বুৰ যাওঁ বুলিয়েই পানীত নিবিচাৰোঁ সূৰ্য - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, November 1, 2023

বুৰ যাওঁ বুলিয়েই পানীত নিবিচাৰোঁ সূৰ্য




 বুৰ যাওঁ বুলিয়েই পানীত নিবিচাৰোঁ সূৰ্য


কমলেশ্বৰ কলিতা 


বুৰ যাওঁ বুলিয়েই পানীত নিবিচাৰোঁ সূৰ্য।

বেচা-কিনা কৰা বজাৰৰ

ভেটিৰ ওপৰত ভাগে ভাগে ৰ'দ -

কিমান দাম

কিমান দামত কিনিবা

ক'ত ৰাখিবা যতনাই

কিহৰ তাগিদাত ৰ'দক লৈ

ৰ'দৰ চোলা পিন্ধা আখৰাৰ মুহুৰত !


পানী আৰু ৰ'দ

বৰষুণৰ টোপালত ৰ'দ নে আকাশ -

সিদিনা মাছৰ চকুযুৰি চাওঁতে

জীৱনৰ সান্ধ্য ঠিকনাটো খুজিছিল মোক।

নাজানো কোন তেওঁ

নাজানো মাটি খাই ভাল পোৱা কি স্বভাৱ তেওঁৰ,

শ্মশানলৈ যোৱা ৰাষ্টাটোৰ 

আধা ভগা দলং খাই উদৰ পুৰোৱা

কি চখেৰে চৌখিন তেওঁ।

তেওঁৰ ওঁঠত ভকুৱা মাছৰ ওঁঠৰ বিজল হেন পিছল,

সহজতে পিছলাই থ'ব পাৰে

বাট, পদূলি, মোহৰ মাত।


প্ৰাৰ্থনাৰ অভাব এতিয়া

লখিমী সবাহৰ বাবে,

আঘোণৰ বাবে সহজ কোলাহল

আৰু বাট মোকোলাই লোৱা

ৰ'দৰ বৰষুণ এজাক এইবাটে আহে বুলি মই নঙলামুখতে গছ হৈ বাঢ়ো- 

ভাঙি যোৱা নদীখন দেখো বুলি

উদ্যমহীন ইস্কুলঘৰটো দেখো বুলি।


নঙলামুখত গছ হৈ বাঢ়িছোঁ

মোৰ ছাঁত পিতাৰ দোকান-

ক্ৰমশঃ মলঙি যোৱা নাঙল যুৱলিৰে

ভৰি পৰিছে।


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages