তিৱা জনগোষ্ঠীৰ বসন্তকালীন উৎসৱ ছগ্ৰা
শৰৎ পাটৰ
অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী তিৱাসকল জাতীয় সংস্কৃতিৰে মহিমামণ্ডিত এটি জাতি৷ তিৱাসকল যে নিজস্ব কৃষ্টিৰে চহকী সেয়া ঠাৱৰ কৰিবলৈ কোনো ঐতিহাসিক সমল নেথাকিলেও বৰ্তমানে প্ৰসাৰ লাভ কৰি থকা সংস্কৃতিয়েই যুগান্তৰকাৰী স্বাক্ষৰ বহন কৰি আহিছে৷
ছগ্ৰামিছাৱা বা বসন্তকালীন উৎসৱ তিৱাসকলৰ সংস্কৃতিৰ আপুৰুগীয়া সম্পদ৷ ইয়াক তিৱাসকলে স্বকীয়ভাৱেই পালন কৰে৷ চ’তৰ সংক্ৰান্তিৰ দিনা অসমত ব’হাগ বিহু পালন কৰা হয়৷ কিন্তু তিৱাসকলে বিহু পালন কৰে ব’হাগ বিহুৰ পিছৰ বুধবাৰেহে৷ তিৱাসকলৰ মানত বুধবাৰ এটি অতি পৱিত্ৰ দিন৷ ছগ্ৰামিছাৱাৰ অৰ্থ হ’ল সকলোৱে মিলিজুলি নৃত্য-গীত কৰা৷ ফাগুন, চ’ত আৰু ব’হাগৰ আৰম্ভণিতে কোনো এটা নিৰ্দিষ্ট বুধবাৰে দিন ধাৰ্য কৰি উৎসৱৰ পাতনি মেলা হয়৷ এই উৎসৱ কেবাদিনো ধৰি চলে৷ উল্লেখ্য যে আদিতে তিৱা জনগোষ্ঠীৰ শাসন-কাৰ্য সুনিয়াৰিকৈ পৰিচালনাৰ বাবে ৰজাই সাতজন লৰক একো একোটা এলেকাৰ বাবে নিয়োগ কৰিছিল৷
তিৱা সমাজৰ বৰ্তমানেও এই লৰসকলে সামাজিক ৰীতি-নীতি পৰিচালনা কৰা দেখা যায়৷ সম্প্ৰতি কাৰবি আংলং জিলাৰ পশ্চিমাঞ্চলত এই লৰসকল বসবাস কৰি আছে৷ এই লৰসকল হৈছে- মাৰজংলৰ, আমজংলৰ, আমচাই লৰ, মাগ্ৰ লৰ, ৰংখাই আৰু লুমফৈ লৰ৷ লুমফৈ আৰু আমজং এই দুজন লৰ বৰ্তমান মেঘালয়ৰ পূৱ অঞ্চলত বসবাস কৰি আছে৷ এই তিৱা জনগোষ্ঠীৰ বিভিন্ন সামাজিক উৎসৱ ৰীতি-নীতিসমূহ সুপৰিচালনাৰ বাবে চাংদলৈ চাংমাজিক কেবাবছৰীয়া কাৰ্যকালৰ বাবে নিয়োগ কৰে৷
এই লৰ থকা গাঁৱতহে ছগ্ৰামিছৱা জাকজমকতাৰে পালন কৰা হয়৷ কিন্তু লৰৰ অধীনত থকা গাঁওসমূহত সমূহীয়া পূজা পাতি ৰাতিৰ ভিতৰতে [চামাডি’ত] নৃত্য-গীত সমাপন কৰি লগেভাগে চাংদলৈ চাংমাজিৰ ঘৰলৈ সমূহীয়া ভোজনলৈ যায়৷ ভোজনলৈ যোৱাটোক তলৰকতাৰা বুলি কোৱা হয়৷ প্ৰথমে চাংদলৈৰ ঘৰত, ক্ৰমে চাংমাজিৰ ঘৰত, সৰুমাৰ ঘৰত, ঠেঙামা খুৰামূলৰ ঘৰত ভোজন কৰি সকলোৱে গৃহস্থৰ কুশল কামনা কৰি আশীৰ্বাদ দি যায়৷ উৎসৱৰ সময়ছোৱাত লৰৰ গাঁৱত সম্পূৰ্ণ সাজ-পোছাক পিন্ধি খ্ৰাম পাংচী [বাঁহী] থুৰাং আদি বাদ্য-যন্ত্ৰ বজায়, লগতে খাইদং [এবিধ গছৰ মাজৰ পৰা উলিওৱা কুঁহিলা] সদৃশ মজ্জাৰ দ্বাৰা এবিধ ফুল আৰু ফুলৰ মুখা সজোৱা হয় তাক খুমখাদি বোলে৷ নৃত্যৰ সময়ত কলপাতেৰে বস্ত্ৰ সজায় পৰিধান কৰা হয়৷ তাক চিগাখেল বোলে৷ মাইচিচাৰ [ধানৰ আগলোৱা] পিছদিনা লৰৰ ঘৰৰ পথাৰত বিষয়ববীয়াসকল গোট হৈ বৰঘৰলৈ [নবাৰ] যায় আৰু চাৰি প্ৰাই, চাৰিকৰাক প্ৰণাম জনায় নতুন বাঁহীৰ বাবে বাঁহ কাটিবলৈ যায়৷ ছগ্ৰা পৰিচালনাৰ মুখ্য পৃষ্ঠপোষক হিচাপে লৰ আৰু হাদাৰী নিৰ্দিষ্ট এডোখৰ ঠাই [বিজুলী বাঁহৰ তল] চাফ-চিকুণ কৰি লৰই সাতোখন কলপাত স্থাপন কৰি তামোল-পাণ আৰু এটা শিকি আগবঢ়ায়৷ জেলাই [পুৰোহিত] লোটা এটাৰ পৰা পানী ছটিয়াই ঠাইখিনি পৱিত্ৰ কৰি সাতোটা তৰা পাত পাৰি তামোল-পাণ আৰু মদ আগবঢ়ায়৷ ইয়াৰ পিছতে চাৰি ভাই চাৰি কৰাক, বাঁহৰ দেৱতাক আৰু পৃথিৱীক স্তুতি কৰি ছগ্ৰা-মিছৱাৰ বাবে বাওঁ কটাৰ অনুমতি বিচাৰে৷ চাংদলৈয়ে মদাৰ গছৰ পৰা মিন্দাই খ্ৰাই প্ৰস্তুত কৰে আৰু বাওঁহাতে এখন তৰাপাতত প্ৰয়াত পিতৃ, পিতামহসকলৰ পৰম্পৰা ৰক্ষা কৰাত সহায়ক হবলৈ জেলাইয়ে স্তুতি গীত গায় পিছত চাংদলৈয়ে সেই স্তুতি গীতৰ পুনৰাবৃত্তি কৰে৷
পুৰোহিত জেলাই দেৱতাক উদ্দেশ্যি মদ উছৰ্গা কৰাৰ পিছত সকলোৱে সেই মদ গ্ৰহণ কৰি বাঁহীৰ বাবে বাঁহ কাটিবলৈ যায় আৰু পূজাস্থলীলৈ আহে৷ অপদেৱতাৰ কোপদৃষ্টিৰ পৰা ৰক্ষা পাবলৈ পূজাস্থলীত সেৱা জনাই লগত নিয়া সাতোটা বাঁহী কোবাই ভাঙি থৈ বাঁহ কান্ধত লৈ কুৰুহে কুৰুহে [হে গুৰু] ধবনিৰে গাঁওলৈ উভতে৷ ইয়াক ‘পাংশী টানা’ বোলা হয়৷ তিৱাসকলে ছগ্ৰামিছাৱাত কেবা প্ৰকাৰো বাদ্য যন্ত্ৰ ব্যৱহাৰ কৰে তাৰ ভিতৰত উল্লেখযোগ্য থুৰাং বাঁহী৷ ই বিজুলী বাঁহৰ দুটা পাবেৰে সংযুক্ত দুটা বিন্ধাযুক্ত এবিধ বিশেষ দীঘল বাঁহী৷ তদুপৰি দগাৰা বা তুম্বাঙ লেখত