শৰতৰ হিৰন্ময় শংখৰ সুৰে সুৱাসিত হৈ উঠক সময় - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, November 1, 2023

শৰতৰ হিৰন্ময় শংখৰ সুৰে সুৱাসিত হৈ উঠক সময়



শৰতৰ হিৰন্ময় শংখৰ সুৰে সুৱাসিত হৈ উঠক সময়


অংকুৰণ আৰ্ফ


   ভাদ মাহে অসমীৰ আকাশত আঁৰি দিয়ে এখনি ভকতিৰ চন্দ্ৰতাপ। এই চন্দ্ৰতাপৰ শুভ্ৰতাত আৰু অধিক ৰহণ সানি সোণত সুৱগা চ'ৰা কৰিবলৈ আগমন হয় আহিনৰ। আহিন নামটোৱেই এক আকৰ্ষণ, এক সন্মোহনী মায়া। আহিন আহে , ভক্তিৰ পোহৰেৰে উজ্বল চন্দ্ৰতাপত সংস্কৃতিৰ সুগন্ধি সানি শেৱালি ফুলেৰে শোভা বঢ়ায়। আহিন মানেই যেন আন্ধাৰ সদৃশ দুষ্কৃতিৰ বিনাশ কৰি নিনাদিত হৈ উঠা সংস্কৃতিৰ শুভ শংখৰ মাত। আহিন মানেই যেন ৰূপকোঁৱৰে কৈ যোৱা -"সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে" এই আলোকমন্ত্ৰৰ উচ্চাৰণৰ সময়। আহিন মানে মায়াময় প্ৰকৃতিৰ লাৱণ্য ভৰা ৰূপ। আহিনৰ বুকুত যেন ফুলি উঠে কেওপিনে একো একোটা কবিতা। হীৰুদাৰ ভাষাৰে "তামস আকাশখৰ স্তব্ধতা ভাঙে কোমল কহুঁৱা ফুলে। কবিতাৰো বতৰ আছে আহিনৰ আকাশে আহি কাণে কাণে ক'লে। "আহিন মানেই যেন মায়াবী ৰাতি নিয়ৰ আৰু শেৱালিৰ এক নিবিড় আন্তৰিক আলিংগন। আহিন যেন অনুভৱৰ এখন বৰ্ণিল পৃথিৱী। য'ত প্ৰকৃতিৰ প্ৰতিটো বস্তুত ৰূপ, গন্ধ, বৰ্ণ, আৰু স্বাদৰ অনুপম মুগ্ধময় মন্ত্ৰৰ সমাহাৰ ঘটে। কিয়নো আহিনৰ এই বৈভৱ লৈ ধৰাৰ বুকুলৈ নামি আহে ঋতুৰাণী শৰত। শৰতৰ আগমন ঘটাৰ লগে লগে দশোদিশে অপৰূপ সৌন্দৰ্য আৰু সুৱাসে জাতিষ্কাৰ হৈ পৰে এই জগত। মানৱ প্ৰাণত শৰতে সানি দিয়ে এক মায়াবী আধ্যাত্মিক আৱেশ। শৰত কালত উদযাপিত হোৱা দূৰ্গা পূজাকে ধৰি বিভিন্ন দেৱ- দেৱী পূজা-অৰ্চনা, কাতি বিহু, ৰাসলীলা ইত্যাদি উতসৱ পাৰ্বনে এই সময় মোহনীয় কৰি তুলে। শৰত কালে সিঁচি দিয়া আধ্যাত্মিক আৱেশে মানৱ প্ৰাণক যুগে যুগে মুগ্ধ কৰি আহিছে। ভগৱান শ্ৰী ৰামচন্দ্ৰই দূৰ্গাদেৱীক কৰা অকাল বোধন,ৰাৱণক বধ কৰি ৰামচন্দ্ৰ অয্যোধালৈ উভতি আহোতে প্ৰজাগণে চৰ্তুদিশে চাকি জ্বলাই কৰা আনন্দ- উল্লাস, অসমীয়া সমাজত তুলসী তলৰ লোকবিশ্বাস - এই পৌৰাণিক জনবিশ্বাসবোৰে শৰত কালৰ গৰিমা দুগুণে বঢ়ায়। আহিন অথবা শৰতে সানি দিয়া আধ্যাত্মিক আৱেশত ডুবি মানুহৰ মনবোৰৰ মলিনতা আঁতৰাই আত্মাৰ পৰা আত্মশুদ্ধি হৈ পবিত্ৰ হোৱা উচিত। শৰত যিহেতু সুন্দৰৰ সময়। সুন্দৰৰ ভেটিতেই সংস্কৃতিয়ে শিপায়। সংস্কৃতিয়ে সদায় মানুহৰ মনৰ- আচৰণৰ-কাৰ্যৰ সুন্দৰ দিশটোক ফুটাই তুলে, গতিকে এই পবিত্ৰ শৰত কালত এই ধৰাত দুষ্কৃতিৰ আসুৰিক প্ৰবৃত্তিৰ প্ৰতীক মহিকাসুৰক বধ কৰি মা দুৰ্গা দেৱীয়ে কুশল- কল্যানময়, শান্তি-সম্প্ৰীতিৰ বাতাবৰণ প্ৰতিষ্ঠা কৰাৰ দৰে আজিৰ সমাজৰ সকলো অশুভ শক্তি বিনাশ কৰি মানুহে নিজৰ মনৰ-আচৰণৰ -কাৰ্যৰ সুন্দৰ দিশটোক ফুটাই তুলি এই পৃথিৱীত প্ৰতিষ্ঠা কৰক সত্যম শিৱম সুন্দৰম। য'ত নিনাদিত হৈ উঠক মানৱ মংগলৰ শুভ শংখ।


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩




 

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages