শব্দৰ শিপিনী
গৌতম মালাকাৰ
কৰিমগঞ্জ
সিৰাত সিৰসিৰাই থকা বৰ্ণমালাৰে
স্বৰ্ণিল দাপোণৰ ফুল বচা
শব্দৰ শিপিনী তুমি!
গছ লতা ফুল নদী
পক্ষী সাগৰ আকাশ ডাৱৰ..
শিলৰ চোলাও
সীব পৰা সাহসী শিপিনী তুমি!
নিৰ্যাতিতাৰ ওঁঠৰ তেজৰ চেঁকুৰা
নাইবা প্ৰেমৰ দ্বীপ্ত শিখাক
শব্দৰে জাগ্ৰত কৰিব পৰা
অনুভৱী শব্দৰ শিপিনী তুমি!
বিপ্লৱ জাতীয়তাবাদ পৰাধীনতা
বানপানী ক্ষুধা সুখ যন্ত্ৰণা...
সকলোৱে ন ন সংজ্ঞা লয়
তোমাৰ ক্ষুৰধাৰ সাৱলীল শৱদত
তুমি শব্দৰ বিনিদ্ৰ শিপিনী!
সততাৰ প্ৰহৰী
মানৱতাৰ পূজাৰী
নিঃসংগতাৰ লগৰী...
তুমি বিস্ফোৰণ
তুমি সমিধান
সতেজ সুবাসৰ উৎস
তুমি অনন্ত বোৱঁতী শব্দ।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩
No comments:
Post a Comment