ল’বলগীয়া৷ ইয়াৰ আকৃতি [সৰু] নাগাৰাৰ দৰে৷ খ্ৰাম এবিধ দীঘল কাঠৰ দুইমূৰে প্ৰায় সমান আকৃতিৰ ঘুণ লগোৱা ঢোল৷ তিৱাসকলে এই বাদ্যযন্ত্ৰসমূহ চামাদিত তুলি ৰখাৰ নিয়ম৷ চামাদিৰ মাজৰ খঁুটাটোক ‘মিন্দাইনে থুনা’ বোলা হয়৷ ইয়াক মহাদেৱৰ প্ৰতীক আখ্যা দিয়া হয়৷ চাংদলৈয়ে চামাদিৰ মাজত দুটা ‘মিন্দাইনে থুনা’, কাষত কৌপাতত সাতোটা তামোল আৰু সাতখিলা পাণদি থাপে৷ লগতে এডাৰণ মদো স্থাপন কৰে৷ ডাৰণৰ পৰা মদ ঢালি মিন্দাইনে থুনাক প্ৰাৰ্থনা জনায় তাৰ পিছত চামাদিৰ সমবেত সকলো ডেকাই মদ পান কৰে৷ এই স্তুতিৰ তাৎপৰ্য হ’ল মহাদেৱৰ পৰা নতুন বাঁহী সজাবৰ অনুমতি বিচৰা৷ এনে কাৰ্যক পাংশী ফেলানি বোলা হয়৷ সেইদিনা সকলো ডেকাই মিলি খৰি খেৰ আনি ডেকাচাঙত থকা জুইশালত ডাঙৰকৈ চাংদলৈয়ে একুৰা জুই জ্বলাই আনুষ্ঠানিকভাৱে পাংশী আৰু থুৰাঙত ফুটা কৰে৷ ইয়াৰ পিছত ডেকাচাঙৰ তলত সন্ধ্যা ডাঙৰকৈ জুই জ্বলাই লৈ ছগ্ৰাৰ আখৰা আৰম্ভ কৰে৷ সেই সময়ছোৱাত যিকোনো কামত গাফিলতি কৰিলে চাংদলৈয়ে সেই ব্যক্তিক এপাচি কৈ চাউল জৰিমনা কৰে আৰু উক্ত জৰিমনাৰ চাউল ছগ্ৰাৰ বাবে মদ প্ৰস্তুত কৰোতে ব্যৱহাৰ কৰে৷ ইয়াৰ ওপৰিও প্ৰতিঘৰৰ পৰা উৎসৱৰ বাবে চাউল সংগ্ৰহ কৰা হয়৷ উৎসৱৰ স্থলী ভালকৈ পৰিষ্কাৰ কৰাৰ লগতে গাঁৱৰ আলি-পদূলি ইত্যাদিও পৰিষ্কাৰ কৰা হয়৷ ছগ্ৰামিছাৱা উৎসৱৰ স্থলীৰ পৰা চামাদিৰ কাষলৈকে বিবিধ ফুলকাটি জাক-জমকতাৰে কেবাখনো তোৰণ সজোৱা হয়৷ বাৰীৰ পৰা আলু-কচু আদিকে ধৰি বিবিধ শাক-তৰকাৰী তুলি আনি ডেকাচাঙৰ চোতালত জমা কৰি ৰাখে৷ নতুনকৈ তৈয়াৰ কৰা বাঁহী বিলাক আগতেই স্থাপন কৰি ৰখা মিন্দাই খামৰ কাষত ৰখা হয়৷ চাংদলৈয়ে চাৰিভাই, চাৰি কৰাক উদ্দেশি গাঁৱৰ এমূৰত মদাৰ গছৰ এটা ডাল পোতে৷ সন্ধিয়া পাণ্ঠাই [ডেকা] সকলে চাংদলৈক পাণ-তামোল আগবঢ়াই সন্মান জনায়৷ আকৌ এই পাণ-তামোল চাংদলৈয়ে সমূহ ৰাইজলৈ আগবঢ়াই আগন্তুক উৎসৱত সম্ভাৱ্য অনিচ্ছাকৃত ক্ৰুটিৰ বাবে ক্ষমা বিচাৰে৷ বৃহস্পতিবাৰে পাণ্ঠাইসকলে