ভাল
লক্ষী প্ৰসাদ ৰেগন
ভাল নালাগে
ভালবোৰ যেতিয়া বেয়া হৈ যায়
বজাৰৰ পৰা ধনিয়া আনিলোঁ। কাইলৈ খাম
পিছদিনা ধনিয়াবোৰ অসুস্থ
এতিয়া কাক গালি পাৰিম। ধনিয়া নে বেপাৰীক
আৰু কি কি যে বেয়া হ'বলৈ গৈ আছে
চাইকেলখন টিউবেলটো ইত্যাদি ইত্যাদি
কোনোটো বস্তুৱে সদায় ভাল হৈ নাথাকে
সময়ৰ লগে লগে সৌন্দৰ্য হেৰায়
তথাপি ভালটো ভাল
মোৰ বাবে। আপোনাৰ বাবে। দহৰ বাবে। সমাজৰ বাবে
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩
No comments:
Post a Comment