সাম্প্ৰতিক ভাৰতীয় ৰাজনীতি
জাতিৰাম কামান
বৰ্তমানৰ ভাৰতীয় ৰাজনীতিৰ কথা,কম বেছি পৰিমাণে সকলো সচেতন মহলে জানে;বিশেষকৈ ৰাজনীতিত ভূ ৰখা চামে। আমি বিজ্ঞ ৰাজনৈতিক পণ্ডিত নহওঁ ৰাজনীতিৰ কথা বিশ্লেষণ কৰিবলৈ। মাত্ৰ কেইটিমান কথাৰে আমাৰ আলোচনাৰ মুখনি মাৰিম।
ভাৰতবৰ্ষ এখন সাৰ্বভৌম গনতান্ত্ৰিক গনৰাজ্য,যিখন ৰাষ্ট্ৰ ধৰ্ম নিৰপেক্ষতাৰ আধাৰত প্ৰতিষ্ঠিত। ১৯৪৭ চনৰ ১৫ আগষ্টৰ আগৰ ভাৰতবৰ্ষ খন বিভিন্ন সৰু বৰ স্বাধীন ৰাজ্য বা প্ৰভিন্সত সিঁচৰিত হৈ আছিল।সেই সকলো ৰাজ্যসমূহ গোটাই মেলি ১৯৫০ চনৰ ২৬ জানুৱাৰীত সম্পূৰ্ন এখন গনৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰে ভাৰতীয় সংবিধানৰ যোগেদি।
প্ৰাক্ স্বাধীনতাৰ ভাৰতবৰ্ষখন এটা অবিকশিত,অনুন্নত,জাতিভেদ প্ৰথাৰ পংকিলতাত ডুবি থকা সামাজিক ব্যৱস্থাৰে পৰিৱেষ্টিত এখন সমাজ আছিল।দলিতৰ সন্তান ড০ ভীমৰাও আম্বেদকাৰৰ তত্বাৱধানত প্ৰস্তুত কৰা সংবিধানৰ খছৰাৰ অন্তিম ৰূপ দিয়া হয় 26 নবেম্বৰ ১৯৪৯ চনত আৰু সংসদত ১৯৫০ চনৰ ২৬ জানুৱাৰীত সংবিধানখন বলবৎ হয়।
সংখ্যালঘূ সকলৰ সাংবিধানিক সুৰক্ষা আৰু অনুন্নত জাতি জনজাতিসকলক আগবঢ়োৱা সংৰক্ষণ ব্যৱস্থাই পূৰ্বৰ বৰ্ণবাদী হিন্দু সমাজ ব্যৱস্থা মষিমুৰ কৰি এক বৈষম্যহীন সমাজ ব্যৱস্থাৰ সূচনা কৰা হল যি egalitarian societyৰ অভিধাটো পোষকতা কৰে।
ড০ আম্বেদকাৰে ৰচনা কৰা সংবিধানখন এচাম বৰ্ণবাদী সামন্তীয় হিন্দু সমাজে স্বাধীনতাৰ আগতেও মনা নাছিল আৰু স্বাধীনতাৰ পাছতো পোষকতা কৰি অহা নাই। পাকে প্ৰকাৰে বিভিন্ন দিশত,কাৰ্যক্ষেত্ৰত বিৰোধিতা কৰি আহিছে।
সংবিধানখনত অনুন্নত জাতি জনজাতিসকলৰ বাবে বিভিন্ন ক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থা নথকা হেঁতেন এতিয়াও দলিতসকল সামগ্ৰিকভাৱে দলিত আৰু জনজাতিসকল জংঘলী হৈয়ে থাকিলহেঁতেন! সাংবিধানিক সুৰক্ষা থকাৰ পাছতো কিন্তু এতিয়াও দলিত শ্ৰেনীটো জাতিভেদ প্ৰথাৰ পৰা মুক্ত হোৱা নাই,আক্ষৰিক অৰ্থত তেওঁবিলাক এতিয়াও দলিত হৈয়ে আছে আৰু জনজাতিসকল এতিয়াও মূল সুঁতিৰ সমাজৰ লগত ফেৰ মাৰিব পৰাকৈ শিক্ষিত হোৱা নাই,আৰ্থ সামাজিকভাৱে উন্নতি হোৱা নাই। কাজেই,ভাৰতীয় সংবিধানে অনুসূচীত জাতি জনজাতিসকলক সংৰক্ষণ ব্যৱস্থাৰ যোগেদি সামাজিক মৰ্যদা প্ৰদান কৰি আহিছে। ঠিক একেদৰে সংখ্যালঘূ মুশ্লিমসকলক সংবিধানে সুৰক্ষা প্ৰদান কৰি আহিছে সমাজৰ বিভিন্ন ক্ষেত্ৰত যিটো ইশ্লামিক মৌলবাদী ৰাষ্ট্ৰবোৰত দেখা নাযায়। ইশ্লামিক ৰাষ্ট্ৰত সংখ্যালঘূ হিন্দুসকল সামাজিক ভাৱে সুৰক্ষিত হোৱা পৰিলক্ষিত নহয়।
সাম্প্ৰতিক কালত চলিত চৰকাৰৰ পৃষ্ঠপোষকতাত কট্টৰ হিন্দুত্ববাদী সকলেও ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ কৰিবৰ বাবে সোচ্ছাৰ হৈছে। হিন্দু মৌলবাদী সকলে বিচাৰে ভাৰতবৰ্ষখন হিন্দু ৰাষ্ট্ৰ সাংবিধানিক ভাৱে ঘোষিত হওঁক যাতে হিন্দুসকলৰ আধিপত্য দেশত থাকে।হিন্দুত্ববাদী সকলৰ উদ্দেশ্য হল ভাৰতত ধৰ্মীয় তথা সামাজিক, ৰাজনৈতিক অাৰু অৰ্থনৈতিকভাৱে তথাকথিত হিন্দুত্ববাদীৰ আধিপত্য স্থাপন বিপৰীতে ধৰ্মীয় সংখ্যালঘূ যেনে ইছলাম, খ্ৰীষ্টিয়ান, শিখ, জৈন, বুদ্ধ আদি অন্যান্য ধৰ্মাৱলম্বীসকলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰতিৰোধ। আক্ষৰিক ভাৱে নহলেও কিন্তু ব্যৱহাৰিক দিশত এয়া ঘটিয়েই আছে।হিন্দু ৰাষ্ট্ৰৰ অৱধাৰণাটো মৌলবাদী ইছলামিক ৰাষ্ট্ৰৰ পৰা পৃথক নহয়।ভাৰত যদি হিন্দু ৰাষ্ট্ৰ হয় তেন্তে ইছলামিক মৌলবাদী পাকিস্থান আৰু তালিবানী আফগানিস্থানৰ লগত পাৰ্থক্যটো কত থাকিল?
'ৰাষ্ট্ৰীয় স্বয়ম সেৱক'ৰ আদৰ্শৰে পৰিচালিত আৰু নিৰ্দেশনাৰে চলিত বিজেপি চৰকাৰখন আদৰ্শগত ভাৱে গান্ধী দৰ্শনৰ পৰিপন্থী। এয়া আমি কোৱা কথা নহয়,স্বয়ং আৰ এছ এছে নিসংকোচে নিজে ঘোষণা কৰা সিদ্ধান্ত।স্বাধীন ভাৰতবৰ্ষ গান্ধীবাদত চলা ভাৰত আৰু আম্বেদকাৰৰ সংবিধানত চলা ভাৰত।কিন্তু বিড়ম্বনাৰ কথাটো হল গান্ধীবাদত অবিশ্বাসী আৰু ভাৰতীয় সংবিধানৰ ধৰ্ম নিৰপেক্ষ নীতিক মানি লব নোখোজা গান্ধী হন্তা গডছেৰ আৰ এছ এছ দলৰ ছত্ৰছায়াত থকা এটা ৰাজনৈতিক দলেই ভাৰতবৰ্ষ শাসন কৰি আছে।
গান্ধী পেটেল,নেহৰু,নেতাজী, দীনদয়াল গোলভাৰকাৰৰ প্ৰসংগ এৰি সাম্প্ৰতিক বাস্তৱ ৰাজনীতিৰ প্ৰেক্ষাপটলৈ আহিছোঁ।
আম আদমী পাৰ্টীৰ উদীয়মান নেতা,সুবক্তা ৰাঘৱ চাড্ডাই প্ৰেছক দিয়া এটা বক্তব্য মন কৰিবলগীয়া_
ৰাঘৱ চাড্ডাৰ ভাষ্য হল - 'বিজেপি চৰকাৰখনে সকলো বিৰোধী নেতাক ইডি চিবিআইৰ ভয় দেখুৱাই হয় জেলত বন্দী কৰিব নহয় বিজেপিত চামিল কৰাব'। তেনে এটা ৰাজনৈতিক কৌশলেৰে বহু বিৰোধী মন্ত্ৰী বিধায়কক জেলৰ ভাত খুৱাইছে কেন্দ্ৰৰ বিজেপি চৰকাৰখনে বিপৰীতে তেনে বহু দুৰ্নীতিগ্ৰস্ত বিৰোধী নেতাক নিজৰ দললৈ আনি বিজেপি শাসিত চৰকাৰৰ মন্ত্ৰী বিধায়ক পাতিছে। এয়া অপ্ৰিয় সত্য। বিজেপিক বিৰোধ কৰিলেই দুৰ্নীতিগ্ৰস্ত, দেশদ্ৰোহী, বিজেপিত জইন কৰিলে কিন্তু ধোৱা তুলসীৰ পাত, ৰাষ্ট্ৰবাদী!
আপৰ নেতা মনিশ শিসোডিয়াক জেলত ভৰোৱাৰ পাছত এতিয়া বিহাৰৰ আৰজেডি'ৰ লালু প্ৰসাদ/তেজস্বী যাদৱত হাতোৰা মেলিছে ইডি চিবিআয়ে। মুঠতে বিৰোধী পক্ষক খচকি খচকি বোকাত পোত খুৱাই ভাৰতীয় ৰাজনীতিৰ চৌদিশে পদুমফুল ফুলোৱাই হল বিজেপিৰ ৰাজনৈতিক মহামন্ত্ৰ।
ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিয়ে আকৌ সেই মহামন্ত্ৰত অনুঘটকৰ কাম কৰিছে। কাজেই, বিজেপিৰ পলিটিকেল ষ্ট্ৰেটেজী অব্যৰ্থ। কাৰণ, ৰাষ্ট্ৰীয় চেন্টিমেন্টতকৈ ধৰ্মীয় চেন্টিমেন্ট বেছি প্ৰতিক্ৰিয়াশীল আজিৰ প্ৰেক্ষাপটত।
বিজেপি শাসিত চৰকাৰখনৰ মূল এজেণ্ডা বৰ্ণবাদী হিন্দু ৰাষ্ট্ৰ হলেও ওপৰুৱা দৃষ্টিৰে চালে কিন্তু ৰাজনৈতিক মুনাফা লাভৰ নিমিত্তে লোৱা দলিত/জনজাতীয় নীতিয়ে বিজেপিক আৰু বেছি লাভৱানহে কৰা যেন ধাৰণা হয়!
ইয়াৰ প্ৰকৃষ্ট উদাহৰণ হল - দলিত শ্ৰেনীৰ পৰা অহা ৰাম নাথ কৱিন্দক গত কাৰ্য্যকালত ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত কৰাতো, লগতে এইবাৰ জনজাতীয় সম্প্ৰদায়ৰ নেতৃ শ্ৰীযুতা দ্ৰুপদী মূৰ্মুক ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰা কাৰ্য। লগতে নৰ্থ ইষ্টৰ জনজাতীয় সকলক আপোন কৰি লোৱা মোদি নীতি। উত্তৰ পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰা কিৰেন ৰিজিজু, সৰ্বানন্দ সোনোৱাল আদিক কেন্দ্ৰীয় কেবিনেটত স্থান দিয়া কাৰ্য্য ইয়াৰ উল্লেখনীয় নিদৰ্শন।কবলৈ গলে ভাৰত তথা সমস্ত উত্তৰ পূৰ্বাঞ্চলৰ জনজাতিসকলক হাত কৰা কাৰ্য্য মোডি চৰকাৰৰ এক ষ্ট্ৰেটেজিক সাফল্য। ইয়াৰ জলন্ত উদাহৰণ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সহযোগ আৰু উদীয়মান নগানেতা টামজেন ইমনা আলঙৰ শেহতীয়া সংযোজন বিজেপিৰ প্লেটফৰ্মত। বিজেপিৰ 'জনজাতি প্ৰীতি' নীতিয়ে বিজেপি দলক পৰোক্ষভাৱে ৰাজনীতিত যথেষ্ট সহায় কৰা দেখা গৈছে। A blessing in disguise.
সৰ্বতোপৰি যাতায়ত ব্যৱস্থাৰ উন্নয়ণ,দুখীয়াৰ বাবে,গ্ৰামাঞ্চল নগৰাঞ্চলৰ বাবে বিভিন্ন কল্যাণ
কামী উপভোক্তা আচঁনিবোৰ শাসকীয় দলৰ আছেই,ভোটাৰ শ্ৰেনীক আকৃষ্ট কৰিবৰ হেতু।
সেই সকলোবোৰ সামগ্ৰিক ভাৱে লক্ষ্য কৰিলে ২০২৪ ৰ লোকসভা নিৰ্বাচনত তৃতীয় বাৰৰ বাবে বিজেপিৰ দখললৈ চৰকাৰ অহাতো কোনো আচৰিত হব লগা কথা নহয়।
বিৰোধী শক্তি একত্ৰিত হৈ তীব্ৰ প্ৰত্যাহ্বান আগ বঢ়ালে কিন্তু নিৰ্বাচনী বতাহ বিজেপিৰ প্ৰতিকূলেও বব পাৰে,এয়াও নুই কৰিব নোৱাৰি।
আজিৰ তাৰিখত বিজেপিৰ প্ৰধান লক্ষ্য হল ৰাহুল গান্ধীক পাকে প্ৰকাৰে ৰাজনৈতিক ভাৱে বিধ্বস্ত কৰা। ৰাহুল গান্ধীক কাবু কৰিব পাৰিলেই বিৰোধী শক্তি তাচ পাতৰ দৰে খহি পৰিব এয়া বিজেপিয়ে জানে। কিন্তু হলেও ৰাহুল গান্ধীক সিমান সহজে কাবু কৰিব পৰা নাযাব।
ভাৰত জোড়ো যাত্ৰাৰ সু সমাপ্তি হল ৰাহুল গান্ধীৰ ৰাজনৈতিক ৰক্ষা কৱচ। এই ৰক্ষা কৱচেৰে এঘড়ী যুঁজিলেও ৰাহুল গান্ধীৰ ৰাজনৈতিক প্ৰাসংগিকতা থাকিব, বিজেপি দলে যিমানেই চক্ৰবেহু ৰচনা নকৰক লাগে।
বৰ্তমান ভাৰতবৰ্ষত অসুস্থ গনতন্ত্ৰই বিৰাজ কৰিছেনে গনতন্ত্ৰ বেছি শক্তিশালী হৈছে তাৰ জলন্ত প্ৰমাণ পাব অহাবৰ্ষৰ ২০২৪ ৰ সাধাৰণ লোকসভা নিৰ্বাচনত।
গনতন্ত্ৰ হল জনসাধাৰণৰ,জন সাধাৰণৰ বাবে আৰু জনসাধাৰণৰ দ্বাৰা গঠিত। জনতা জনাৰ্দ্দন! গতিকে, দেখা যাওঁকচোন অহা নিৰ্বাচনত গনতন্ত্ৰ কোনটো ৰাষ্ট্ৰীয় সহযোগী দলৰ আশীষপুষ্ট হয়! দেখিলেহে লেখিম।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩
No comments:
Post a Comment