2020 ঘোষণা কৰিলে৷ তাত এই কথা কোৱা হ'লযে এতিয়াৰ পৰা দেশৰ সৰু-বৰ সকলো মাতৃভাষা পঞ্চমমান শ্ৰেণীলৈকে শিক্ষাৰ মাধ্যম হ'ব৷ অৰ্থাৎ সৰু ল'ৰা-ছোৱালীয়ে এতিয়াৰ পৰা তেওঁলোকৰ মাতৃভাষাৰ যোগেদি প্ৰাথমিক শিক্ষা লাভ কৰিব৷ গতিকে আশা কৰা হৈছিল, তিৱা, ৰাভা আদি জনগোষ্ঠীয় মাতৃভাষাৰ লগতে এইবাৰ মিচিং ভাষাও শিক্ষাৰ মাধ্যম হ'ব৷
পিছে চৰকাৰৰ সদিচ্ছাৰ অভাৱ৷ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে অনুমোদন জনালেও চৰকাৰে তাত মনোযোগ নিদিয়ে৷ এতিয়া মিচিং ভাষা শিক্ষাৰ মাধ্যম হোৱাটো দূৰৰে কথা; আনকি 1986-87 শিক্ষাবৰ্ষৰ পৰা বিষয়-ভাষা (Subject Language) হিচাপে চলি অহাৰ কথাটোও একপ্ৰকাৰ ছেদেলি ভেদেলি হ'ল৷
ঠিক এনেহেন সময়তেই যেন বিনা মেঘে বজ্ৰপাত হ'ল৷ কাৰ্বি ভাষা কিয় এতিয়ালৈকে সংবিধানৰ অষ্টম অনুসূচীৰ অন্তৰ্ভূক্ত হোৱা নাই বুলি প্ৰশ্ন কৰোঁতে অসম বিধানসভাত মুখ্যমন্ত্ৰীয়ে উত্তৰ দিলে, ৰোমান লিপিৰে কোনো ভাষা সংবিধানৰ অষ্টম অনুসূচীৰ অন্তৰ্ভূক্ত হ'ব নোৱাৰে; সেয়ে অসম চৰকাৰে তেনে প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ আগবঢ়াই নিদিয়ে৷
উপৰিউক্ত কথাটো যদি সঁচা হয় তেন্তে মিচিং ভাষাও সংবিধানৰ অষ্টম অনুসূচীৰ অন্তৰ্ভূক্ত নহ'ব৷ কিয়নো মিচিং ভাষা ৰোমান লিপিৰেই লিখা হয়৷ পিছে প্ৰশ্ন হয়, যদিহে তেনে বাধা-নিষেধ আছিলেই তেনেহ'লে আগৰ চৰকাৰে কিয় ৰোমান লিপিৰে মিচিং ভাষাক স্বীকৃতি দিলে?
বৰ পৰিতাপৰ বিষয়, এতিয়া চৰকাৰৰ ভুল পদক্ষেপৰ কুফল মিচিং সমাজেও ভুগিব লাগিব৷ 1972 চনৰ পৰা, অৰ্থাৎ মিচিং আগম কৌবাং গঠন হৈ মিচিং ভাষা-চৰ্চা আৰম্ভ কৰাৰ পৰা আজি প্ৰায় পঞ্চাছ বছৰ পাৰ হ'ল; আৰু মিচিং ভাষা চৰকাৰ দ্বাৰা স্বীকৃতি দিয়া সময়ৰ পৰা, অৰ্থাৎ 1985 চনৰ পৰা আজি প্ৰায় চল্লিছ বছৰৰ ডেওনা পাৰ হওঁ হওঁ৷ এনেহেন মুহূৰ্তত যদি লিপি সলনি কৰিবলগীয়া হয় তেন্তে মিচিং ভাষা পঞ্চাছ বছৰ পিছলৈ ঘূৰি যাবগৈ লাগিব৷
অৱশ্যে অষ্টম অনুসূচীৰ কথা কোৱা সংবিধানৰ অনুচ্ছেদ 343ৰ পৰা 351লৈ তেনেকুৱা একো বাধা-নিষেধ নাই, য'ত কোৱা হৈছে ৰোমান লিপিৰে লিখিলে যিকোনো এটা ভাষা সংবিধানৰ অষ্টম অনুসূচীৰ অন্তৰ্ভুক্ত হ'ব নোৱাৰে৷ এইক্ষেত্ৰত এগৰাকী আইনজ্ঞৰ ভাষ্য এনেধৰণৰ, "One should go through carefully the Art. 343 to 351. Nowhere it is stated that a mother tongue written in Roman script cann't be granted medium of instruction or eight scheduled status. I mean, there is no specific criteria in the Constitution of India regarding inclusion of a language in the Eighth Schedule. Art. 343 simply states that the Hindi language in Devanagiri script shall be the National official language. Further, promotion of Hindi language does not necessariry mean that the other native mother tongue languages should be stampped down."
তৎসত্বেও অগত্যা যদি ৰোমান লিপিৰে লিখিলে শিক্ষাৰ মাধ্যম হ'ব নোৱাৰে আৰু সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভূক্ত হ'ব নোৱাৰে, তেনেহ'লে ভাৰতীয় আৰ্যমূলৰ ভাষা সংস্কৃত, হিন্দী আদিৰ লিপি দেৱনাগৰী, অথবা অসমীয়া, বাংলা আদি ভাষাৰ লিপি গ্ৰহণ কৰাৰ কথা চিন্তা কৰাৰ বাদে আমাৰ গত্যন্তৰ নাথাকিব৷ কাৰণ মিচিং ভাষাৰ দৰে ক্ষুদ্ৰ ভাষাবোৰ চৰকাৰী পৃষ্ঠপোষকতা অবিহনে এটা ভাষা হিচাপে পৃথিৱীত জীয়াই থকাটো বৰ কঠিন হ'ব৷ সেয়ে আমাৰ ভাষা বিলুপ্ত হৈ যোৱাতকৈ আমি ভাৰতীয় আৰ্যমূলৰ কোনোবা এটা লিপি গ্ৰহণ কৰাটো নিতান্তই প্ৰয়োজন হ'ব৷ তেতিয়া যোৱা পঞ্চাছ বছৰে কৰা আমাৰ অতখিনি পৰিশ্ৰম ঠিক অথলে নগ'লেও একপ্ৰকাৰৰ বুৰঞ্জী হৈ ৰ'ব৷
অৱশ্যে এই সকলোবোৰ কৰাৰ আগতে মিচিং আগম কৌবাঙে বিষয়টো ভালকৈ চালি-জাৰি চাই পৰ্যালোচনা কৰক৷ ভাষা একোটা অষ্টম অনুসূচীৰ অন্তৰ্ভূক্ত কৰাৰ ক্ষেত্ৰত ভাৰতীয় সংবিধানে কি কি কথা কৈছে তাক পুঙ্খানপুঙ্খ আলোচনা কৰি লোৱাটো ভাল৷ তাৰ অৰ্থ হ'ল, অষ্টম অনুসূচীত অন্তৰ্ভুক্তিৰ বাবে ভাষাটোৰ লিপি ৰোমান হোৱাত কিবা বাধা-নিষেধ আছেনেকি? তাৰ বাবে আমি বিশেষজ্ঞৰ কাষ চাপিবই লাগিব যিজনে সংবিধানৰ বিষয়ে Top to bottom জানিব৷
প্ৰাপ্য তথ্য অনুসৰি, "বৰ্তমান গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে আৰু ৩৯টা ভাষা সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী উত্থাপন হৈছে। কিন্তু উত্থাপিত লিষ্টখনত মিচিং ভাষাটো উল্লেখ নাই৷ (সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী কৰা বুলি দম্ভালি মৰা আমাৰ জাতীয় নেতাসকলৰ দৃষ্টিগোচৰ হৈছেনে?)
সেইবোৰঃ অংগিকা, আৱাধি, বঞ্জৰা, বজীকা, ভোজপুৰী, ভোটি, ভোটিয়া, বুণ্ডেলখাণ্ডী, ছত্তীশগড়ী, ধটকী, ইংৰাজী, গড়হৱালি, গোণ্ডী, গুজৰাৰী, হো, কাছি, কামতাপুৰী, কাৰ্বি, খাছি, কোদাভা, কোকব'ৰক, কুৰমালি, কুমাওনী, কুৰুখ, লেপচা, লিম্বু, মিজো, মগাহি, মুণ্ডাৰী, নাগপুৰী, নিকোবাৰেছ, পাহাৰী, পালি, ৰাজস্থানী, সম্বলপুৰী, শৌৰাসেনী প্ৰাকৃত, শৰাইকি, টেনিডি আৰু তুলু৷(Source:-James Doley)" Forwarded by Komison Mili in Sr. Mising Citizen, 23-25.
আমি অন্যবিলাকৰ কথা নাজানিলেও উপৰিউক্ত তালিকাত থকা কাৰ্বি, খাচী আৰু মিজো ভাষাৰ লিপি ৰোমান বুলি জানো৷ কাৰ্বি ভাষাৰ লিপি ৰোমান হোৱা বাবে অসম চৰকাৰে সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী কেন্দ্ৰীয় চৰকাৰলৈ আগবঢ়াই নিদিয়ে৷ পিছে মেঘালয় চৰকাৰ আৰু মিজোৰাম চৰকাৰে ক্ৰমে খাচী আৰু মিজো ভাষাক অষ্টম অনুসূচীত অন্তৰ্ভূক্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ নিশ্চয় আগবঢ়াই দিছে৷ চোৱা যাওক, কেন্দ্ৰীয় চৰকাৰে তাত অনুমোদন জনাবনে নজনায়?
তাৰ উপৰি, কাৰ্বি ভাষা ইতিমধ্যেই শিক্ষাৰ মাধ্যম হৈছে৷ অষ্টম অনুসূচীত অন্তৰ্ভুক্তিৰ বাবে কাৰ্বিসকলে ৰোমান লিপি প্ৰত্যাহাৰ কৰি অন্য আৰ্যমূলীয় ভাৰতীয় লিপি গ্ৰহণ কৰেনে নকৰে সেইকথাও চোৱা যাওক৷ আমাৰ মতে, কাৰ্বিসকলেই আমাক পথ প্ৰদৰ্শন কৰিব৷ তেওঁলোক আমাৰ পাথেয়৷ আমি মিচিংসকলে তেওঁলোকক অনুসৰণ কৰি আগবাঢ়িলেই আমাৰ 'বিনা মেঘে বজ্ৰপাত'ৰ সমস্যাও নাইকীয়া হৈ যাব।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩

No comments:
Post a Comment