প্ৰেমে খানে বুকুৰ ভিতৰখন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, December 31, 2023

প্ৰেমে খানে বুকুৰ ভিতৰখন

 


প্ৰেমে খানে বুকুৰ ভিতৰখন

ত্ৰিৰঞ্জন টাইড


প্ৰেমে খানে মোৰ বুকুৰ ভিতৰখন 

প্ৰেমে খানে মোৰ বুকুৰ জগতখন


প্ৰেমে খানে মোৰ বুকুৰ ভিতৰেদি এটা বিস্তীৰ্ণ সুৰংগ পথ

অদৃশ্য পথ


আহ যাহ কৰে 

ৰঙা নীলা হালধীয়া শব্দ 


প্ৰেমে খানে মোৰ বুকুৰ ভিতৰখন।


প্ৰেমৰ বাবেই ফুলি উঠে হালধীয়া গাভৰু হৈ

মোৰ বুকুৰ অৰণ্য 

প্ৰেমৰ বাবেই ফুলি উঠে গোলপীয়া গাভৰু হৈ মোৰ বুকুৰ বনাঞ্চল।


জানাই নহয়

প্ৰেমৰ ভোক আছে 

ভোক আছে বাবেই প্ৰেমে খানে মোৰ বুকুৰ ভিতৰখন


প্ৰেমৰ ভোক আছে বাবেই

ভোকত পকি উঠে মোৰ বুকুত দুপৰীয়াটো পকা সুমথিৰা টেঙাৰ দৰে,


প্ৰেমৰ ভোক আছে বাবেই

পিয়াহত শুকাই ক্ষীণাই পৰে মোৰ বুকুত জলোৎসৱ নদীবোৰ।।

               

এৰা !

প্ৰেমৰ বাবেই

মোৰ বুকুত নুফুলা ফুলবোৰো ফুলিব শিকিলে হালধীয়া গাভৰু হৈ

নবলা বতাহবোৰো বলিব শিকিলে চেঙেলীয়া ডেকা ডেকেৰী হৈ।


তাতোতকৈ এটা ডাঙৰ কথা 

প্ৰেমত পৰি

মোৰ বুকুৰ অজলা পাহাৰবোৰেও বগাব শিকিলে তোমাৰ বুকুৰ পাহাৰ 

মোৰ বুকুৰ অজলা নদীবোৰেও খহাব শিকিলে তোমাৰ বুকুৰ উচ্চ পাহাৰ।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages