কবিবোৰ প্ৰেমৰ প্ৰযোজক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, November 30, 2023

কবিবোৰ প্ৰেমৰ প্ৰযোজক

 


কবিবোৰ প্ৰেমৰ প্ৰযোজক 


কল্পনা হাতীবৰুৱা

গোলাঘাট


কবিয়ে আশাৰ জোলোঙাত বিছাৰি ফুৰিছে 

নষ্ট নোহোৱা এখন হৃদয়ৰ ঠিকনা

যুদ্ধ নোহোৱা এখন দেশ। 


বিছাৰি ফুৰা নাই শোক-প্ৰস্তাব 

বিলাব খোজা নাই অসৎ বাণী। 

কবিবোৰ হ'ব বিছাৰে প্ৰেমৰ প্ৰযোজক 

আশাক বিশাল আকাশ 

ভাষাক কৰিব  খোজে সহজবোধ্য। 


বিদেশত থাকিও হ'ব বিচাৰে

স্বদেশৰেই নাগৰিক 

দিনৰ পিছত আহিব ঘৰলৈ উভতি 

হৃদয় ফলিত লিখি ৰাখিব

মাটি মানুহৰ ধান, গান, মান

চৰ-চাপৰিৰ মানুহৰ সৰু সৰু আশা।


কবিয়ে নিবিচাৰে ৰাজ অট্টালিকা 

কবিৰ মনত নাই আকাশ চুৱাৰ হেঁপাহ।


Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages