দুটা কবিতা
যতীন মিলি
এক
বন্ধুত্ব
নজহা-নপমা এটি জঁৰী
বিশ্বাসৰ বেজীৰে সী সী
গুঁঠা হয় তাৰ মজবুত গাঁথৰি ।
দুই
মৃত্যু
এমুঠি উশাহৰ সামৰণি আঁত
নাট সামৰি জিৰণি লয়
আইৰ বুকুৰ শীতলী ছাঁত।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩
About Doksiri
Copyright (c) 2023 Doksiri All Rights Reserved
No comments:
Post a Comment