ল’ৰালি বালি ঘৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, November 1, 2023

ল’ৰালি বালি ঘৰ

 


ল’ৰালি বালি ঘৰ 


                     দেবাৰ্থ ভূষণ বৰগোহাঁই


সপোনৰ বালি ঘৰ  সাজোঁতে সাজোঁতে জীৱনৰ আধাখিনি বয়সে মহটিয়াই নিলে 

মনলৈ ফাগুন নমাৰ সময়ত পচোৱাজাকে বুকু উজাৰি নিলে 

ল’ৰালিৰ দিনবোৰে মন উন্মনা কৰে 

যাব খুজিও সময়ে আগভেটি ধৰে ৷ 

পোনপটীয়া জীৱন বাটত কিমান খলাবমা আছে

সময় আৰু পৰিস্থিতিয়ে কিমান যে খেলিব নিবিছাৰে ৷ 

ল’ৰালিৰ মিঠা সুবাস বোৰে মোক বলীয়া কৰে

বালিঘৰ সজাৰ সপোনে মোক বৰ আমনি কৰে


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages