নীলা খামৰ চিঠি
দীপ্তি ঠাকুৰ গোস্বামী
ডাকোৱালাই দি যোৱা নীলা খামৰ চিঠিখন
নঙলা খোলাৰ মধুৰ স্মৃতি
আজি মোৰ মানসপটত
কাব্যিক অলংকাৰেৰে পৰিপূৰ্ণ
সংসাৰ গঢ়ৰ স্বৰ্ণখচিত প্রেমপত্ৰৰ
সুন্দৰ চিত্ৰ
সেউজী সুবাস সোণালী ইতিহাস
তুমি যেন
শৰতৰ শেৱালীৰ সুবাস
শীতৰ কোমল ৰ'দালী
ফাগুনৰ উন্মনা বতাহ
ব'হাগৰ সেউজীয়া কঠীয়া
আঘোণৰ সোণালী পথাৰ
হিয়া দিয়া নিয়াৰ
মধুৰ ক্ষণ
মনত পৰেনে তোমাৰ
তোমাৰ মনৰ ভাষা
সাগৰৰ গভীৰতা
আকাশৰ বিশালতা
সুৰৰ ঝংকাৰ তোলে প্ৰেমৰ সংজ্ঞাই
প্রজ্জ্বলিত ৰূপেৰে উজ্জীৱিত প্ৰেমৰ বন্তিগছি
ক'ভিডৰ তচনচ
কৰুণ সুৰৰ ৰাগিনী তুলি
বগা সাজ পিন্ধি
অহা বাটেৰে
আন্ধাৰ নিশা
গুছি গ'লা নঙলা খুলি.....
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩


No comments:
Post a Comment