বৃষ্টিৰে ঢালিলা সৃষ্টিৰ আনন্দ
যমুনা দুলু বৈশ্য
শুৱালকুছি
নীলিম আকাশৰ ডাৱৰ ফালি
লাজৰ ওৰণি গুচাই নামি আহা
মাটি চুবলৈ পাটৰাণী তুমি বৃষ্টি ৰূপত।
তুমি আহিলে নুপুৰ গুণ গুণনি
বাজি থাকে কানত প্ৰেমৰ অনুভৱৰে
উল্লাসৰ বুকুত সৃষ্টিৰ আনন্দ।
বৃষ্টিৰে ঢৌৱে ঢৌৱে বুকুত বহুত হেঁপাহ
সাগৰৰ বুকুলৈ মেলি দিও জীৱনৰ ছাঁ
পোহৰ ভাৱনাৰ সুখ, দুখৰ পৰিধি।
স্মৃতিৰ পটত ভাঁহি থকা সঠিক ঠিকনা
লক্ষ্য ভ্ৰষ্ট কৰা আপোন মানুহৰ আঘাত
স্থায়ী নহয় হৈ পৰে অচিনাকি।
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩


No comments:
Post a Comment