দুটা কবিতা
শৰৎ হাজৰিকা
গোলাঘাট
প্ৰথম প্ৰহৰৰ বৰষুণত
প্ৰথম প্ৰহৰৰ বৰষুণত
মই পখালি ল’ব বিচাৰো
নিজৰে মুখ
যিখন মুখত তিনি-মুনি সন্ধ্যাৰ সাম্ৰাজ্য
যিখন মুখত নিজৰে ভৰিৰ তলৰ
মাটি হেৰুওৱাৰ দাগ
সেই দাগ আৰু বতাহৰ নেগুৰক
মই পুতি পেলাব বিচাৰো
প্ৰথম প্ৰহৰৰ বৰষুণৰ পানীৰে ৷
প্ৰথম প্ৰহৰৰ বৰষুণৰ পিছত
প্ৰথম প্ৰহৰৰ বৰষুণৰ পিছত
দ্বিতীয় প্ৰহৰৰ পোহৰত
মই তোমাৰ টোপনিত থকা মুখখন চাম
যিখন মুখত মই মাটিচম্পাৰ মেঘকনা দেখোঁ
যিখন মুখত মই অন্তহীন ৰ’দৰ গছপাত দেখোঁ
মই এই মেঘকনা আৰু গছপাতৰ
বোকোচাত বহোঁ
আৰু সী লওঁ তৃতীয় প্ৰহৰৰ বৰষুণৰ চোলা।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৪
No comments:
Post a Comment