চৰিত্ৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, November 1, 2023

চৰিত্ৰ

 

চৰিত্ৰ


মিনু হাজৰিকা

গোৱালপাৰা


      মি সমাজ পাতি বাস কৰি জীয়াই আছো বাবে আমাৰ গাত কিছুমান গুণ থাকে ৷ তাৰে কিছুমান ভাল আৰু কিছুমান  বেয়া ৷ মানুহ সামাজিক প্ৰাণী। 

      সত্যনিষ্ঠা, ন্যায়পৰায়ণতা, দয়া, ক্ষমা, আদি হৈছে ভাল আৰু মহৎ গুণ ৷ এনে গুণৰ অধিকাৰী ব্যক্তিক চৰিত্ৰবান বোলা হয় ৷ আনহাতে হিংসা , ক্ৰোধ , লোভ আদি দোষেৰে কলংকিত লোকক চৰিত্ৰহীন লোক বোলা হয় ৷ চৰিত্ৰহীন  লোকৰ দোষবোৰৰ বাবে আমাৰ সমাজত অশান্তিৰ সৃষ্টি হয় আৰু তেনে সমাজত মানুহৰ উন্নতি নহয় ৷ চৰিত্ৰবান লোক পবিত্ৰ জলৰ নিচিনা ৷ তেনেলোক নিজে পবিত্ৰ হোৱাৰ উপৰি তেওঁলোকে আনকো পবিত্ৰ কৰে ৷ 

         চৰিত্ৰবান লোকে কেতিয়াও কামত অৱহেলা নকৰে , কাৰো অন্যায় নকৰে ৷ আনে কিবা অন্যায় কৰিলেও সহ্য কৰে ৷ তেওঁলোকে নিজৰ বিবেক বুদ্ধিৰে সদায় মহত কামহে কৰে ৷ তেওঁলোকৰ হৃদয় ক্ষমা , সহানুভূতি, পৰোপকাৰ , মৰম -চেনেহ , দয়া , আদি গুণেৰে সদা পৰিপূৰ্ণ ৷ 

       লোভ , খং , চকুচৰহা আদি গুণে তেওঁলোকক আক্ৰমণ কৰিব নোৱাৰে ৷ আনে কিবা অন্যায় কৰিলেও কোনো ধৰণৰ প্ৰতিবাদ নকৰে  ৷ কোনো কামত কেতিয়াবা পৰাজিত হ’লেও তাৰ বাবে খেদ নকৰে ৷ 

        চৰিত্ৰবান লোকৰ শত্ৰু নাই ৷ তেওঁলোক সকলোৰে সন্মানৰ পাত্ৰ ৷ মহাত্মা গান্ধী , লাল বাহাদুৰ শাস্ত্ৰী , হজৰত মহম্মদ ,  যীশুখ্ৰীষ্ট, আদি বিশ্বপ্ৰসিদ্ধ লোকসকল নিজ চৰিত্ৰৰ গুণতেই আজি মৰিও অমৰ হৈ আছে ৷ কথা এষাৰ আছে , সোণৰ জেউতি অমান্য কৰিলে নকমে ৷ অৰ্থাৎ চিকমিকীয়া সোণৰ জেউতি সদায় একেদৰেই থাকে ৷ ইয়াৰ মনোমোহা আৰু আকৰ্ষণীয় উজ্জ্বলতাৰ বাবেই ইয়াৰ মূল্য বেছি ৷ কোনোবাই কেতিয়াবা সোণৰ উজ্জ্বলতা নাই বুলি ক’লেও ইয়াৰ উজ্জ্বলতা কেতিয়াও নোহোৱা হৈ নাযায় ৷ সেইদৰে গুণী আৰু চৰিত্ৰবান লোকক কোনোবাই অৱজ্ঞা কৰিলেও সেই লোকজনৰ জ্ঞান , গুণ , তথা সন্মান কেতিয়াও কমি নাযায় ৷ গুণী লোক চিৰকাল সোণৰ দৰে উজ্জ্বল হৈ থাকে ৷


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages