শাৰদীয় দূৰ্গাপূজা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, November 1, 2023

শাৰদীয় দূৰ্গাপূজা

 



শাৰদীয় দূৰ্গাপূজা 


লখিমী শৰ্মা 

যোৰহাট


    হিন মাহৰ শুক্লাষষ্ঠীৰ পৰা শুক্লা দশমীলৈকে পাঁচদিন ধৰি দেৱী দূৰ্গাৰ পূজা আৰাধনা চলি আহিছে । দূৰ্গা দেৱীক অসংখ্য নামেৰে জনা যায় । তাৰে কেইটামান নাম হৈছে - ভগৱতী, মহামায়া, মহিষমৰ্দিনী, চণ্ডিকা, কালী ইত্যাদি । 

     পুৰাণৰ মতে দূৰ্গ নামৰ অসুৰক বধ কৰাৰ বাবে দূৰ্গা নামেৰে প্ৰসিদ্ধ। দূৰ্গা হৈছে দূৰ্গতিনাশিনী। পৃথিৱীৰ দুখ - দুৰ্গতি, হিংসা - দ্বেষ কলুষ - কালিমা দূৰ কৰি শান্তি প্ৰতিষ্ঠাৰ হকে দূৰ্গা মাতৃৰ পৃথিৱীত আগমন ঘটে। 

    পুৰাণ অনুসৰি মা ভগৱতীয়ে দক্ষ ৰজাৰ ঘৰত সতীৰূপে জন্ম লাভ কৰি শিৱৰ লগত বিবাহ হৈছিল । দক্ষ যজ্ঞত পিতৃ দক্ষৰ মুখত স্বামী নিন্দা সহিব নোৱাৰি সতীয়ে যজ্ঞস্থলীতে প্ৰাণ বিসৰ্জন দিছিল আৰু শিৱই দক্ষৰ যজ্ঞ বিনাশ কৰি সতীৰ দেহ কান্ধত তুলি সমগ্ৰ ভাৰতবৰ্ষ বিচৰণ কৰিছিল । ভগৱান বিষ্ণুৱে সুদৰ্শন চক্ৰৰে শিৱৰ কান্ধত থকা সতীৰ দেহৰ অংগ এটা এটাকৈ ছেদন কৰাত একাৱন্নখন পীঠস্থান বা তীৰ্থস্থান সৃষ্টি হৈছিল। এই পীঠস্থানসমূহৰ ভিতৰত অসমৰ কামাখ্যাই হ'ল শ্ৰেষ্ঠ পীঠস্থান । 

সত্যযুগত মহিষাসুৰৰ অত্যাচাৰত দেৱতাসকল জৰ্জৰিত হৈ বিষ্ণুক আৰাধনা কৰাত স্বয়ং বিষ্ণুৱে নাৰীশক্তিৰ প্ৰতীকৰূপে নাৰীক সৃষ্টি কৰে । এই দেৱীয়েই হ'ল মহিষমৰ্দিনী মা দূৰ্গা । দেৱীয়ে দশভূজা ৰূপেৰে দেৱতাসকলৰ পৰা বিভিন্ন অস্ত্ৰ - শস্ত্ৰ লাভ কৰি সিংহবাহিনী হৈ মহিষাসুৰ আৰু তেওঁৰ পাৰিষদবৰ্গ ধূম্ৰলোচন, শুভ - নিশুভ আদিক বধ কৰিছিল । ফলস্বৰূপে দেৱতাসকলে স্বৰ্গৰাজ্য পুনৰ লাভ কৰিলে । 

