নদী
তৰা বৰুৱা
বৰপথাৰ, গোলাঘাট
নদী মোৰ জন্মগত পৰিচয়
যি পৰিচয়ত আছে এক এৰাব নোৱাৰা সমন্ধ
নদী নীৰৱধী
নিৰলে,নিৰন্তৰে মাথোঁ বৈ যায়
নদীয়ে দুখ-সুখ
সকলো নিৰলে সহে
নদী গর্ভৱতী হয়
তেতিয়া পথাৰত সোণগুটি সিঁচে
খেতিয়কে নাঙলৰ মুঠিত ধৰে
পথাৰবোৰ হৈ পৰে সেউজীয়া
নদীয়ে যেতিয়া
প্ৰসৱ বেদনাত চটফটাই
তেতিয়াই আঘোণৰ পথাৰত
সোণগুটি সৰে
পলকতে ফেনে-ফুটুকাৰে বাঢ়ে
নদীৰ বুকু
পলকতে শুকায় যায় নদীৰ বুকু
সৃষ্টি হয় একোএকোটা মৰাসুঁতি
নদীয়ে সুঁতি সলাই
তথাপিও বৈ যায় নীৰৱে
নিৰৱধী হৈ
এই নদীৰ বুকুত মোৰ ল'ৰালিৰ
বহু স্মৃতি আজিও সজীৱ হৈ আছে
যিয়ে মোক সোঁৱৰাই থাকে
মাছ-পুঁঠি,গৰুবিহুৰ এক মধূৰ স্মৃতি
নদীয়ে মোক ল'ৰালিত
মৰমেৰে সাৱটি লয়
চাফা কৰে মোৰ দেহৰ মলিৱৈ বৰণ
নদীৰ নাম আছে গঙ্গা-যমুনা
কিম্বা লুইত-কাবেৰী
কিন্তু...
মোৰ ল'ৰালিৰ নদীৰ নাম ৰেংমাই
যি নদীত মই আপোন পাহৰা হওঁ
যি নদীত মোৰ ল'ৰালি কৈশোৰ পাৰ হৈ যৌৱনৰ দুৱাৰদলি চিনাকী কৰাই
সেই নদীৰ নাম ৰেংমাই
সেই নদী আজি ৰুগ্ন
সেই নদী আজি ভগ্ন
ৰুগ্ন মোৰ আই
ৰুগ্ন মোৰ আইৰ পথাৰ
মোৰ বাবে সেই মাতৃস্বৰূপা
নদীৰ বুকুত আজি বিষাদৰ ছাঁ!
বিষাদ মোৰ আইৰ বুকুত !
বিষাদ আজি খেতিয়কৰ বুকুত !
বিষাদ আছে মোৰো বুকুত,
মাথোঁ দূৰণিৰ পৰা ৰ' লাগি
চাই ৰ'ল নগা পাহাৰটোৱে
সি যেন নিমাত নিস্তব্ধ
এটি নীলাজ পাহাৰ
সি যেন সুখী বিষাদৰ মালা গাঁথা
অদম্য পহৰী ৰেংমাই নদীৰ
সাতামপুৰুষীয়া দুখৰ নদীত
বোৱা চকুলো চায়
টুকুৰা-টুকুৰকৈ ভাগিল
ৰেংমাই নদীৰ গা
সৃষ্টি হ'ল এটি এটি কৈ মৰাসুঁতি
যোৰা তাপলি মাৰি ঢাকিছে
ৰেংমাই নদীৰ গা
এতিয়া তাত মাছ-কাছ নাই
নাথাকে তাত বৰ বৰ
ব'ৰালি,চিতল মিছা মাছ
নাপাতে মোৰ আয়ে বাতি
এতিয়া তাত দেখা পাওঁ
দুখেৰে ভৰা এখন জীয়া ছবি
যি ছবিয়ে মোৰ হৃদয়ত খুন্দা মাৰে
মন হৈ পৰে বিষাদ ভৰা
এটি নিজানৰ গান ৷
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩


No comments:
Post a Comment