চেনেহী আই
ইনু দত্ত
গুৱাহাটী
আই তুমি বাৰু এতিয়া ক'ত আছা,
নেদেখিলো তোমাৰ সেই
চেনেহী মুখখন
তোমাৰ এই জীৱনৰ
অন্তিম যাত্ৰাৰ ক্ষণত।
কিমান মে কান্দিলো
হিয়া উবুৰিয়াই
তোমাক চাবলৈ।
তথাপি নেদেখিলো তোমাৰ
সেই মৰমৰে ভৰা
আলফুল মুখখন,
নাপালো তোমাৰ এষাৰি
মৰমৰ মাত।
সৰুতেই তুমি মোক
কৰি গ'লা মাতৃহীনা।
কেতিয়াবা হিয়াখন
কপি উঠে তোমাৰ কথা
মনত পৰি।
কান্দিবলৈ মন যায়
চিঞৰি চিঞৰি,
হাহাকাৰ কৰি উঠে বুকুখন।
আই তুমি বাৰু এতিয়া ক'ত,
চুই চাবলৈ মন যায়
তোমাৰ সেই প্ৰশান্তিৰে
ভৰা মুখখন।
শুনিবলৈ মন যায়
তোমাৰ সেই মৰমৰে
"আইজনী" বুলি মতা মাতষাৰ
বৰ মন যায় আই।
য'তেই আছা আই
তুমি শান্তিৰে থাকা।
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩


No comments:
Post a Comment