কুমাৰসম্ভৱ কাব্যৰ মতে তাৰকাসুৰৰ অত্যাচাৰত দেৱলোক - মনুষ্যলোক কম্পমান হৈছিল । দেৱতাসকলে স্বৰ্গৰ পৰা বিতাড়িত হৈ ব্ৰক্ষ্মাৰ ওচৰলৈ গৈ তেওঁলোকৰ দুখ - দুৰ্গতি বৰ্ণনা কৰাত ব্ৰক্ষ্মাই বিষ্ণুৰ ওচৰলৈ তেওঁলোকক পঠিয়ায় । দেৱতাসকলে বিষ্ণুক স্তুতি কৰি তেওঁলোকৰ আগমনৰ উদ্দেশ্য জনোৱাত বিষ্ণুৱে মহাযোগী মহেশ্বৰ শিৱৰ লগত পাৰ্বতীৰ মিলন হ'লেহে তেওঁলোকৰ পুত্ৰ কাৰ্তিকে তাৰকাসুৰক বধ কৰিব পাৰিব বুলি উপদেশ দিয়ে । বিষ্ণুৰ উপদেশ অনুসৰি দেৱতাসকলে শিৱ - পাৰ্বতীৰ বিবাহৰ আয়োজন কৰে । দেৱতাসকলে শিৱক আৰাধনা কৰি তেওঁৰ সন্মতি সাপেক্ষে পৰ্বতৰাজ হিমালয়ৰ কন্যা উমা (পাৰ্বতী) ৰ লগত মহা ধুমধামেৰে বিবাহ কাৰ্য সম্পন্ন কৰালে। শিৱ - পাৰ্বতীৰ মিলনৰ ফলস্বৰূপে কাৰ্তিকৰ জন্ম হয় আৰু যথাসময়ত কাৰ্তিকে দেৱ সেনাপতি হৈ তাৰকাসুৰক বধ কৰে । 

     ৰামায়ণ অনুসৰি ত্ৰেতাযুগত শ্ৰীৰামচন্দ্ৰই পিতৃসত্য পালন কৰি চৈধ্য বছৰ বনবাস খাটোতে লংকাধীশ ৰাৱণে সীতাদেৱীক হৰণ কৰিলে । সীতাক অন্বেষণ কৰি থাকোঁতে কিষ্কিন্ধাৰাজ সুগ্ৰীৱৰ লগত মিত্ৰতা কৰি সীতাক বিচাৰি হনুমানক পঠিয়ালে । হনুমানে সাগৰ পাৰ হৈ লংকালৈ গৈ অশোক বনত বন্দিনী সীতাক দৰ্শন কৰি লংকা দাহ কৰিলে । উভটি আহি ৰামক সীতা দৰ্শনৰ বাতৰি কোৱাত সৈন্য - সামন্ত সহিতে ৰামচন্দ্ৰই লংকালৈ যাত্ৰা আৰম্ভ কৰিলে । সাগৰৰ তীৰত ৰাৱণ বধৰ বাবে শক্তি লাভৰ কাৰণে অকাল সময়ত শৰৎকালত ৰামচন্দ্ৰই দেৱী পূজাৰ আয়োজন কৰিলে । ইয়াৰ পূৰ্বতে বসন্ত কালতহে বাসন্তী পূজা হিচাপে দেৱীক পূজা কৰা হৈছিল । তেতিয়াৰে পৰাই শৰৎকালত দূৰ্গা পূজা পালন কৰি অহা হৈছে । 

জনবিশ্বাস মতে দেৱী মহামায়া তেওঁৰ দুই পুত্ৰ - গণেশ, কাৰ্তিক আৰু দুই মহাশক্তি - লক্ষ্মী, সৰস্বতীক লগত লৈ কৈলাশৰ পৰা পৃথিৱী অভিমুখে মহালয়াৰ পৰা পঞ্চমীলৈকে পাঁচদিন যাত্ৰা কৰি ষষ্ঠীৰ দিনা ধৰাধামত উপস্থিত হয় । ষষ্ঠীৰ পৰা দশমীলৈকে জগতবাসীয়ে মহাভক্তিৰে পূজা আৰাধনা কৰি দেৱীৰ পৰা আশীৰ্বাদ বিচাৰে । বিজয়া দশমীৰ দিনা দেৱীয়ে পুনৰ পৃথিৱীৰ পৰা প্ৰত্যাগমণ কৰে । দূৰ্গা মাতৃয়ে হাতী, ঘোঁৰা, দোলা আৰু নৌকা বাহনেৰে গমণাগমণ কৰে বুলি বিশ্বাস আছে আৰু সেইমতে ফল লাভ হয় । দূৰ্গাপূজা কেইদিন প্ৰকৃতিস্বৰূপা দেৱীৰ সন্তুষ্টিৰ বাবে ভক্তসকলে অতি ভক্তিভাৱেৰে পূজা - অৰ্চনা কৰে । আই মহামায়াৰ কৃপাত পৃথিৱীৰ পৰা অপায় - অমংগল নাশ হৈ সুখ - শান্তি বিৰাজ কৰক ~ এয়ে প্ৰাৰ্থনা  ।।।। 



                " যা দেৱী সৰ্বভূতেষু 

                 শক্তিৰূপেন সংস্থিতা 

             নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ

                        নমো নমঃ  । " 


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages