টিপচাকিৰ পোহৰত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, November 1, 2023

টিপচাকিৰ পোহৰত

 


টিপচাকিৰ পোহৰত


                              বিশ্বজিত শইকীয়া

                                   কাৰ্বি আংলং


হাতৰ টিপচাকিটো নুমাও নুমাও

ৰিনিকি ৰিনিকি বাজি আছিল 

আন্ধাৰ আৰু পোহৰৰ সানমিহলি

এটা গান।


সৰি পৰিব খোজা হালধীয়া

কদমৰ পাত এটাত

লিখা আছিল কেইটামান পুৰাকথাৰ সাধু।


নোহোৱা হৈ অহা কেইটামান

বালি খোজৰ চিহ্ন,

সাগৰে ধুই নিয়া জীয়া মানুহৰ

জীয়া অস্তিত্ব।


কোনোবা এজাক বতাহত

উৰি অহা এটা 

মেৰুদণ্ডহীন ভবিষ্যতৰ জঁকা

(মাংসপেশীবোৰ শগুনে খোৱা)


নুমাও নুমাওকৈ জ্বলি থকা

টিপচাকিটোৰ পোহৰত 

সদায়ে উলমি থাকে সপোনৰ

এটা কংকাল।


ফোনঃ ৬০০১৫২৬৮২৫


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages