প্ৰকৃতিৰ ফুল (শিশু কবিতা)
চিম্পী বৰা
নগাঁও
বগা ৰঙা গোলাপৰ
কুমলীয়া পাহি ,
ফুলনিত ফুলি আছে
মাৰি আছে হাঁহি।
চৌদিশ আমোল মোলাই
শেৱালি সন্ধিয়াৰ,
অপাৰ চেষ্টা কৰে
মন হৰি নিয়াৰ।
বোকাত ফুলিছে পদুম
শুৱনি কৰি ঐ,
খোপনি পুতিছে পদুমে
যাব নোৱাৰে বৈ।
ফুলিছে মোৰ পদূলিত
জোপোহা ৰক্তজবা,
এনেকৈ যে হাঁহি থাকিব
নাছিলো যে ভবা।
ওখকৈ কৃষ্ণচূড়া
প্ৰকৃতিৰ শুৱনি,
চাই থাকিলে অকণো
নালাগে আমনি।
আকাশৰ বৰ্ষাবোৰ নামি
ধৰিত্ৰীলে আহক,
ফুলবোৰ এনেদৰেই
জীপাল হৈ থাকক।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩


No comments:
Post a Comment