সোৱণশিৰিক বৈ থাকিবলৈ দিয়া
অনুভৱ প্ৰিয়ম মিৰি
বুকুৰ স্পন্দনত সোৱণশিৰি
বুকুৰ সিৰা উপসিৰাত সোৱণশিৰি
সোৱণশিৰিৰ গতি উঠা-নমা নকৰিবা
অনাদি কালৰ গতিৰ দৰে বুকুৰ পৰা বুকুলৈ
সোৱণশিৰিক অহৰহ বৈ থাকিবলৈ দিয়া
সোৱণশিৰিয়ে খেতি ডৰা খহাই নিলেও
সৰ্বস্বান্ত নহয় কৃষকৰ সন্তান সম্ভৱা সপোনবোৰ
বাৰিষাৰ বানে চাঙঘৰটো উটুৱাই নিলেও
স্তব্ধ নহয় নৈপৰীয়াৰ দৈনিক জীৱন যাত্ৰাবোৰ
কিন্তু সোৱণশিৰি শুকাই গ'লে
মৰুভূমি হ'ব পাৰে নৈপৰীয়াৰ সেউজীয়া সপোন
উশাহ-নিশাহ ল'ব নোৱাৰি ছটফটাব পাৰে
দেহৰ প্ৰতিটো অঙ্গ-প্ৰত্যঙ্গবোৰ
শুকাই যাব পাৰে জীয়া আশা-আকাংক্ষাবোৰ
সোৱণশিৰি বৈ আছে বাবে
আজি জৈৱ-বৈচিত্ৰ্য উল্লাসিত হৈ আছে
নৈপৰীয়াৰ খেতিবোৰ সজীৱ হৈ আছে
চৰ-চাপৰিত কঁহুৱা ফুলবোৰ গুঞ্জৰিত হৈ আছে
কুলকুল হৈ সুৰীয়া অই:নি:তমবোৰ বাজি আছে
দিল্লী দিছপুৰে বান্ধ নিৰ্মাণ কৰা দিনৰ পৰা
সোৱণশিৰিয়ে মৃত্যুৰ ক্ষণ গণিছে
কেতিয়াবা উশাহ-নিশাহ ল'ব নোৱাৰি
নিৰৱে বিনাই চকুলো টুকিছে
শান্তিৰে শুৱ পৰা নাই
শান্তিৰে খাব পৰা নাই
ক্ৰমশঃ শক্তিবোৰ কমি আহিছে
যিমানে দিনবোৰ পাৰ হৈ আহিছে
সোৱণশিৰিৰ সিমানে বিপদ বাঢ়ি আহিছে
বৈ বৈ কঢ়িয়াই লৈ ফুৰিব লগা হৈছে বিপদবোৰ
প্ৰয়োজন হ'লে দিল্লী দিছপুৰে
যিকোনো মুহূৰ্তত বন্ধ কৰি দিব পাৰে বান্ধ
খুলি দিব পাৰে বান্ধ
এতিয়া সোৱণশিৰি আৰু নৈপৰীয়াৰ জীৱন
বান্ধ বন্ধ কৰিলেও বিপদ
বান্ধ খুলি দিলেও বিপদ!
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩

No comments:
Post a Comment