ভাৰ
মেঘালী গগৈ
যোৰহাট
কিমানখিনি ভাৰ বহন কৰি
এটা মৃতদেহ গধুৰ হৈ উঠে
মৃতদেহটোৱে নাজানে
জানে তাক কঢ়িওৱা
চাৰিজন মানুহেহে ।
কান্দিব নোৱাৰা জীৱন্ত মানুহো
গধুৰ হৈ উঠে
বিষাদেৰে
চকুপানীৰ স'তে কিমান কিযে ভাৰ পাতলে
জীৱন্ত মৃতকে জনা হ'লে !
সুখৰ মুখা তৰপে তৰপে
পিন্ধি থকা মানুহবোৰো
এসময়ত অদ্ভূতধৰণে
গধুৰ হৈ পৰে
নিজকে কঢ়িয়াব নোৱাৰাকৈ !
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩
No comments:
Post a Comment