উৎসৱৰ বাবে প্ৰয়োজনীয় চুঙা কৌপাত আদি যোগাৰ কৰি ৰাখে৷ উক্ত দিনা চাংদলৈয়ে একুৰা ডাঙৰ জুই ধৰে আৰু গুৰু খেলৰ বাদ্যৰ ছেৱে ছেৱে পাণ্ঠাইসকলে বৃত্তাকাৰে জুইকুৰাৰ চাৰিওফালে নৃত্য গীতৰ আখৰা কৰে৷ চাংদলৈয়ে চামাদিৰ মিন্দাইনে থুনাত কণী কাটি সাম্ভাৱ্য ভুল ক্ৰটিৰ বাবে ক্ষমা মাগি মিন্দাই দেৱতাক প্ৰাৰ্থনা জনায়৷ এই ছগ্ৰা উৎসৱৰ সময়ত কেতবোৰ কঠোৰ বিধি গাঁওবাৰীকাৰ নিৰ্দেশ মৰ্মে চাৰি দিনৰ আগৰ পৰা মানি চলিব লগা হয়৷ এই নীতি অমান্য কৰিলে কঠোৰ শাস্তি বিহা হয়৷ চেণ্ডেল, জোতা পিন্ধাত বাধা থাকে, কাপোৰ ধোৱা, বোৱা-কটা, ঢেকী দিয়া, চাউল নজৰা, নখ চুলি নকটা, গছ নকটা, কোৰ নমৰা, ভঁৰাল ঘৰ চোৱা, হাল নোৱোবা, ধুমপাণ নকৰা, অন্য বাদ্য নবজোৱা আদি নিয়ম পালন কৰাটো বাধ্যতামূলক৷ আলহীয়েও এনে নীতি পালন কৰিব লাগে আৰু ফুৰাখেলে সবিশেষ এইবোৰ তদাৰক কৰি চাংদলৈক জানিবলৈ দিয়ে৷ নীতি উলংঘনকাৰীক শাস্তি বিহে৷ ৰাতি পুৰোহিতে বয়োবৃদ্ধসকলক লগত লৈ বৰ ঘৰত চাৰি ভাই চাৰিকৰাক উদ্দেশ্যি পূজা দিয়ে৷ বৰঘৰৰ ৰন্ধন শালৰ সোঁফালে সাতখন কৌপাতত চাৰিভাই চাৰিকৰাক আৰু সাতখন কৌপাতত দেও পিতামহসকলৰ নামত চাউল, পিঠাগুৰি আৰু তামোল পাণ উছৰ্গি পূজা কৰা হয়৷ পুৰোহিতে দুটা মতা ৰঙা চৰাই আৰু দুজনী মাইকী চৰাইৰ পেটু, তেজ পাতত দি উছৰ্গা কৰি স্ততি গীত গায় আৰু পিছত চৰাইৰ ৰন্ধা মঙহ দেৱতালৈ উছৰ্গা কৰি বাকীবোৰ সমবেতসকলৰ মাজত ভগাই খোৱা হয়৷ পিছত পুৰোহিতক বৰজেলাই সাতোটা তামোল পাণেৰে মান ধৰি চামাদিলৈ আগবঢ়াই দিয়ে৷ চাংদলৈয়ে চামাদিত পুনৰ একুৰা ডাঙৰ জুই ধৰে আৰু কণী কাটে৷ গুৰুখেলে খ্ৰাম আৰু থোৰাঙৰ সুৰধবনিৰে উৎসৱৰ স্থলী মুখৰিত কৰি তোলে আৰু নৃত্যগীত উপভোগ কৰা গাঁৱৰ ডেকা-গাভৰু, বুঢ়া-বুঢ়ী, বোৱাৰী-জীয়ৰী আনন্দত মতলীয়া হৈ পৰে৷ ছগ্ৰাৰ গীতবোৰ সাধাৰণতে প্ৰেমমূলক -য’ত অসমৰ গ্ৰাম্য জীৱনৰ আশা আকাংক্ষা হাঁহি-কান্দোন, যুৱক-যুৱতীৰ বিৰহ আদি প্ৰতিফলিত হোৱা দেখা যায়৷ এই গীতবোৰত অসমৰ বনগীতৰ লেখীয়া ভাবৰ উমান পোৱা যায় যদিও কিছুমান গীতত গুৰু বন্দনাৰ ধবনিও প্ৰতিধবনিত হোৱা দেখা যায়৷
এইখিনিতে তেনে দুটি গীতৰ গফা উল্লেখ কৰা হ’ল৷
[এক] ফিদ্ ফিদ্ ফিদ্ চ্যিঙে চনা নাচুনীনে নেম্
ফিদ্ ফিদ্ ফিদ্ চ্যিঙে ৰুফা নাচুনীনে চেম্
অ চনাচিং নাচুনী খাদ লাই টিলাপ্দত
অ ৰুফাচিং নাচুনী মণ্ডলাই টিলাপ্দত
খাৰইফা্ লিগাইব হেবে নেম্গ তাগাৰদেই
তিলংফাৰ্ লিগাইব হেবে চেমগ তাগাৰ দেই
অৰ্থ এনেঃ
আহিছে আহিছে আমাৰ নটৰাজৰ
সোণসেৰীয়া সংস্কৃতি৷
আহিছে আহিছে আমাৰ নটৰাজৰ
ৰূপসেৰীয়া সংস্কৃতি
অ সোণসেৰীয়া সংস্কৃতিৰ গুৰু
আমাৰ চেতনাক জাগ্ৰত কৰি দিয়া
অ ৰূপালীম সংস্কৃতিৰ গুৰু
আমাৰ চেতনাক জাগ্ৰত কৰি তোলা৷
হেবে চাৰে চেম হনগাইদ-
গুৰু চডঙা নে নেম৷
ইয়াৰ অৰ্থ এনেঃ
এয়া কাৰ সংস্কৃতি বুলিলে-
গুৰু নটৰাজৰ সংস্কৃতি,
এয়া কাৰ সংস্কৃতি বুলিলে-
গুৰু চডঙাৰ সংস্কৃতি৷
ছগ্ৰাত একোটা গীত সাতবাৰকৈ গোৱাৰ নিয়ম৷ এদল ভাগৰি পৰিলে আন এটি নৃত্য-গীতৰ দলে শাৰী পাতি পুনৰ নৃত্য-গীত আৰম্ভ কৰে৷ নৃত্য-গীত অবিৰতভাৱেই চলি থাকে৷ বাদ্যকাৰ সকলৰো সালসলনি নহয়৷ ৰাতি পুৱাৰ লগে লগে চামাদিৰ পৰা সকলোৱে গৈ বিষয়ববীয়াসকলৰ ঘৰত নৃত্য-গীত কৰে৷ ভাণ্ডাৰী খেলে পুৰোহিতৰ নিৰ্দেশ মতে ৰন্ধা-বঢ়া কাম কৰে৷ ছগ্ৰাৰ দিনকেইটাত চামচুৰি, মায়ং মুচুৱা আদি পাত খাৰদি ৰান্ধি খোৱাৰ নিয়ম৷ পিছত গাঁৱৰ বয়োজ্যেষ্ঠসকলক বৰঘৰলৈ আনি নৃত্য-গীত পৰিৱেশন কৰে আৰু এই নৃত্য চাংমাজিয়ে লক্ষ্য কৰি থাকে৷ সেই সময়ত চাংদলৈৰ অনুৰোধত সকলোৱে মদ পাণ কৰে আৰু মাজৰ জুইকুৰা ফুৰা খেলৰ মুৰব্বীয়ে চাই থাকে৷ নৃত্য চোৱাৰ সময়ত লৰচৰ নকৰাকৈ সকলোৱে বহি থাকিব লাগে৷
ৰন্ধনকাৰ্য শেষ হ’লে ভাণ্ডাৰী খেলে কৌপাতত খোৱাৰ দিহা কৰে আৰু নৃত্য-গীত কৰাসকলে পাল পাতি খাদ্য গ্ৰহণ কৰে৷ চাংমাজি, চাংদলৈ আৰু বয়োবৃদ্ধসকলে কেৱল মদহে ব্যৱহাৰ কৰে৷ বৰঘৰৰ বাটচ’ৰাত এইদৰে বহুবাৰ নৃত্য-গীত কৰাৰ পিছত ক্ৰমান্বয়ে গাঁৱৰ মুখিয়াল লোকসকলৰ ঘৰত নৃত্য-গীত কৰে৷ সেই মুহূৰ্তত চামাদিত ননচা পাঁচবিধ নতুন নাচ আৰু গীত পৰিৱেশন কৰা হয়৷
উৎসৱৰ চতুৰ্থ দিনা উৎসৱৰ সকলো বাধা নিষেধ বাতিল কৰা হয়৷ ইয়াৰ পিছত চামাদিলৈ সকলোৱে প্ৰত্যাৱৰ্তন কৰাৰ লগে লগে চাংদলৈয়ে, এই চামাদিতে চাৰিভাই চাৰিকৰাৰ প্ৰতীক মিন্দাইলৈ সেৱা জনাই উৎসৱৰ সফল সামৰণি সূচনা কৰে৷ উক্ত সময়ৰ পৰা উৎসৱৰ স্থলীৰ চৌপাশে এটি গহীন-গম্ভীৰ পৰিৱেশৰ সৃষ্টি হয়৷ সকলোৰে মনত এটি ৰিঙা ৰিঙা ভাৱৰ উদয় হয়, উৎসৱত যোগদান নকৰাসকলেও উৎসৱৰ এই সামৰণিৰ পৰ্বত উপস্থিত হয়৷ চাংদলৈয়ে ডাঙৰকৈ একুৰা জুই ধৰে আৰু বাদ্যকাৰসকলে গুৰুগম্ভীৰ ছেৱৰ ৰাগিনী তোলে৷ এই সময়ত তিনিবিধ নতুন নৃত্যৰ পৰিৱেশন কৰা হয়৷ পুৰোহিতে চাৰিভাই চাৰিকৰাৰ উদ্দেশ্যি এটা ৰঙা চৰাই হাতত তুলি প্ৰাৰ্থনা জনাই ঠেং এটি মুচৰি এৰি দিয়ে৷ তেতিয়া থোৰাং বাদকসকলৰ দুধাৰি চকুলো নিগৰি বয়৷ ওজা খেলৰ থোৰাঙত হিয়া ভগা কৰুণ বিণনি ভাহে৷ বাঁহী বাদকসকলেও তেওঁলোকৰ বাঁহীৰ কৰুণ সুৰৰ মূৰ্চনা তুলি এজন এজনকৈ আহি নিজৰ নিজৰ বাঁহীবোৰ মিন্দাইফাত কোবাই ভাঙে৷ এই শোকাকুল পৰিৱেশে সমবেত সকলোৰে অন্তৰ দুখত ম্ৰিয়মান কৰি তোলে, বোৱাৰী-জীয়ৰী সকলোৱে উচুপনি তোলে৷ ৰাতি কেৱল খ্ৰাম বজাইহে নৃত্য কৰা হয়৷ ইয়াত ওজা খেলেহে মাত্ৰ অংশগ্ৰহণ কৰে৷ চাংদলৈ, চাংমাজি আৰু লৰই ফা-মহাদেউক উদ্দেশ্যি নৃত্য আৰম্ভ কৰে৷ কোনেও ননচা সাতোটা নৃত্য কৰি সদৌ শেষত পুৰোহিতে নতুন নৃত্যৰে ছগ্ৰা উৎসৱৰ সফল সামৰণি মাৰে৷
এইদৰে তিৱাসকলে স্বকীয়তাৰ আজিও নিজৰ কলাকৃষ্টি পৰম্পৰাগতভাৱে পালন কৰি জাতিৰ ঐতিহ্য অটুট ৰাখিবলৈ সমৰ্থ হৈছে৷ উন্নত অনুশীলন আৰু বিজ্ঞানসন্মত গৱেষণাৰ জৰিয়তে তিৱাসকলে হয়তো অতীতৰ আৰু বহু হেৰুওৱা কৃষ্টি, নৃত্য-গীত উৎসৱাদি উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব৷
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩

No comments:
Post a Comment